....... সম্পূৰ্ণ এসপ্তাহৰ অন্ততঃ সুস্থ হৈ উঠিল বৈশালী । পুৱাতেই ভালদৰে গা মূৰ তিয়াই চুলিখিনিৰ আঁউল ভাঙি আইনাখনত নিজৰ মুখখন ভালদৰে এবাৰ চালে বৈশালীয়ে । ( Assamese Storyboard )
কপালত ৰঙা ফুটটো লগাই বাহিৰলৈ ওলাই আহি মাত লগালে কল্যাণীক .....বাইদেউ , ক'ত আছে । এইফালে আহকচোন....!
: আগফালে আছোঁ আহাঁ । বাৰাণ্ডাৰ পৰাই মাত লগালে কল্যাণীয়ে । বাহিৰলৈ ওলাই আহি বৈশালীও কল্যাণীৰ কাষতে বহিলে ।
: আপোনাৰ এই মহনুভৱতা মই কেতিয়াও পাহৰিব নোৱাৰিম । আপোনালোকৰ ঘৰখনৰ সকলোৱে মোক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিলে । সঁচাকৈয়ে নিজকে মই বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ ।
: আমাৰ ঘৰৰ কাৰোৰে মনত আপোন পৰ এইবোৰ ভাৱ নাই । কেৱল তুমি বুলিয়েই নহয় , সকলো মানুহকেই সমান দৃষ্টিৰে চায় বৈশালী । এতিয়া তুমি মোক এটা সহায় কৰিব লাগিব ।
: কি সহায় বাইদেউ...? যদি পাৰোঁ নিশ্চয় কৰিম ।
: তুমি সঁচা কথা বিলাক পুলিচৰ আগত আৰু আদালতত ক'ব লাগিব । তোমাৰ ভাষ্যৰ ওপৰতেই দোষীৰ শাস্তি নিৰ্ভৰ কৰিব ।
: আপুনি চিন্তা নকৰিব বাইদেই । মই সকলো সঁচা কথা কম , আপোনাৰ লগত ইন্দ্ৰনীল বৰুৱাই বহুত অন্যায় কৰিছে ।
: আমি আজি থানালৈ যাম বৈশালী । তুমি পুলিচক নিজ মুখেৰে সকলোবোৰ কথা কৈ দিবা । এইবাৰ ইন্দ্ৰনীলক সাৰি যাবলৈ দিব নোৱাৰি । তুমি ৰেডী হোৱাগৈ , সোনকালে ওলাই যাম আমি ।
: ঠিক আছে বাইদেউ । কথাষাৰ কৈ বৈশালী ভিতৰলৈ সোমাই আহিল । নিউজ পেপাৰখন টেবুলত থৈ উঠি আহিবলৈ লওঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল ।
: হেল্ল'....!
: কল্যাণী , মই কাজলে কৈছোঁ
: উম....! কৱ...! তোলৈ ফোন কৰিম বুলি ভাবোতেই তই ফোন কৰিলি ।
: হয়নেকি....! শুন...., ঔগুৰিৰ সেই ঘৰটো বুজৰবৰুৱাৰ ঘৰেই হয় । মই ভালেকেইজন মানুহক সুধিলোঁ । সেই ঘৰটোত থকা ভাড়াতিয়া মানুহকেইটাৰ লগতো মই কথা পাতিছিলোঁ ।
: কি কলে তেওঁলোকে....?
: অফিচৰ কিবা ফাইল এটাৰ কাৰণে কমল বুজৰবৰুৱা আৰু মীনা বুজৰবৰুৱাৰ মাজত কাজিয়া হৈছিল ।
: এক মিনিট কাজল...., কেনেবাকৈ সংগীতা ফুকনৰ ফাইলটো নহয়টো....! এদিন বুজৰবৰুৱাই সংগীতা ফুকনৰ কিবা ফাইল এটা হেৰুৱাৰ কথা কৈছিল ।
: হ'বও পাৰে । কিন্তু ফাইলটোৰ কাৰণেই ঘৈণীয়েক হত্যা কৰাতো বৰ আচৰিত কথা ...!
: হয়তো মীনা বুজৰবৰুৱাই সংগীতা ফুকনৰ হত্যাৰ সকলো খবৰ জানিছিল । সঁচা কথাবোৰ কৈ দিয়ে বুলি ভাবিয়েই মীনা বুজৰবৰুৱাক হত্যা কৰিছিল কমলে ।
: ময়ো তাকে ভাবিছোঁ । কিন্তু নীলক কিয় টানিলে সেইটোহে বুজি নাপালোঁ....!
: নিজৰ গাড়ীখন লৈ ওলাই গলে ভাড়াতিয়াৰ সন্দেহ হব বুলি ভাবিয়েই হয়টো নীলক মাতি আনিছিল ।
: সেইবোৰ বাদ দে কল্যাণী, বৈশালীৰ কি খবৰ...?
: তাই এতিয়া সম্পূৰ্ণ সুস্থ । আজি তাইক থানালৈ লৈ যাম বুলি ভাবিছোঁ ।
: ভালেই হ'ব । কিন্তু অলপ সাৱধানে যাবি । নীল যদিওঁ থানাত আছে তথাপিও তোক বহুতে ফ'ল' কৰি আছে ।
: সেয়ে অ'ট এখন ভাড়া কৰিয়েই যাম বুলি ভাবিছোঁ ।
: তহঁত দুজনী অকলে যোৱাতকৈ নিবিৰকো লগত লৈ যাবি । সাহস এটা হ'ব ।
: নিবিৰক লৈ যাব নোৱাৰোঁ । মা ঘৰত অকলে থাকিব নহয় । মোক একো কৰিব নোৱাৰি মাক যদি কিবা এটা কৰি দিয়ে তেতিয়া বৰ ডাঙৰ কথা হ'ব ।
: সেইটো বাৰু হয় । তই যিটো ভাল বুলি ভাব সেইটোৱেই কৰিবি । ভিডিও কেইটা ভালকৈ নিবি । মোবাইলত নিয়াতকৈ ডিছ এখন বনাই লৈ যাবি ।
: তই কোৱাৰ আগতেই মই ৰেডী কৰি থৈছোঁ ।
: এতিয়া ৰাখিছোঁ কল্যাণী । ৰেডী হৈ লওঁ ।
: ok , পাছত ফোন কৰিবি ।
ফোনটো কাটি দিলে কাজলে । ফোনটো হাতত লৈ কল্যাণী ভিতৰলৈ সোমাই আহিল । মোবাইলটো চার্জত লগাই লৰালৰিকৈ গাত শাড়ী এখন মেৰিয়াই ললে কল্যাণীয়ে । ...মা , খাবলৈ ৰেডী কৰক । বৈশালী আৰু মই কাম এটাত ওলাই যাম । নিজৰ ৰূমটোৰ পৰাই চিঞৰি কলে কল্যাণীয়ে । তৰুলতায়ো ডিছ দুখনত ফুলা ফুলা লুচী আৰু অমলেট এটা এটা দি ডিছ দুখন টেবুললৈ উলিয়াই দিলে । লুচিকেইখ খাই কল্যাণী আৰু বৈশালী ঘৰৰ পৰা ওলাই গ'ল । পকা ৰাস্তাটোৱে অলপ দূৰ খোজ কাঢ়ি গৈ অ'ট এখন ভাড়া কৰি কল্যাণী সদৰ থানা পালেগৈ । কল্যাণীক দেখিয়েই আৰক্ষী বিষয়াজনে মিচিকিয়া হাঁহি এটা মাৰি কল্যাণীক বহিবলৈ কলে ।
: মিছেছ বৰুৱানী , এখেত নিশ্চয় বৈশালী...!
: হয় ছাৰ । এওঁ বৈশালী...
: বৈশালী , কল্যাণীৰ মুখৰ পৰা সকলোবোৰ শুনিলোঁ । তথাপিওঁ তোমাৰ মুখৰ পৰা এবাৰ শুনিব বিচাৰিছোঁ ।
: ছাৰ , ভয় ভয়কৈ মাত দিলে বৈশালীয়ে ।
: ভয় কৰিব নালাগে বৈশালী । সঁচা কথাবোৰ কোৱা , তেতিয়াহে দোষীক উচিত শাস্তি দিব পৰা যাব ।
: সেইদিনা মই ইন্দ্ৰনীল বৰুৱা নামৰ মানুহজনক প্ৰথম লগ পাইছিলোঁ । ইভইনিং সময়ত তেওঁ মোক লগ কৰিবলৈ মাতিছিল , তেওঁৰ কথাবোৰ বিশ্বাস কৰি মই তেওঁক লগ কৰিবলৈ আহিছিলোঁ । অলপ সময় ৰেষ্টুৰেন্টত কথা বতৰা পতাৰ পাছত তেওঁ মোক ঘৰলৈ লৈ গৈছিল । মই যাবলৈ অলপো ইচ্ছা কৰা নাছিলোঁ কিন্তু তেওঁ মোক বহুত ৰিকুৱেষ্ট কৰিছিল । উপায়হীন মই তেওঁৰ লগত গুচি গৈছিলোঁ । ঘৰ গৈ পোৱাৰ পাছত তেওঁ মোক বেডৰূমত বহিবলৈ দিছিল । ভয়ে ভয়ে মই বহি আছিলোঁ । হঠাৎ কাৰেণ্ট নাইকিয়া হৈ গৈছিল , মোবাইলৰ ফ্লাচটো জ্বলাই ইন্দ্ৰনীল মোৰ ওচৰ চাপি আহিছিল । মই তেওঁক বাৰে বাৰে বাধা দিয়াৰ পাছতো । তেওঁ মোৰ ওপৰত জপিয়াই পৰিছিল । আৰু কাৰোবাক ফোন কৰি মাতিছিল । কিন্তু তেওঁলোক আহি পোৱাৰ আগতেই কল্যাণী বাইদেউ আহি উপস্থিত হৈছিল । ( Assamese Storyboard )
বৈশালীয়ে কৈ যোৱা কথাবোৰ ডায়েৰী এখনত লিখি ললে আৰক্ষী জনে । ...উম ! তাৰমানে ইন্দ্ৰনীল বৰুৱাই আপোনাক ধৰ্ষণ কৰিছিল...!
: হয় ছাৰ । তাৰ পাছত হয়টো ইন্দ্ৰনীল বৰুৱাই মোৰ এক্সিডেণ্ট কৰোৱাইছিল । কল্যাণী বাইদেউৰ লগত ঘৰৰ পৰা ওলাই অহাৰ পাছত পাছফালৰ পৰা গাড়ী এখন আহি মোক খুন্দিয়াই দিছিল ।
: প্ৰথমে ধৰ্ষণ তাৰ পাছত হত্যা..., বৰ সুন্দৰ পৰিকল্পনা কৰিছিল বৰুৱাই । কেনেবাকৈ মীনা বুজৰবৰুৱাৰ হত্যাকাণ্ডৰ ঘটনাটোৰ লগতো ইন্দ্ৰনীল বৰুৱা জড়িত হৈ নাইটো...!
: আপোনাৰ সন্দেহ সম্পূৰ্ণ সত্য ছাৰ । মোৰ হাতত প্ৰমাণ আছে । বেগটোৰ পৰা ডিছখন উলিয়াই আৰক্ষীজনৰ হাতত দিলে কল্যাণীয়ে । ডিছখন কম্পিউটাৰত লগাই ভিডিওটো প্লে কৰি দিয়াৰ লগে লগেই সকলোবোৰ ঘটনা পোহৰলৈ আহি গ'ল ।
: মিছেছ বৰুৱানী , কথা এটা ভাবি মই বৰ আচৰিত হৈছোঁ । আপুনি কেনেকৈ জানিলে যে আপোনাৰ স্বামীয়ে কাৰোবাক হত্যা কৰিবলৈ আহিছে....?
: কিছুদিনৰ পৰা মই নীলক লক্ষ্য কৰি আছিলোঁ । হঠাৎ নীল সলনি হৈ গৈছিল । সেয়ে সেইদিনা মই আৰু কাজল স্কুটি এখন লৈ তেওঁৰ পাছে পাছে আহিছিলোঁ । ডেডবডীটো গাড়ীত ভৰোৱাৰ পৰা জানটোত পেলোৱালৈকে সকলোবোৰ ঘটনা আমি দুয়োজনীয়ে লুকাই লুকাই ৰেকৰ্ডিং কৰিছিলোঁ । কেৱল সিমানেই নহয় ছাৰ সংগীতা ফুকনৰ হত্যাকাণ্ডৰ লগতো ইন্দ্ৰনীল বৰুৱা , কমল বুজৰবৰুৱা , আৰু আশুতুষ চক্ৰৱৰ্তী । বেগটো খুচৰি ফটো এখন উলিয়াই আৰক্ষী জনলৈ আগবঢ়াই দিলে কল্যাণীয়ে । ...এইজনেই আশুতুষ চক্ৰৱৰ্তী ।
: কমল বুজৰবৰুৱা.....? সৰাগুৰি থানাৰ ইন্সপেক্টৰ ।
: এনেকুৱা মানুহবোৰৰ কাৰণেই আৰক্ষীৰ বদনাম । আস্থা হেৰাই যায় মানুহৰ । মই বুজৰবৰুৱাৰ বিৰুদ্ধে অভিযোগ দিম । ৰক্ষকেই যদি ভক্ষক হয় সাধাৰণ মানুহে কেনেকৈ ন্যায় পাব । আপুনি চিন্তা নকৰিব মিছেছ বৰুৱানী , এইবাৰ কাকো সাৰি যাবলৈ দিয়া নহব । এতিয়া আমাৰ প্ৰধান কাম আশুতুষ চক্ৰৱৰ্তীত বিচাৰি উলিয়াটো । অপৰাধী যিমানেই চালাক নহওঁক কিয় কিবা নহয় কিবা ক্লু এৰি যাবই ।
: ছাৰ , আপোনাক আৰু এটা কথা জনাবলৈ পাহৰিছিলোঁৱেই । সংগীতা ফুকনৰ postmortem ৰিপৰ্টটো ভুৱা আছিল ছাৰ ।
: তাৰ কিবা প্ৰমাণ আছে আপোনাৰ হাতত....?
: প্ৰমাণ নোহোৱাকৈ কল্যাণীয়ে একো কথাই নকয় ছাৰ ।
: good ,
: এইটো চাওঁক , ভিডিওটো অন কৰি মোবাইলটো আগবঢ়াই দিলে কল্যাণীয়ে । .... টকাৰ মোহত অন্ধ হৈ তেওঁ সকলোবোৰ কথা চেটাৰ্জীয়ে নিজ মুখেৰেই স্বীকাৰ কৰিলে । ভিডিওটো ভালদৰে চালে আৰক্ষী বিষয়াজনে ।
: আপোনাৰ সাহস কিন্তু মানিব লাগিব । যিটো কাম পুলিচে কৰিব নোৱাৰিলে , সেইটো কাম আপুনি কৰি দেখুৱালে । আপোনাক ধন্যবাদ জনাবলৈও মোৰ ভাষাৰ অভাৱ হৈ মিছেছ বৰুৱানী।
কথাৰ মাজতে কনিষ্টবল এজনক চাহ আনিবলৈ ইংগিত দিলে আৰক্ষী বিষয়াজনে ।
: ধন্যবাদ দিব নালাগে ছাৰ । দোষীক উপযুক্ত শাস্তি দিলেই মই সুখী হম ।
: দোষীক এইবাৰ উপযুক্ত শাস্তি দিব লাগিব ।
কথা পাতি থাকোঁতেই চাহৰ কাপ তিনিটা আনি টেবুলখনত থৈ দিলেহি ।
: চাহ লওঁক বৰুৱানী । বৈশালী চাহ লোৱা । হাঁহি এটা মাৰি কলে আৰক্ষীজনে ।
: ধন্যবাদ ছাৰ ।
: Most welcome ,
চাহকন খাই কল্যাণী আৰু বৈশালী থানাৰ পৰা ওলাই আহি অ'টখনত উঠিবলৈ লওঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । এটা অচিনাকি নাম্বাৰ স্ক্ৰীণখনত ভাঁহি আহিল । ফোনটো কাটি দিলে কল্যাণীয়ে । বাৰে বাৰে ফোনটো বাজি থকা দেখি ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে ।
: হেল্ল'...! মিছেছ বৰুৱানী......! এটা অচিনাকী কণ্ঠ ভাঁহি আহিল ।
: হেল্ল'...., কোনে কৈছে আপুনি...? অলপ খঙেৰে কলে কল্যাণীয়ে ।
: মোক চিনি নাপাব । কিন্তু অতি সোনকালে লগ পাম আপোনাক । আপুনি পুলিচক কথাবোৰ কৈ দি বৰ ভাল কাম নকৰিলে কিন্তু.....! কথাষাৰ কৈয়ে ফোনটো কাটি দিলে মানুহজনে ।
...... কোন হ'ব পাৰে সেই মানুহজন ? তেওঁ কেনেকৈ জানিলে মই থানালৈ অহাৰ কথাটো....! কিন্তু এইটো মোৰ নতুন নাম্বাৰ ...! নাম্বাৰটো কেনেকৈ পালে....? কথাবোৰ ভাবি কল্যাণীৰ বৰ খং উঠিছিল । খঙত কল্যাণীৰ মুখখন ৰঙা গোলাপৰ দৰে ৰাঙলী হৈ পৰিছিল ।
: বাইদেউ, ইমানকৈ কি ভাবিছে আপুনি....?
: নাই...! একো ভবা নাই । ভাইটি যাওঁ ব'লা.... । লাহে লাহে অ'টখন আগুৱাই আহিল । থানাখন পাৰ হৈ কিছুদূৰ অহাৰ পাছত বগা ৰঙৰ গাড়ী এখনে অ'টখনৰ পিছ লবলৈ ধৰিলে । অ'ট চালকজনে ৰিয়েৰ ভিউ গ্লাছখনত গাড়ীখন দেখি অ'টখনৰ স্পীডটো কমাই দিলে । ....বাইদেউ , আপোনালোকক কোনোবাই ফ'ল' কৰি আছে । সৌ বগা গাড়ীখন চাওঁকচোন , আমাৰ পাছে পাছে আহি আছে ।
কল্যাণীয়ে বাহিৰলৈ এবাৰ মূৰটো উলিয়াই চালে । কল্যাণীৰ মুখখন দেখাৰ লগে লগেই গাড়ীখন স্পীডত আগবঢ়াই নিলে ।
ক্ৰমশঃ.....
✍🏻তীৰ্থ_পিন্টু_বড়া
মাজনিশাৰ উঁচুপনি ( খণ্ড_১১ ) - https://www.smj24.in/2022/09/assamese-storyboard_5.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
next 13 episode 😊😊
ReplyDeleteKhundar
ReplyDelete