মাজনিশাৰ উঁচুপনি ( খণ্ড_৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 14, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড_৭ ) : Assamese Storyboard

Assamese Storyboard

 

          ক্ৰিঙ... ক্ৰিঙকৈ ফোনটো বাজি থকা শুনি ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । ....হেল্ল ! কল্যাণী বৰুৱা হয়নে...! Assamese Storyboard )


: হয় । মই কল্যাণী বৰুৱাই কৈছোঁ । 


: মই Forensics laboratory ৰ পৰা কৈছোঁ । 


: কওঁক ..


: আপোনাৰ মিষ্টাৰৰ fingerprint ৰ সৈতে চুৰীখনৰ fingerprintৰ মিল পোৱা গৈছে । আপুনি ৰিপৰ্টটো লৈ যাবহি ।

: হয়নেকি...! কালিলৈ মই গৈ আছোঁ । 


: ঠিক আছে ।  ফোনটো কাটি দিলে ল'ৰাজনে । কল্যাণীয়ে লগে লগেই ফোন কৰিলে কাজললৈ । ..... কাজল , বুজৰবৰুৱাৰ ঘৈণীয়েকৰ শৰীৰত চুৰীৰে আঘাত কৰাৰ চিন আছিল নেকি.....? 


: উম...! চুৰীৰ আঘাত নাই , কিন্তু ডিঙিত এটা দাগ পোৱা গৈছিল ।


: তই কাম এটা কৰিব পাৰিবি নেকি...? 


: কি কাম কল্যাণী...! 


: মীনা বুজৰবৰুৱাৰ postmortem কোনে কৰিছিল সেই কথাটো উলিয়াই দিব পাৰিবি নেকি....? 


: মেডিকেলত মোৰ চিনাকি মানুহ দুজন আছে । তেওঁলোকক সুধি চাব লাগিব । 


: যিমান পাৰ সিমান সোনকালে মোক খবৰটো জনাবিচোন..! 


: হ'ব দে । মই জনাম তোক ।  ফোনটো কাটি দিলে কাজলে ।


      ফোনটো বিচনাতে থৈ কল্যাণী ৰূমটোৰ পৰা বাহিৰলৈ ওলাই আহি ভাতকেইটা খাই লৰালৰিকৈ বিচনাত উঠিল । ...নীল সচাঁকৈয়ে গুৱাহাটীলৈ গৈছে নে...? মোক ইয়াত থৈ নীলে কেনেবাকৈ বেলেগ ছোৱালীক ঘৰলৈ অনা নাইটো..! কথাটো মনলৈ অহাৰ লগে লগেই লাইতটো জ্বলাই কল্যাণী বিচনাৰ পৰা উঠি আহি ভায়েকক মাত লগালে । ...নিবিৰ , শুলি নেকি...? 


: নাই শোৱা বা । কচোন...


: মই ঘৰলৈ যাব লাগিব এতিয়া , টেবলেট কেইটামান থাকি আহিলে । মিছাকৈয়ে কলে কল্যাণীয়ে ।


: কালিলৈ দিনত যাবি । এতিয়া যাব নালাগে বা... 


: দহ বাজিছেহে বাৰ বজালৈ পাই যামহি....। তই সোনকালে ৰেডী হৈ লৱ । 


: যা...! যা...! মই এনেকৈয়ে যাম । তই ৰেডী হগৈ.. 


: ময়ো এনেকৈয়ে যাম । বাইকখন উলিয়াগৈ যা , চুলিকেইডাল ঠিক কৰি মই গৈ আছোঁ । 


       বাৰাণ্ডাৰ পৰা বাইকখন উলিয়াই ষ্টাৰ্টটো দি হৰ্ণ বজালে নিবিৰে । হৰ্ণটো শুনি হাতত মোবাইলটো লৈ কল্যাণী ওলাই আহিল । ...ব'ল ভাইটি । অলপ স্পীডত ব'ল ।  আঁউসীৰ ঘোৰ আন্ধাৰ ফালি বাইকখন আগুৱাই গ'ল । ঘাই আলিবাটটোৰ পৰা নামি বাইকখন ইন্দ্ৰনীল বৰুৱাৰ পদূলিত ৰখাই দিলেহি নিবিৰে । ....তই ইয়াতে ৰৈ থাক । মই আহি আছো । 


: বা, তই কৈছিলি ভিনদেউ ঘৰত নাই । ঘৰৰ লাইটবোৰ দেখোঁন জ্বলিয়েই আছে । ঘৰত নিশ্চয় কোনোবা আছে ।


: তই মনে মনে ইয়াতে ৰৈ থাক ।  কথাষাৰ কৈয়ে লাহেকৈ গেটখন খুলি কল্যাণী সোমাই আহি কলিং বেলটো বজাই দিলে কল্যাণীয়ে । কলিং বেলটোৰ শব্দ শুনি দুৱাৰখন খুলি ইন্দ্ৰনীল ওলাই আহিল । গ্ৰীলখনৰ বাহিৰত কল্যাণীক দেখি প্ৰশ্ন কৰিলে নীলে ।  কল্যাণী......? তুমি.....! 


: মই আহি কিবা অশান্তি কৰিলোঁ নেকি মি: ইন্দ্ৰনীল বৰুৱা ? গ্ৰীলখন খোলা । 


: এক মিনিট ৰ'বা....। মই চাবিপাত লৈ আহোঁগৈ ।  ইন্দ্ৰনীল ভিতৰলৈ সোমাই গৈ চাবিপাত আনি গ্ৰীলখনৰ তলাটো খুলি দিলে । গ্ৰীলখন লাহেকৈ ঠেলা মাৰি কল্যাণী বেদৰূমটোলৈ সোমাই গ'ল । কিবা এটা বিচৰাৰ অজুহাতত ৰূমটোৰ ইফালে সিফালে ভালদৰে চকু ফুৰালে । বিচনাৰ কাপোৰখন দাঙিবলৈ লওঁতেই নীলে কল্যাণীৰ হাতখন থাপ মাৰি ধৰিলে । ....ইমানকৈ কি বিচাৰিছা কল্যাণী । 


: আঙঠি এটা হেৰাইছে । নীলৰ হাতখন আঁতৰাই বিচনাৰ কাপোৰখন দাঙি দিলে কল্যাণীয়ে । বিচনাৰ তলত কুচি মুচি সোমাই আছে এজনী গাভৰু ছোৱালী । তাইৰ চুলিকোছাত ধৰি চোঁচৰাই বাহিৰলৈ উলিয়াই আনিলে কল্যাণীয়ে । ....নীল, এইবোৰ তোমাৰ অফিচিয়েল কাম নেকি...? এইবোৰ কৰিবলৈকে তুমি মোক ঘৰত থৈ আহিছিলাগৈ ...! 


: নহয় কল্যাণী , তুমি মোৰ কথাটো শুনা । 


: হাতে হাতে প্ৰমাণ পোৱাৰ পাছত শুনিবলৈ বা বুজিবলৈ কি বাকী থাকিল...? আজিৰ পৰা আৰু তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই নীল ।  বৰ দুখেৰে কথা কেইটা কৈ কান্দি দিলে কল্যাণীয়ে । ভিতৰত কন্দা কটা শুনি বাইকখন পদূলিতে ৰখাই নিবিৰ ভিতৰলৈ সোমাই আহিল । বা....! কিবা এটা ক'ব খুজিও ৰৈ গৈছিল নিবিৰ ।  Assamese Storyboard )


: এইয়াই তোৰ ভিনিহিয়েৰৰ আচল স্বৰূপ নিবিৰ । চাই ল ভালদৰে । ঠুকাথুকি মাতেৰে কলে কল্যাণীয়ে । 


: ভিনদেউ আপুনি ইমান চৰিত্ৰহীন বুলি মই সপোনটো ভবা নাছিলো । ছি: , আপোনাক ভিনদেউ বুলি ক'বলৈ মোৰ লাজ লাগিছে । ব'ল বা , ইয়াত আৰু এখন্তেকো থাকিব নোৱাৰি । 


: কি নাম তোৰ...? শুনিছনে নাই...?  ছোৱালী জনীক প্ৰশ্ন কৰিলে কল্যাণীয়ে । ভিডিও কৰ নিবিৰ...


: প্লীজ...! নিবিৰ সেইবোৰ নকৰিবা । 


: মই তোক যিটো কৈছোঁ সেইটো কৰ নিবিৰ । অলপ খঙেৰে কলে কল্যাণীয়ে । কল্যাণীৰ ৰুদ্ৰ মূৰ্তি দেখি শেহাই শেহাই ছোৱালীজনীয়ে মাত লগালে ....মোৰ নাম বৈশালী ভৰদ্বাজ ।


: তই ইয়ালৈ কিয় আহিছিলি...? স্ব ইচ্ছাই আহিছিলি নে জোৰ কৰি লৈ আহিছিলি...?


: দাদাই মোক জোৰ কৰি লৈ আহিছিল । 


: অচিনাকি মানুহ এজনৰ লগত আহিবলৈ টোৰ ভয় লগা নাছিল...! 


: ভয়....? ভয় কিয় লাগিব । দাদাই মোক ভাল পাই ।


: কি কলি...! আকৌ এবাৰ কচোন...? গাৰ সমস্ত জোৰ প্ৰয়োগ কৰি এটা চৰ সোধালে কল্যাণীয়ে । কালিলৈ তই মোৰ লগত থানালৈ ওলাবি । আৰু এই কেইটা কথা পুলিচৰ আগত ক'ব লাগিব । ব'ল এতিয়া মোৰ লগত... বৈশালীৰ হাতখনত ধৰি টানি আনিলে কল্যাণীয়ে । মই এতিয়াই এইক মেডিকেললৈ লৈ যাম আৰু কালিলৈ ৰাতিপুৱাই থানাত হাজিৰ কৰাম । 


: প্লীজ ...! মই তোমাক হাতযোৰ কৰিছোঁ কল্যাণী । এইবাৰলৈ মাফ কৰি দিয়া । 


: জানি বুজি কৰা ভুলৰ কোনো ক্ষমা নাই ইন্দ্ৰনীল বৰুৱা ।  কথাষাৰ কৈয়ে বৈশালীক চোঁচৰাই চোঁচৰাই বাহিৰলৈ উলিয়াই আনিলে কল্যাণীয়ে । নিবিৰ, তই অ'ট এখন লৈ আহগৈ । মই এইক লৈ গৈ আছোঁ । কল্যাণীৰ কথামতেই নিবিৰে বাইকখন লৈ অ'ট এখন বিচাৰি গ'ল । কল্যাণীহঁত ওলাই অহাৰ পাছতেই ইন্দ্ৰনীলেও গাড়ীখন লৈ ওলাই আহিল । তীব্ৰবেগেৰে পাছফালৰ আহি বৈশালীক খুন্দিয়াই দিলে । প্ৰচণ্ড খুন্দাত বহুত দূৰৈত চিটিকি পৰিল বৈশালী । ঐ, নেদেখ নেকি চকুৰে..? নিচা খাই নিজেই ৰসাতলে গৈছ যা , আনৰ জীৱন কিয় ধ্বংস কৰিছ ....! চিঞৰি চিঞৰি কলে কল্যাণীয়ে । উপায়বিহীন হৈ মোবাইলৰ টৰ্চটো জ্বলাই বৈশালীৰ কাষতে বহি দিলে কল্যাণী । ....বৈশালী, বৈশালী.... মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰি মাথোঁ চটফটাই থাকিল বৈশালীয়ে । বৈশালীৰ কপালৰ পৰা তেজ নিগৰি আহি কল্যাণীৰ হাতত লাগিল । তেজ ওলোৱা ঠাইখিনি আঙুলি কেইটাৰে হেঁচা মাৰি ধৰি তেজ ৰখাবলৈ চেষ্টা কৰিলে কল্যাণীয়ে । তেনেতে গাড়ী এখন অহা দেখি হাত জোকাৰি গাড়ীখন ৰখাই দিলে কল্যাণীয়ে । গাড়ীখন ৰখাই এজন আদহিয়া মানুহ গাড়ীখনৰ পৰা নামি আহিল । কল্যাণীৰ অনুৰোধ পেলাব নোৱাৰি মানুহজনে বৈশালীক গাড়ীত উঠাই তীব্ৰ বেগেৰে গাড়ীখন মেডিকেলৰ দিশেৰে আগুৱাই নিলে । মাজে মাজে বৈশালীয়ে অসহ্য যন্ত্ৰণাত চিৎকাৰ কৰি উঠিছে , উশাহবোৰ ঘন হৈ আহিছে । ...দাদা অলপ স্পীডত চলাওকচোন । উশাহ লোৱাত বৰ কষ্ট পাইছে । কথাষাৰ কৈয়ে বৈশালীৰ মূৰত হাত বুলাই দিলে কল্যাণীয়ে । ....ধৈৰ্য ধৰা বৈশালী । হস্পিতাল পামেই আৰু.... । হঠাৎ গাড়ীখন ৰখাই দিলে মানুহজনে । গাড়ীখন দেখি নাৰ্ছ এগৰাকী ওচৰ চাপি আহিল । এক্সিডেণ্ট কেচ বুলি গম পোৱাৰ লগে লগেই ট্ৰেচাৰ এখন ঠেলি ঠেলি আনি গাড়ীখনৰ ওচৰ পোৱালেহি । অচিনাকি মানুহজনে ডাংকোলা কৰি বৈশালীক ট্ৰেচাৰখনত শুৱাই দিলে । কল্যাণীয়ে ঠেলি ঠেলি ট্ৰেচাৰখন ভিতৰলৈ সুমুৱাই নিলে । ডাক্তৰ নাৰ্চে বেৰি ধৰিলে বৈশালীক । অৱস্থা সংকটজনক দেখিয়েই লগে লগে ICUত ভৰ্তি কৰি দিলে বৈশালীক । কল্যাণীয়ে ডাক্তৰক সকলো কথা স্পষ্টকৈ কলে ।  বৈশালীক মেডিকেলত ভৰ্তি কৰাৰ পাছত কল্যাণী গৈ সদৰ থানা পালেগৈ । তেতিয়া থানাখনত এজন আৰক্ষী অধীক্ষক আৰু কেইজনমান কনিষ্টবল টুপনিয়াই টুপনিয়াই বহি আছিল । কল্যাণীৰ মাতটো শুনি চকামকাকৈ সাৰ পালে আৰক্ষী অধীক্ষজনে । ...কওঁকচোন এই ৰাতিখন কিয় আহিলে । 


: মোৰ স্বামীৰ বিৰুদ্ধে কেচ এটা দিবলৈ আহিছোঁ । 


: বহকচোন...! বৰ নম্ৰকৈ কলে আৰক্ষী অধীক্ষক জনে । পানী খাব নেকি....?


: ধন্যবাদ । একো নালাগে । আপুনি মোৰ কথাখিনি ভালকৈ শুনি লওঁক । মোৰ নাম কল্যাণী বৰুৱা । ঘৰ অৰ্জুনগুৰিত । মোৰ স্বামী ইন্দ্ৰনীল বৰুৱা । তেওঁ এটা জঘন্য অপৰাধ কৰিছে । মোৰ অনুপস্থিতিত জোৰ জুলুম কৰি বেলেগ ছোৱালী ঘৰলৈ আনি অনৈতিক কাৰ্যত লিপ্ত হৈছে .... কথাবোৰ কাগজ এখনত থুলমূলকৈ লিখি ললে আৰক্ষী অধীক্ষক গৰাকীয়ে । কাগজখনত লিখা কথাবোৰ এবাৰ পঢ়ি শুনালে কল্যাণীক । 


: সকলো ঠিকেই আছেনে...? যদি সকলো ঠিক আছে তেন্তে আপুনি ইয়াত এটা চহী কৰক ।  এজাহাৰখন আগবঢ়াই দিলে কল্যাণীলৈ । ছোৱালীজনী এতিয়া ক'ত আছে ...? 


: হস্পিতালত থৈ আহিছোঁ । 


: উম...! আপুনি এতিয়া যাব পাৰে । ৰাতিপুৱাই আমি ইন্দ্ৰনীল বৰুৱাক থানালৈ অনাৰ ব্যৱস্থা কৰিম । আপোনাৰ হাতত যদি কিবা প্ৰমাণ আছে তেন্তে আপুনি মোক দি যাব পাৰে । 


: ছোৱালীজনীৰ ভাষ্য ভাইটিৰ মোবাইলত ৰেকৰ্ড কৰি থোৱা আছে । আপোনাৰ নাম্বাৰটো দিব মই আপোনাক WhatsApp কৰি দিম । 


      সৰু কাগজ এখনত নাম্বাৰটো লিখি কল্যাণীৰ হাতত দিলে আৰক্ষী অধীক্ষকজনে । .....ধন্যবাদ ছাৰ । আহিছোঁ । কথাষাৰ কৈ কল্যাণী থানাৰ পৰা ওলাই আহি হস্পিতাল পালেহি । এবাৰ বৈশালীৰ খবৰ কৰি নিৰবলৈ ফোন কৰিলে 


: হেল্ল'...! অ'ট পালি নে নাই ভাইটি


: এখনো অ'ট নাই । তই তাতে ৰৈ আছ নেকি....?


: মই মেডিকেলত আছোঁ । বৈশালীৰ এক্সিডেণ্ট এটা হ'ল কণ্ডিছনটো বৰ ভাল নহয় । তই মেডিকেললৈকে আঁহচোন...!


: ঠিক আছে গৈ আছোঁ মই....


: শুনচোন....! নীল ঘৰত আছে নে নাই এবাৰ চাই আঁহচোন....! 


: কিয় বা...?


: কিয় তোক পাছত কৈ আছোঁ । মালৈ ফোন এটা কৰি কথাটো কৈ দিবি । এতিয়া ৰাখিছোঁ দে ।  ফোনটো কাটি দিলে কল্যাণীয়ে । নিশা বাৰ বাজিবলৈ আৰু বেছি সময় নাছিল , I.C.U.ৰ সন্মুখত শাৰী শাৰীকৈ থৈ দিয়া চকী এখনতে বহি চকু দুটা অলপ জপাই দিলে কল্যাণীয়ে । চিলমিলকৈ টোপনি ধৰোঁতেই বাহিৰত কিবা এটাই উচুপি উচুপি কন্দা শব্দ শুনি উচপ খাই উঠিল কল্যাণী । ভয়ে ভয়ে চকীখনৰ পৰা উঠি এখোজ দোঁখোজ কৰি আগফালৰ বাৰাণ্ডাখনলৈ ওলাই গ'ল কল্যাণী ।


     ক্ৰমশঃ..


✍🏻তীৰ্থ_পিন্টু_বড়া


 মাজনিশাৰ উঁচুপনি ( খণ্ড - ৬ )-

https://www.smj24.in/2022/09/assamese-storyboard_13.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages