অভিমানৰ অভিমানী ( সপ্তম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 16, 2022

অভিমানৰ অভিমানী ( সপ্তম খণ্ড ) : Assamese Storyboard

Assamese Storyboard


নিয়ৰে call কাটি দিলে , বুকুখন যেন ভাঙি যাব বৃষ্টিৰ এটা ভুলৰ বাবে আজি নিয়ৰক হেৰুৱাব লগীয়া হৈছে , তাক লগ পাব তাইও বহুত মন গৈছে তাৰ বুকুৰ মাজত সোমাই চিঞৰি চিঞৰি কব মন গৈছে “মোক তোমাৰ লগত লৈ যোৱা , মই তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰো , মোৰ অতীতৰ সকলো দুঃখ পাহৰি মোক তোমাৰ অভিমানী জনী কৰি লৈ যোৱা " কিন্তু তাই মনৰ কথাবোৰ মনতে ৰৈ গ'ল ।  Assamese Storyboard )


          যদি সি আহে তাই তাক কি ক'ব , কি বুলি কৈ তাক তাইৰ পৰা আঁতৰাই পঠাব ? কিয় ... উত্তৰ ক'ত বিচাৰিব তাই ? ভালপোৱাত যদি সুখ - দুঃখ সকলো থাকে তেন্তে তাই সুখবোৰ ক'ত হেৰাল আজি ?


          মৌণ হৈ নিয়ৰৰ ছবিখন বুকুৰ মাজত সাব টি তাই উচুপি উঠিল , তাৰ ছবিখনত এটা চুমা আঁকি কলে “মই মাথোঁ তোমাৰ নিয়ৰ , মোক ক্ষমা কৰি দিবা তোমাক দিয়া দুখৰ বাবে " 


  ***


 নিয়ৰৰ ছবিখন বুকুৰ মাজত সাৱটি তাই শুই পৰিল, কব খোজা কথাবোৰ যেন বুকুৰ মাজতে ৰৈ গ'ল । 

     ৰাতিটো বৃষ্টি উজাগৰে পাৰ কৰিলে, পিছদিনা পুৱাই নিয়ৰ আহি বৃষ্টি ঘৰ পালেহি, তাই তেতিয়াও বিছনাতে আছিল । 

    তাৰ মাত শুনি মাকে দুৱাৰ খুলি দিলে ।


:: নিয়ৰ ইমান পুৱাতে , ঘৰৰ পৰা আহিলা নে কৰবাত গৈছিলা ? আহা বহা !


( বৃষ্টি মাকে নিয়ৰক বহিব দি ওচৰতে বহিল )


:: মা মই ঘৰৰ পৰাই আহিছোঁ। দুদিন মানৰ পৰা বৃষ্টি কি হৈছে নাজানো, ভালদৰে কথা পতা নাই, কিবা হৈছে নেকি সুধিলেও নকয় ; সেইকাৰণে ভাবিলো এবাৰ খবৰ লৈ আহো !!


:: নাজানো কি হৈছে অলপ দিনৰ পৰা খোৱা বোৱা এৰিছে, সুধিলেও একো নকয় ; তোমাৰ লগত কিবা লাগিছে নেকি ?


:: নাই মা, মোৰ লগত একো লগা নাই ; শুই আছে নেকি তাই ? মই তাই ওচৰত যাব পাৰিম নেকি ?


:: উম.. উঠাই নাই , যোৱা তুমি মাত দিলে চাগে উঠিব !


:: ঠিক আছে মা ! 


নিয়ৰ বৃষ্টি ওচৰত গ'ল ! তাইক মাত লগালে ।


:: ঐ ছোৱালী ... ঐ চাও উঠা মই আহিছোঁ ;


:: ........


:: ঐ তুমি নুঠা যদি মই যাওঁ..


বৃষ্টিয়ে সকলো শুনি আছিল কিন্তু নিয়ৰক মাতিব তাই সাহস হোৱা নাছিল ! 

     বৃষ্টিক দেখুৱাই সি ওলাই আহিব ললে । এইবাৰ আৰু বৃষ্টি ৰৈ থাকিব নোৱাৰিলে, উঠি আহি তাক পিছফালৰ পৰা সাৱটি ধৰিলে ।


:: কিয় আহিছা মোৰ ওচৰত ; কৈছিলো ন মোক অকশৰীয়াকৈ থাকিব দিয়া ; আহি এতিয়া আকৌ কিয় যাব লৈছা .. মোক এৰি নাযাবা অ.. মই বহুত কষ্ট পাইছোঁ অ.. মোক জীয়াই থাকিব দিয়া ... ( অভিমানী জনী উচুপি উঠিল )


:: নাযাও অ পাগলী , তোমাক এৰি যাব বাবে তোমাৰ ওচৰত অহা নাই নহয় । যোৱা মুখ - হাত ধুই আহা অলপ ফুৰিব যাম আমি !


:: ক'ত যাবা ? ঘৰত নিদিব মোক যাবলৈ; 


:: ঘৰৰ কথা চিন্তা কৰিব নালাগে তুমি ওলোৱা মই মা - দেউতাক কম !


বৃষ্টি ওলাই গ'ল নিয়ৰ গৈ মাকৰ ওচৰতে বহিল ।


:: মা.. মই বৃষ্টিক অলপ উলিয়াই লৈ যাম ভাবিছিলো, তাই মনটো অলপ ভাল লাগিব । সোনকালে ঘূৰি আহিম আমি ;


:: গাভৰু ছোৱালী এজনী এনেকৈ গলে গাঁৱৰ মানুহে যি টি কথা উলিয়াব । বাৰু মই দেউতা লগত কথা পাতিম দিয়া ! তুমি কিবা এটা খাই লোৱা, ৰাতিটো চাগে শুৱা নাই ন; অলপ শুই লোৱা । Assamese Storyboard )


:: নালাগে মা নুশুও, মই ৰাতি যাব লাগিব ঘৰত, তাইও মন বেয়া সেইকাৰণে অলপ উলিয়াই নিম ভাবিছিলো । 


:: ঠিক আছে অলপ উলিয়াই নিবা বাৰু দেউতাক মই বুজাম, কিন্তু তুমি আজি যাব নোৱাৰা আজি থাকি যাবা ..


:: হ'ব বাৰু মা..


*** 


পুৱা ১০ মান বজাত নিয়ৰ আৰু বৃষ্টি ওলাই গ'ল । 


:: ক'ত যাবা নিয়ৰ 


:: আমি প্ৰথম য'ত লগ পাইছিলো তাতে যাম !


:: পাৰ্কত যাবা ?


:: উম্.. 


:: কিয় আহিলা তুমি, আকৌ মোক পাগলী কৰি গুচি যাবলৈ ?


:: নহয় মোৰ পাগলী জনীয়ে কিয় মোক এনেকুৱা কৰিছে জানিব বাবে আহিছোঁ ; কোৱা কি হৈছে ?


:: একো হোৱা নাই অ .. মই তোমাৰ হ'ব নোৱাৰোঁ ;;


:: কিন্তু কিয় ..??


:: এই কিয়টো উত্তৰ মোৰ হাতত নাই !


:: ভালপোৱা নাছিলা যদি কিয় ইমান অভিনয় কৰিলা মোৰ লগত ?


:: মই তোমাক ভালপাওঁ সদায় পাই থাকিম ; কিন্তু তোমাৰ হব নোৱাৰো অ .. কিয় বুজি নোপোৱা তুমি ?


:: মই বুজি নাপাওঁ, আজি মোক কব লাগিব কি হৈছে তোমাৰ ; তোমাক মোৰ শপত দিছোঁ ;;


:: নিয়ৰ Please ...


:: যদি মোক কব নোৱাৰা কিবা ইমান বিশেষ কথা আছে তেন্তে মোক বিদায় দিয়া ..


:: কম .. সকলো কম তাৰ বাবে তুমি আঁতৰি গলেও তোমাক মই ভালপাই থাকিম । পাৰ্ক ত গৈ লওঁ বলা ..!!


:: ঠিক আছে ...


দুইটাই লাহে লাহে পাৰ্কৰ ফালে খোজ ললে ...


***


         ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( ষষ্ঠ খণ্ড ) -

https://www.smj24.in/2022/09/assamese-storyboard_37.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

Advertisement

Pages