মাজনিশাৰ উঁচুপনি ( খণ্ড_৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 15, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড_৮ ) : Assamese Storyboard

Assamese Storyboard

 

        

              .............. ৰাতিপুৱা ন-মান বজাতেই পুলিচ আহি ইন্দ্ৰনীল বৰুৱাৰ ঘৰ পালেহি । বাহিৰৰ পৰা গেটখনত তলা লগাই থোৱা দেখি আৰক্ষী অধীক্ষক গৰাকী মেডিকেল পালেগৈ ।  Assamese Storyboard )


কল্যাণীৰ লগত কথা বতৰা হোৱাৰ পাছত ICUত সোমাই বৈশালীৰ মুখৰ পৰা কিছুমান লাগতিয়াল তথ্য সংগ্ৰহ কৰি মেডিকেল ৰিপৰ্ট কেইটা চাই আৰক্ষী অধীক্ষকজন গ'লগৈ । তাৰ কিছু সময়ৰ পাছতেই বৈশালীক ICUৰ পৰা জেনেৰেল ৱাৰ্ডলৈ উলিয়াই দিলে । নিবিৰক বৈশালীৰ কাষত থাকিবলৈ কৈ কল্যাণী ঘৰলৈ উভতি আহিল । গাটো ধুই কাপোৰ কানি কেইটা সলাই ৰঙা চাহ একাপ কৰিবলৈ সোমাওঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । চার্জৰ পৰা মোবাইলটো এৰুৱাই ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে 


: হেল্ল'...! কাজল কৱ...


: সংগীতাৰ ডেডবডীটো postmortem কৰা ডাক্তৰজন বিচাৰি পালোঁ কল্যাণী । 


: কি নাম ....? 


: আশুতুষ চেটাৰ্জী..। তেওঁৱে সকলো ডেডবডী postmortem কৰে । 


: Thank you কাজল । এইকণ সহায় কৰি দিয়াৰ বাবে । 


: Most welcome , কিন্তু এটা কথা , তেখেত বোলে বৰ পইচা লোভীয়া । গতিকে তই অলপ সাৱধানে কথা পাতিবি । 


: তই চিন্তা কৰিব নালাগে কাজল।  তেনেকুৱা মানুহৰ পৰা কেনেকৈ কথা উলিয়াব লাগে মই ভালকৈয়ে জানো...! 


: পাৰ যদি চেটাৰ্জীৰ কথাবোৰ ভিডিও কৰি থবি । সময়ত কামত আহিব । 


: উম...! আজি লগ পাম নে বাৰু....!


: পাবি । পাৰ যদি আজিয়েই গৈ আহিবি । 


: ঠিক আছে দে । মই তোক ৰাতি ফোন কৰিম ।  ফোনটো টেবুলখনতে থৈ চুলিকেইডাল আঁচুৰিবলৈ লওঁতেই কল্যাণীৰ মাক ৰূমটোলৈ সোমাই আহিল । 


: মাজনী , তই কিয় বাটৰ কচু গাত ঘঁহিব বিচাৰিছ , মই একো বুজা নাই । যিটো ঘটনাৰ ৰহস্য পুলিচেই উলিয়াব নোৱাৰিলে । সেই ঘটনাৰ ৰহস্য তই কেনেকৈ উলিয়াবি মাজনী ....? 


: আপুনি চিন্তা কৰিব নালাগে মা । হাতত টকা থাকিলে আজিকালি সকলো সম্ভৱ । যিটো কাম পুলিচে কৰিব নোৱাৰিলে , সেইটো কাম মই কৰি দেখুৱাম । যেতিয়ালৈকে সংগীতা ফুকনৰ হত্যাকাৰীক বিচাৰি উলিয়াব নোৱাৰো তেতিয়ালৈকে মই শান্তিৰে বহি নাথাকোঁ । 


: জানো পাই ! তই কি কৰিবলৈ ওলাইছ , মই একো বুজি পোৱা নাই । এতিয়া ক'ৰবাত যাবি নেকি...? 


: মই আকৌ হস্পিতাললৈ যাব লাগিব । ডাক্তৰ এজনক লগ কৰিবলৈ । 


: মাজনী , কালি কাৰ এক্সিডেণ্ট হোৱা বুলি কৈছিলি...? 


: বৈশালীৰ । 


: বৈশালী কোন....? তোৰ মুখত দেখোঁন আজিলৈকে এই নামটো শুনা নাই । 


: নীলৰ ফ্রেণ্ড । 


: অ'...! তেতিয়া হ'লে তই সোনকালে গৈ নিবিৰক আজৰি কৰি দেগৈ । মই তোলৈ কিবা এটা ঠিক কৰোগৈ ।  কথাষাৰ কৈয়ে তৰুলতা মানে কল্যাণীৰ মাক পাকঘৰলৈ সোমাই গ'ল । কল্যাণীয়েও যিমান পাৰে সিমান খৰখেদাকৈ কাম কেইটা কৰি চেটাৰ্জীক লগ কৰিবৰ বাবে মেডিকেললৈ যাবলৈ ওলাল । আকাশত মেঘৰ মাদল বাজিছে । ডাৱৰৰ মাজে মাজে বেলিটোৱে লোকাভাকু খেলিছে । বতৰটো উমা গোমা দেখি বাহিৰলৈ ওলাই আহি আকাশলৈ এবাৰ চালে । পশ্চিমৰ পৰা কলীয়া ডাৱৰে আকাশখন লাহে লাহে চানি ধৰিছে । হাতত ছাতিটো লৈ কল্যাণী ঘৰৰ পৰা ওলাই আহিল । এখোজ দোঁখোজ কৰি খোজ কাঢ়ি আহি থাকোঁতেই পাছফালৰ পৰা ক'লা গ্লাছ থকা গাড়ীএখন আহি কল্যাণীৰ গাৰ ওচৰত ৰখাই দিলেহি । গাড়ীখন ৰখোৱা শব্দ শুনি পাছলৈ ঘূৰি চালে কল্যাণীয়ে । ....কিহৰ অসভ্যালি এইবোৰ...? ঘৰত বাই ভনী নাই নেকি....? খঙেৰে প্ৰশ্ন কৰিলে কল্যাণীয়ে ।  Assamese Storyboard )


: আপুনি কল্যাণী বৰুৱা নহয় জানো....! 


: হয় । ময়ে কল্যাণী বৰুৱা । N E problem...?


: Actually আপোনাৰ কথা মোক কাজলে কৈছিল । আপোনাক হস্পিতাললৈ লৈ যাবৰ বাবে মোক পঠিয়াই দিছিল । বৰ নম্ৰকৈ কলে ল'ৰাজনে । ল'ৰাজনৰ কথাটো শুনি বৰ লাজ পালে কল্যাণীয়ে । 


: Sorry..! বেয়া নাপাব দেই । আচলতে কাজলে মোক কথাটো জনোৱা নাছিল । 


: কেতিয়াবা ভুল বুজাবুজি হৈ যায় । মই কাজলৰ মোমায়েকৰ ল'ৰা । মোৰ নাম দীপাংকৰ শইকীয়া । 


: তেতিয়া হলে তুমি বুলিয়েই ক'ব পাৰিম । বেয়া নাপাবা দেই ভাইটি । মই বৰ tensionত আছোঁ । 


: বুজি পাইছোঁ । উঠক বাইদেউ । গাড়ীৰ দুৱাৰখন খুলি দিলে দীপাংকৰে । লাজ লাজকৈ গাড়ীখনত বহি খিৰিকীৰ গ্লাছখন সামান্য তললৈ নমাই দিলে কল্যাণীয়ে । বাহিৰৰ ফিৰফিৰিয়া বতাহ জাকে কল্যাণীক কোবাবলৈ ধৰিলে । বহু সময় মৌন হৈ থাকিল কল্যাণী । হঠাৎ মোবাইলটো ভাইব্ৰেত হোৱা শুনি ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে ।


: হেল্ল'...! কাজল , 


: কল্যাণী , তোক হস্পিতাললৈ লৈ যাবৰ বাবে মোৰ মামা ল'ৰাটোক পঠিয়াই দিছিলোঁ । লগ পালিনে তাক


: তই মানুহ মাৰিবি দেই কাজল ,  কথাটো মোক তই আগতীয়াকৈ ক'ব পাৰিলিহেঁতেন । 


: পাহৰি থাকিলোঁ অ'....! তই বেয়াকৈ কলি নেকি তাক...? 


: হা:..., হা:..., পাছত কম দে ।  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে । .....কাজলে ফোন কৰি তোমাৰ কথা কৈছিল । 


: হয়নেকি....! কি কলে বায়ে....?


: তোমাৰ কথাই কৈছে । 


: উম...., আপোনাৰ কিমান সময় লাগিব । বেছি দেৰি নহয় যদি মোৰ লগতে যাব পাৰিব । 


: কিমান সময় হয় সেইটোহে কব নোৱাৰিম দীপাংকৰ । চেটাৰ্জীৰ ওপৰতে উভতাৰ সময়টো নিৰ্ভৰ কৰিব । 


: তেতিয়া হলে মই যামগৈ বা । কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিব । নাম্বাৰটো লৈ লওঁক ।


: উম.. কোৱা দীপাংকৰ । 


       দীপাংকৰ গলগৈ । দীপাংকৰ ওলাই যোৱাৰ পাছতেই এজাক দোপাল পিতা বৰষুণ আহিল । বৰষুণৰ মাজতেই হাতত বেগ এটা লৈ বৰ গহীন খোজেৰে চেটাৰ্জী নিজৰ কেবিনলৈ সোমাই গ'ল । মোবাইলৰ কেমেৰাটো অন কৰি কল্যাণীও চেটাৰ্জীৰ পাছে পাছে কেবিনটোলৈ সোমাই গ'ল । 


: Good Morning sir, 


: Morning , বহকচোন....! সন্মুখত থকা চকীখনলৈ আঙুলিয়াই দেখুৱালে চেটাৰ্জীয়ে ।


: Thanks you sir, মই কল্যাণী বৰুৱা । সংগীতা ফুকনৰ কেচটটোৰ তদন্ত কৰি আছোঁ ।  কল্যাণীৰ কথাটো শুনাৰ লগে লগেই চেটাৰ্জীৰ মুখৰ বৰণ সলনি হবলৈ ধৰিলে । ছাৰ আপোনাৰ ৰিপৰ্ট মতে সংগীতা ফুকনে আত্মহত্যা কৰিছে । কিন্তু মই জনামতে সংগীতা ফুকনক হত্যা কৰা হৈছে । 


: নহয়....! নহয়....! আপুনি এইবোৰ কি কৈছে ....? 


: মই যি কৈছোঁ সেয়াই সত্য । আপুনি কিয় মিছাতেই সত্যটোক অসত্য বুলি প্ৰমাণ কৰিব বিচাৰিছে....? কওঁক মি: চেটাৰ্জী....! সঁচা কথাটো কওঁক.... 


: আপুনি মোক কি বুলি ভাবিছে । 


: একো বুলি ভবা নাই , আৰু ভাবিবৰ ইচ্ছাও নাই । ঠাট্ৰাৰ সুৰত কলে কল্যাণীয়ে ।  ....যদি নিজৰ চকীখন সুৰক্ষিত কৰি ৰাখিব বিচাৰিছে তেন্তে সঁচা কথাবোৰ কৈ দিয়ক । 


: চাওঁক মিছেছ বৰুৱানী , আপুনি ক'লে বুলিয়েই মিছা কথা এটা সঁচা কথা বুলি কব নোৱাৰোঁ নহয়...! 


: কিয় নোৱাৰিব মি: চেটাৰ্জী । সঁচা কথাটো ক'বলৈ আপোনাক কিমান টকা দিব লাগিব । 


: আপুনি মোক ঘোঁচখুৰ বুলি ভাবিছে নেকি....? অলপ খঙেৰে কলে চেটাৰ্জীয়ে । 


: আপুনি কথাটো ভুলকৈ বুজিছে । কথাটো আপোনাৰ আৰু মোৰ মাজতে সীমাবদ্ধ হৈ থাকিব । এইখন লওঁক পাঁচ লাখ টকাৰ চেক । হাতত লৈ থকা পাৰ্চটোৰ পৰা চেকখন লৈ চেটাৰ্জীৰ হাতত দিলে কল্যাণীয়ে । মিচিকিয়া হাঁহি এটা মাৰি গ্লাছখনৰ তলেৰে চেকখন এবাৰ চালে চেটাৰ্জীয়ে । 


: শুনক মিছেছ বৰুৱা । সঁচা কথাটো হ'ল সংগীতা ফুকনৰ হত্যাকাণ্ডৰ লগত ভালেকেইজন লোক জড়িত হৈ আছে.... সঁচা কথাবোৰ কবলৈ মুখখন খোলোতেই চেটাৰ্জীৰ ফোনটো বাজি উঠিল । হাতত ফোনটো লৈ চেটাৰ্জী কেবিনৰ পৰা বাহিৰলৈ ওলাই গ'ল । 


ক্ৰমশঃ....


 মাজনিশাৰ উঁচুপনি ( খণ্ড_৭ )


✍🏻তীৰ্থ_পিন্টু_বড়া


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages