.......... গেটখনৰ ওচৰত অ'ট এখন ৰখোৱা শব্দ শুনি আগফালৰ লাইটো জ্বলাই তৰুলতা ওলাই আহিল । গেটখন খুলি অ'টখন চোতাললৈকে সুমুৱাই আনি বৈশালীক কল্যাণীৰ ৰূমটোলৈ লৈ গল নিবিৰে। ...নিবিৰ কল্যাণী ক'ত....? ( Assamese Storyboard )
: বাৰ কিবা কাম আছে বোলে । আহোঁতে অলপ দেৰি হব ।
: লগতে লৈ আহিব পাৰিলি হেঁতেন...!
: এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে । সোনকালে চাহ একাপ দিয়া । চাহকণ খাই নাৰ্ছ এগৰাকী বিচাৰি যাব লাগিব ।
: যা তেন্তে হাতমুখ কেইটা ধুই লগৈ । মই চাহ কৰোগৈ । কথাষাৰ কৈয়ে তৰুলতা পাকঘৰলৈ সোমাই গ'ল । তেনেতে বৰষুণত তিতি জুৰুলি জুপুৰি হৈ কল্যাণীও ঘৰ সোমালহি ।
: বা , পালিহি...! কাম হল নে নাই তোৰ....?
: তহঁতৰ ভাগ্য ভাল নিবিৰ নহলে আজি বায়েৰৰ ডেডবডী ঘৰলৈ আহিলে হেঁতেন ।
: কিয় বা....?
: বতৰটো ডাৱৰীয়া কৰি অহা দেখি লৰালৰিকৈ ৰাস্তাটো পাৰ হবলৈ লওঁতেই গাড়ীএখনে মোক খুন্দিয়াবলৈ লৈছিল । luckily মই বাচি গলো । কিন্তু মোৰ লগতে পাৰ হোৱা আন এগৰাকী মানুহক মহতিয়াই পেলালে ।
: হে ভগৱান...! সেয়ে ৰাস্তা পাৰ হওঁতে তোক ভালকৈ পাৰ হ'বলৈ কওঁ ।
: মইতো বাচিম বুলি ভবাই নাছিলোঁ । কোনোবা এজনে মোক টানি লৈ অহাৰ বাবেহে মই বাচি গলো ।
: যা, কাপোৰবোৰ সলাই লগৈ । মায়ে চাহ কৰিছে । মোবাইল আৰু পাৰ্চটো ড্ৰয়িং ৰূমৰ টেবুলখনত থৈ কল্যাণী ৱাচ ৰূমত সোমাল । .....মা, চাহ আৰু একাপ কৰিব । বা'ওঁ পালেহি , ড্ৰয়িং ৰূমটোৰ পৰাই চিঞৰি কলে নিবিৰে । ৱাচ ৰূমতে তিতা কাপোৰ কেইটা সলাই কুৰ্তি এটা পিন্ধি ওলাই আহিল কল্যাণী ।
: বা, তোৰ ফোনটো বাজি আছিলে ।
: ৰিচিভ কৰিব নোৱাৰিলি । কোনে ফোন কৰিছিলে...?
: মই চোৱা নাই । দুবাৰমান বাজিছিলে ।
টেবুলৰ পৰা ফোনটো হাতত লৈ আগফালৰ বাৰাণ্ডাখনলৈ ওলাই গৈ মিছকলটো চাই কাজললৈ ফোন লগালে কল্যাণীয়ে ।
: ....ফোন কৰিছিলি !
: উম...! ৰিচিভ নকৰা দেখি বিজি আছ বুলি ভাবিলোঁ ।
: মই ৱাচ ৰূমত আছিলোঁ । গাড়ীৰ পৰা নামুতেই বৰষুণে পালে । গোটেইজনী টিতিলোঁ ।
: কামটো হ'ল নে নাই পিছে....?
: কামটো হ'ল বাৰু....। আকৌ নতুন এটা সমস্যা উদ্ভৱ হ'ল ।
: আকৌ কি সমস্যা হ'ল কল্যাণী....?
: আশুতুষ চক্ৰৱৰ্তী নামৰ ব্যক্তিজনক বিচাৰি উলিয়াটো মোৰ বাবে ডাঙৰ সমস্যা হৈ পৰিব কাজল ।
: আশুতুষ চক্ৰৱৰ্তী....! নামটো কৰবাত শুনা যেন লাগিছে । হয়টো ক'ৰবাত মই লগ পাইছোঁ মানুহজনক ।
: তই ভালকৈ মনত পেলাচোন কাজল...!
: কল্যাণী আশুতুষ চক্ৰৱৰ্তী এদিন আমাৰ অফিচলৈ আহিছিল । মোৰ মনত পৰিছে , সংগীতা ফুকনৰ হত্যাকাণ্ডৰ কেইদিনমান পাছতেই আমাৰ অফিচলৈ আহিছিল । ভিডিও ফুটেজবোৰ চালেই মানুহজনক মই চিনি পাম কল্যাণী । তেওঁ সেইদিনা ব্লু কালৰ চাৰ্ট এটা পিন্ধি আহিছিল ।
: তেতিয়া হ'লে তই মোক এইকণ হেল্প কৰি দিবি ।
: তই চিন্তা কৰিব নালাগে কল্যাণী । যিমান পাৰোঁ তোক সহায় কৰিম ।
: উম...! সংগীতা ফুকনৰ হত্যাৰ ৰহস্য উদ্ঘাটন হ'ল যেতিয়া মীনা বুজৰবৰুৱাৰ হত্যাকাণ্ডৰ ৰহস্যও পোহৰলৈ আনিব লাগিব ।
: তই পাৰিবি কল্যাণী । মই কালিলৈ সেই ঘৰটোলৈ এবাৰ যাম । তেতিয়াই গম পাই যাম সেইটো বুজৰবৰুৱাৰ ঘৰ নে আন কাৰোবাৰ ।
: ঠিক আছে কাজল ।। এতিয়া ৰাখিছোঁ দে । চাহকন খাই বৈশালীক টেবলেট খুৱাব লাগিব ।
: শুনচোন...! চেটাৰ্জীৰ ভিডিওটো মোলৈ পঠিয়াই দিবি ।
: ok , কালিলৈ মই বুজৰবৰুৱা আৰু ইন্দ্ৰনীলৰ নামত থানাত এখন এজাহাৰ দিম ।
: সঠিক সিদ্ধান্ত লৈছ কল্যাণী । হত্যাকাৰীয়ে উচিত শাস্তি পাব লাগে । তেতিয়াহে যদি ধৰ্ষণ হত্যা সমাজৰ পৰা নিঃশেষ হয় ।
: মইতো ইহঁতৰ ফাঁচী হোৱাটোৱেই বিচাৰো কল্যাণী । বুজৰবৰুৱাহঁত বৰ হাত দীঘল মানুহ সকলো মেনেজ কৰি দিয়ে বুলিহে চিন্তা হৈছে ।
: তোৰ হাতত সকলো প্ৰমাণ আছেই যেতিয়া হাত দীঘল হলেও একো মেনেজ কৰিব নোৱাৰিব । ( Assamese Storyboard )
: কাজল এতিয়া ৰাখিছোঁ দে । মায়ে চাহ খাবলৈ চিঞৰি আছে । ফোনটো কাটি দিলে কল্যাণীয়ে । দুৱাৰখন লাহেকৈ খুলি ভিতৰলৈ সোমাই আহিল কল্যাণী । ...মা, চাহ ক'ত থলে ...?
: ৰহ...! ঠাণ্ডা হৈ গ'ল । সেয়ে গৰম কৰিব লৈছোঁ । পাকঘৰৰ পৰাই উত্তৰ দিলে তৰুলতাই ।
..... বা, মই অলপ ওলাই যাওঁ , বাইকখন মেডিকেলতে থাকিলে নহয় । তই বৈশালী বাক চাবি ।
: পাৰিলে মেডিকেলৰ নাৰ্ছ এগৰাকীৰ লগতে কথা পাতি চাবিচোন ।
: তই চিন্তা কৰিব নালাগে । বিশালৰ বায়েকেও নাৰ্ছ কৰে তাইকে লৈ আহিম আহোঁতে ।
: হ'ব । তই যি ভাল দেখ কৰিবি । সোনকালে আহিবি কিন্তু....
বাইকৰ চাবিটো হাতত লৈ নিবিৰ ওলাই গ'ল । .....গৰমে গৰমে চাহ কাপ খাই লৱ মাজনী । নহলে আকৌ ঠাণ্ডা হৈ যাব । তৰুলতাই চাহৰ কাপটো আগবঢ়াই দিলে কল্যাণীলৈ । চাহৰ কাপটোত সোঁহা মাৰিবলৈ লওঁতেই বৈশালীয়ে মাত লগোৱা যেন শুনি চাহৰ কাপটো হাতত লৈ কল্যাণী বৈশালীৰ কাষ পালেহি । .... বৈশালী , গা বেয়া লাগিছে নেকি...?
: ভৰিৰ বিষটোৱে আকৌ ধৰিছে ।
: টেবলেট খালা নেকি....?
: নাই খোৱা ।
: ভাতকেইটামান খাই টেবলেট এটা খাই দিবা আৰাম পাই যাবা । ভাইটি গৈছে নাৰ্ছ আনিবলৈ । ইঞ্জেক্সন দুটাও ল'ব লাগিব নহয় ।
: মোৰ লগত আপোনাৰ মিছাতেই কষ্ট হৈছে বাইদেউ ।
: কিয় তেনেকৈ কৈছা বৈশালী । মোৰ একো কষ্ট হোৱা নাই । কিবা খাবা নেকি....? খাবলৈ মন গ'লে কবা , লাজ কৰিব নালাগে ।
কল্যাণীৰ কথা শুনি বৈশালীয়ে মাথোঁ মূৰ দুপিয়ালে । দুয়োজনীয়ে কথা পাতি থাকোঁতেই কলিং বেলটো বজাৰ শব্দ শুনি কল্যাণী বাহিৰলৈ ওলাই গৈ দুৱাৰখন খুলি দিলে । ইন্দ্ৰনীলক দেখাৰ লগে লগেই কল্যাণীৰ খং উঠি গ'ল । কল্যাণীয়ে কিবা কোৱাৰ আগতেই মুখ খুলিলে নীলে । ....কল্যাণী , তুমি মোক মাফ কৰি দিয়া । প্লীজ....! তোমাৰ শপত খাই কৈছোঁ আজিৰ পৰা আৰু এনেকুৱা ভুল নকৰোঁ । মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰি দুৱাৰখন বন্ধ কৰি দিলে কল্যাণীয়ে । উপায় নাপাই দুৱাৰখনত টুকৰ দিলে নীলে । দুৱাৰখনত টুকুৰিয়াই থকা শব্দ শুনি পাকঘৰৰ পৰা ওলাই আহিল তৰুলতা ।
: মাজনী , দুৱাৰত কোনোবাই টুকুৰীয়াই আছে । তুমি শুনা নাই নেকি....?
: শুনিছোঁ । এইখন ঘৰত হত্যাকাৰীৰ প্ৰৱেশ নিষেধ মা । দুৱাৰ নুখুলিব । খঙৰ ভমকত সঁচা কথাটো কৈ দিলে কল্যাণীয়ে ।
: মাজনী....! মই একো বুজা নাই । কোন হত্যাকাৰী আহিছে আমাৰ ঘৰলৈ....?
: আন কোনো নহয় মা নীল আহিছে । কথা এটা ভাবি আছিলোঁ । হঠাৎ মুখৰ পৰা কি যে ওলাই গ'ল .... কথাটো সহজকৈ ক'লে কল্যাণীয়ে ।
: নহয় মাজনী । তুমি মোৰ পৰা কিবা এটা লুকুৱাব বিচাৰিছা । তোমাৰ মুখখন দেখিয়েই মই ধৰিব পাৰিছোঁ ।
: মা...! আপোনাৰ পৰানো মই কি কথা লুকুৱাম । মাকক সাৱটি ধৰিলে কল্যাণীয়ে । ৰ'ৱ , নীলে নহলে বেয়াই পাব এতিয়া । দুৱাৰখন খুলি দিলে কল্যাণীয়ে ।
: নীল , মাজনীয়ে কৈছিল তুমি বোলে গুৱাহাটীলৈ গৈছিলা...? কেতিয়া আহিলা ...?
: গৈছিলোঁ মা । কিন্তু কাম নহল , সেয়ে গুচি আহিলোঁ । মিছাকৈয়ে কলে নীলে ।
: মাজনী , যাচোন....! নীললৈ চাহ একাপ কৰগৈ....
: একো নাখাওঁ মা । কল্যাণীক নিবলৈহে আহিছোঁ ।
: মই কেইদিনমান ইয়াত থাকিম নীল । তুমি যাব পাৰা । অলপ খঙেৰে কলে কল্যাণীয়ে ।
: মাজনী , কিয় তেনেকৈ কৈছা । চাহ নোখোৱা যদি ভাতকেইটাকে খাই যাবা ।
: ভাত খাই গলে নীলৰ প্ৰব্লেম হ'ব মা , অফিচৰ কাম অলপ পেণ্ডিং হৈ আছে । নীলে উত্তৰ দিয়াৰ আগতেই উত্তৰ দিলে কল্যাণীয়ে ।
: এইৰ কথা নালাগে মা । আপুনি কৈছে যেতিয়া , ভাতকেইটা খায়ে যাম । আপুনি ৰান্ধকগৈ ।
তৰুলতা পাকঘৰলৈ সোমাই যোৱাৰ পাছতেই নীল আৰু কল্যাণীৰ তৰ্কযুদ্ধ আৰম্ভ হ'ল । দুয়োৰে মাজত কথাৰ কটা কটি লাগি থাকোঁতেই নিবিৰ আৰু নাৰ্ছ এগৰাকী সোমাই আহিল । লগে লগেই পৰিবেশটো ঠাণ্ডা হৈ পৰিল । ....পালিহি ভাইটি । এখেতক মোৰ ৰূমলৈকে লৈ যা , মই গৈ আছোঁ । নীললৈ কেৰাহীকৈ চাই নিবিৰ ভিতৰলৈ সোমাই গ'ল । ...নীল , তোমালৈ এটা অনুৰোধ । এইবোৰ কথা যাতে ভুলটো মাৰ কাণত নপৰে । মনত ৰাখিবা । কথাষাৰ কৈয়ে কল্যাণীয়ো নিজৰ ৰূমত সোমাল ।
: বা, বিশালৰ বায়েক , অংকিতা শইকীয়া । অংকিতাৰ লগত কল্যাণীক চিনাকি কৰাই দিলে নিবিৰে ।
: নমস্কাৰ অংকিতা । তোমাৰ কথা নিবিৰৰ মুখত শুনিয়েই থাকোঁ ।
: হয়নেকি...! হাঁহি এটা মাৰি কলে অংকিতাই ।
: ভাইটি, প্ৰেছকিপছনখন উলিয়াই দেচোন । ইঞ্জেক্সন কেতিয়া দিব লাগে চাই লওঁক অংকিতাই । অংকিতা , তুমি ইয়াতে বহা মই তোমালৈ চাহ একাপ আনোগৈ ।
: একো নালাগে কল্যাণী বা । আমি দুয়োটাই পকৰী বনাই চাহ খাই আহিছোঁ ।
: তেতিয়া হ'লে কি খাবা এতিয়া ।
: দিয়ে যদি কুহুমীয়া পানী এগিলাচ দিব পাৰে । ডিঙিটো বৰ চেৰচেৰাই আছে ।
: আনিছোঁ ৰ'বা ।
কল্যাণী ৰূমটোৰ পৰা ওলাই গ'ল । নিবিৰৰ হাতৰ পৰা প্ৰেছকিপছনখন লৈ ভালদৰে চাই ইঞ্জেক্সন দুটা দি দিলে বৈশালীক । ...... বা, ইয়াত বহি থকাতকৈ পাকঘৰলৈকে যাওঁ আহক । মাৰ লগত কথা পাতিব ।
: ব'লা..., নিবিৰৰ পাছে পাছে পাকঘৰলৈ সোমাই গ'ল অংকিতা । দুই এষাৰ কথা পতাৰ পাছতেই তৰুলতাই ভাত উলিয়ালে । ভাতকেইটা খাই ইন্দ্ৰনীল গ'লগৈ । কল্যাণীয়েও খৰখেদাকৈ বাচন কেইটা ধুই অংকিতা শুবৰ বাবে বিচনাখন ঠিক কৰি ড্ৰয়িং ৰূমৰ সৰু বিচনাখনতে শুই দিলে কল্যাণী । দিনৰ দিনটো ঘূৰি ফুৰাৰ বাবেই বৰ ভাগৰ লাগিছিল কল্যাণীৰ , সেয়ে শুই দিয়াৰ লগে লগেই টোপনি আহিছিল । হঠাৎ কেৰেক কৰি শব্দ এটা কৰি দুৱাৰখন খুলি যোৱা যেন পাই উচপ খাই উঠিল কল্যাণী । ম'বাইলৰ লাইটো জ্বলাই ৰূমটো এবাৰ ভালদৰে চালে , সকলো ঠিকেই আছে । নিৰ্ভয়ে আকৌ শুই দিলে কল্যাণী । চকু দুটা জপাবলৈ লওঁতেই ছায়ামূৰ্তি এটা আহি তাইৰ শিতানতে বহি দিলে । ভয়ত কল্যাণীৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে । কল্যাণীয়ে চিঞৰি দিয়াৰ আগতেই ছায়ামূৰ্তিটোৱে মাত লগালে .....ভয় নকৰিবা কল্যাণী । মই সংগীতা ফুকন ।
: সংগীতা ফুকন.....? কিন্তু ....! তুমি.....?
: বহু দিনৰ পৰাই মই তোমাক লগ কৰিব বিচাৰি আছিলোঁ । বহু কথা আছে তোমাক ক'বলৈ ....
: কোৱা সংগীতা ,
: কম...., সকলো কম । মোৰ কথাবোৰ শুনাৰ পাছত হয়টো ইন্দ্ৰনীলৰ প্ৰতি তোমাৰ ঘৃণা উপজিব । ইন্দ্ৰনীলে মোৰ লগত প্ৰেমৰ অভিনয় কৰি মোক শেষ কৰি পেলালে । সেইদিনা আছিল বাৰ নৱেম্বৰ মোৰ জন্মদিন । গোটেই ৰাতিটো মোৰ লগত কটোৱাৰ কথা কৈছিল নীলে । ময়ো মান্তি হৈছিলোঁ ।
: তাৰ পিছত কি হ'ল সংগীতা ....?
: পাৰ্টি কৰি থাকোঁতেই আশুতুষ চক্ৰৱৰ্তী আৰু কমল বুজৰবৰুৱা আহিছিল হোটেলখনলৈ । চক্ৰৱৰ্তীয়ে নীলক মোৰ কাষৰ পৰা আঁতৰাই নিছিল । বহু সময় কথা পাতিছিল দুয়োজনে ।
.......মাজনী , এই ৰাতিখন কাৰ লগত কথা পাতি আছ ! শুই থাক । বহুত ৰাতি হ'ল । তৰুলতাৰ মাতটো শুনি ছায়ামূৰ্তিটো ক'ৰবাত হেৰাই গ'ল ।
ক্ৰমশঃ ......
✍🏻তীৰ্থ_পিন্টু_বড়া
মাজনিশাৰ উঁচুপনি ( খণ্ড_৯ )- https://www.smj24.in/2022/09/assamese-storyboard_5.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Vl lgil pohri.. 11 khndoti khnkle pm buli axa thkil..
ReplyDelete