এই কাহিনী এজন সৈনিকৰ হয়।যি জম্মু-কাশ্মীৰত যুদ্ধৰ বাবে গৈছিল। ( Assamese Storyboard )
যুদ্ধ সমাপ্ত হোৱাৰ পাছত যেতিয়ে-সেই সৈনিকজনৰ ঘৰলৈ উভতাৰ সময় আহিল-তেতিয়া সৈনিক জনে জম্মু-কাশ্মীৰৰ পৰা নিজৰ মাক-দেউতাকলৈ ফোন কৰিলে।
মা আৰু দেউতা মই ঘৰলৈ আহি আছো।কিন্তু ঘৰলৈ যোৱাৰ আগে-মই আপোনালোকক এটা কথা সুধিব বিচাৰিছো।মোৰ এজন বন্ধু আছে।যাক মই মোৰ লগত ঘৰলৈ নিব বিচাৰিছো।কি মই বন্ধুজনক নিব পাৰিম নে!নিশ্চয় বোপা।এয়াও কিবা সুধিব লগীয়া কথা নে!আমি তোমাৰ বন্ধুক লগ পালে বহুত সুখী হম।মাক-দেউতাকে উত্তৰ দিলে।কিন্তু প্ৰথমে আপোনালোকে এটা কথা জানি লওক-সৈনিকজনে কয় গল- যুদ্ধত সি বহুত বেয়াকৈ আঘাত প্ৰাপ্ত হল।সি এটা বাৰুদৰ সুৰংগত ভৰি থলে আৰু তেতিয়া সি নিজৰ এখন হাত আৰু এটা ভৰি হেৰুৱালে।এতিয়া তাৰ ওচৰত কোনো ঠাই নাই।যত সি যাব পাৰে।সেইবাবে মই তাক মোৰ লগত থাকিবলৈ নিব বিচাৰিছো।
সৈনিকজনৰ কথা শুনি মাকে কলে-বোপা,তোমাৰ বন্ধুৰ বিষয়ে জানি আমাৰ বৰ দুখ লাগিছে।যদি আমি তাৰ থকাৰ ব্যৱস্থা অন্য কৰবাত কৰোঁ। নহয় মা।মই বিচিৰিছো,সি আমাৰ লগতে থকাটো। কিন্তু বোপা!এতিয়া দেউতাকে কলে-তুমি বুজা নাই যে-তুমি কি বিচাৰিছা!এনেদৰে বিকলাংগ ব্যক্তি এজন আমাৰ বাবে বহুত ডাঙৰ বোজা হব। ( Assamese Storyboard )
আমাৰ নিজৰ জীৱন আছে-জীয়াবলৈ।আৰু আমি নিবিচাৰো যে-এনেধৰণৰ কোনো পৰিস্থিতি আমাৰ জীৱনলৈ আহে।মোৰ মতে-তুমি অকলেই ঘৰলৈ আহিব লাগে আৰু নিজৰ বন্ধুজনক তাতে এৰিব লাগে।সি নিজৰ জীৱন জীয়াবলৈ কিবা নহয় কিবা বাট উলিয়াই লব।
মাক-দেউতাকৰ কথা শুনি সৈনিকজনে ফোনটো কাটি দিলে।কিছু দিনৰ পাছত-সেই সৈনিকজনৰ মাক-দেউতাকলৈ জম্মু-কাশ্মীৰৰ পৰা এটা খবৰ আহিল যে-তেওঁলোকৰ পুত্ৰৰ এটা বিল্ডিংৰ পৰা মৃত্যু হৈছে।
পুলিচৰ মতে এয়া এক আত্মহত্যা হয়।তৎক্ষণাত মাক দেউতাকে জম্মু কাশ্মীৰলৈ বুলি ফ্লাইটৰ টিকেট কৰিলে-আৰু জম্মু-কাশ্মীৰ পালেগৈ।তাত তেওঁলোকক চহৰৰ মৃতলোকক ৰখা ঘৰলৈ লৈ গল।যত তেওঁলোকে নিজৰ পুত্ৰক চিনাক্ত কৰিব পাৰে।তেওঁলোকে নিজৰ পুত্ৰক চিনাক্ত কৰিলে।কিন্তু এয়া দেখা পায়-তেওঁলোকৰ কঁপনি উঠিল।কাৰণ-তেওঁলোকৰ পুত্ৰৰ-কেৱল এখন ভৰি,এখন হাত আছিল।
এই কাহিনীত যি মাক-দেউতাক আছে-তেওঁলোক আমাৰ মাজৰে বেলেগ ধৰণৰ লোকৰ দৰে হয়।যি নিজৰ সুবিধাক অধিক মহত্ব দিয়ে।সেই সকল লোকো-সেই তেনে ধৰণৰ লোকৰ লগত থাকিব,ভালপাব বা সময় অতিবাহিত কৰিব বিচাৰে-যি সুস্থ হয়,দেখিবলৈ ধুনীয়া হয়।বা যাৰ লগত থাকি তেওঁলোকে সুখ পায়।
তেওঁলোকে এনে লোকক পচন্দ নকৰে-যি দেখাত-সুন্দৰ,সুস্থ,স্মাৰ্ট নহয়।বা যাৰ লগত তেওঁলোকে সুখ নপায়।বা কোনো ৰূপতে তেওঁলোকৰ বাবে অসুবিধাজনক হয়।এওঁলোকে এনে লোকৰপৰা দূৰতে থাকে।কিন্তু কেতিয়াবা তেওঁলোকৰ এনে ব্যৱহাৰৰ বাবে-তেওঁলোকৰ সন্মুখত এনে পৰিস্হিতিৰ উৎপন্ন হয়-যি তেওঁলোকে ভুগিব লগীয়া হয়।
যি লোক যেনে নহঁওক কিয়-তেনেকৈয়ে আপোন কৰি লব লাগে আৰু প্ৰয়োজন হলে-তেনেলোকৰ সহায় কৰিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
So sad
ReplyDeleteভাল লাগিল
ReplyDeleteStory bur youtubet dibo parim ne?
ReplyDelete