মাজনিশাৰ উঁচুপনি ( খণ্ড - ৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 13, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড - ৬ ) : Assamese Storyboard

Assamese Storyboard

 

 ..... ৰাতিপুৱাৰ লগে লগেই জানটোৰ পাৰত মানুহ ভৰি পৰিল সকলোৱে অপেক্ষা কৰিছে পুলিচ অহালৈ ।  Assamese Storyboard )


ন বাজিবলৈ দহ মিনিটমান থাকোঁতেই কমল বুজৰবৰুৱা আৰু দুজন কনিষ্টবল আহি জানটোৰ পাৰত উপস্থিত হলহি । মানুহৰ ভিৰ ফালি কনিষ্টবল দুজন জানটোলৈ নামি গৈ চোঁচৰাই চোঁচৰাই বস্তাটো পাৰলৈ উঠাই আনি বস্তাটো বান্ধি থোৱা ৰচীডাল খুলি ডেডবডীটো উলিয়াই দিলে । মীনা বুজৰবৰুৱাৰ মৃতদেহটো দেখি ঘৰীয়ালৰ চকুপানী টুকিলে কমল বুজৰবৰুৱাই । লগে লগেই ঘটনাটো নিউজ চেনেলত লাইভ আহিল । .... পুৱাৰ ভাগতে সৰাগুৰি চাপৰিত উদ্ধাৰ হৈছে এটা মৃতদেহ । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ....।  নিউজটো দেখাৰ লগে লগেই কল্যাণীৰ গাটো ৰাইজাই কৰিবলৈ ধৰিলে । নীল..., শুনাচোন !  কল্যাণীৰ মাতষাৰ শুনি নীল ড্ৰয়িং ৰূমটোলৈ সোমাই আহিল । 


: কোৱা । মোৰ অফিচলৈ দেৰি হৈছে । 


: সৰাগুৰি জানটোত মীনা বুজৰবৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে । 

: মই কি কৰিম....? অলপ খঙেৰে কলে নীলে ।


: একো কৰিব নালাগে নীল । তোমাক মই কথাটোহে কৈছোঁ । 


: তোমালোক মাইকী মানুহবোৰে বৰ অদৰকাৰী কথা কিছুমানত লাগি থাকিব পাৰা দেই । বুজৰবৰুৱা নিজেই পুলিচ গতিকে দুষীক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াব । 


: সেইটো হয় । কিন্তু চোৰে চুৰ কৰিলেও নিজ মুখেৰে কেতিয়াও চুৰ কৰিছোঁ বুলি নকয় । আওপকীয়াকৈ কলে কল্যাণীয়ে । 


: কাক উদ্দেশ্য কৰি কথাষাৰ ক'লা সেইটোহে বুজি নাপালোঁ কল্যাণী ।


: কাকো উদ্দেশ্যি কোৱা নাই । মাত্ৰ কথাটোহে কৈছোঁ..


: অ'....! ঠিক আছে দিয়া । মই গৈ থাকোঁ ....  কথাষাৰ কৈয়ে বেডৰূমৰ পৰা অফিচলৈ নিয়া বেগটো হাতত লৈ নীল অফিচলৈ ওলাই গ'ল । 


          ..... নীল ! এইবাৰ তুমি মোক মিছা মাতিব নোৱাৰিবা । সংগীতা ফুকনৰ হত্যা কাণ্ডৰ ফাইলটো বিচাৰি নোপোৱালৈকে মই মনে মনে থাকিম । ফাইলটো পোৱাৰ পাছত মই আৰু মনে মনে নাথাকিম । সকলো ৰহস্য ফাদিল কৰিম । কথাবোৰ ভাবি কল্যাণী বাহিৰলৈ ওলাই আহিল । গেৰেজত গাড়ীখন দেখি কল্যাণী আচৰিত হ'ল । ...সদায় গাড়ী লৈ যোৱা মানুহজন আজি বাইকত গ'ল যে....! লাহে লাহে গাড়ীখনৰ ওচৰলৈ গৈ গাড়ীখন এবাৰ ভালদৰে চাই ভিতৰৰ পৰা চাবিপাত আনি গাড়ীখন নিৰীক্ষণ কৰিবলৈ ধৰিলে কল্যাণীয়ে । সন্মুখৰ চিটটোৰ চিটক'ভাৰটো আঁতৰাই দিয়াৰ লগে লগেই তেজেৰে কৰাল বন্ধা এখন চুৰি কটাৰী চিটটোৰ পৰা সৰি পৰিল । বৰ সাৱধানেৰে চুৰিখন পলিথিন এটাত ভৰাই fingerprint চেক কৰিবৰ বাবে চুৰিখন লৈ কল্যাণী ঘৰৰ পৰা ওলাই যাবলৈ লওঁতেই তাইৰ ফোনটো বাজি উঠিল । পাৰ্চটোৰ পৰা ফোনটো ওলিয়াই ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । .... নীল , কোৱা 


: মই ল'ৰা এজন পঠিয়াইছোঁ । তাৰ হাতত গাড়ীখন দি পঠিয়াবাচোন...! 


: কিয়...? 


: অফিচৰ কাম এটাত মই গুৱাহাটীলৈ যাব লাগিব । লাইন গাড়ীত যোৱাতকৈ নিজৰখন লৈ গলে অলপ আৰাম পোৱা যায় । 


: অফিচৰ  কামত অফিচৰ গাড়ী লৈ যাবা । ঘৰৰ বস্তু নাটনিবা । মই এইবোৰ ভাল নাপাওঁ । 


: তেনেকৈ কিয় কৈছা কল্যাণী...! 


: কাৰণ আছে । সেয়ে কৈছোঁ ... 


     খঙতে ফোনটো কাটি দিলে ইন্দ্ৰনীলে । ল'ৰাজন অহালৈ বাট নাচায় কল্যাণী গাড়ীত বহিল আৰু Forensics লেবৰটেৰীত গৈ চুৰিখন দি থৈ ওলাই আহি কাজললৈ ফোন কৰিলে । ....হেল্ল' ! কাজল , বৰ ডাঙৰ কথা এটা হ'ল নহয়...!


: কি হ'ল কল্যাণী ...? 


: আমাৰ গাড়ীখনৰ ফ্ৰণ্ট চিতত তেজৰ চেকুৰা লাগি থকা চুৰি এখন ওলাইছে । 


: কি.....? কি কৰিলি চুৰিখন....? 


: কাপোৰএখনেৰে ধৰি পলিথিন এটাত ভৰাই আনি Forensics laboratory ত দি থৈ আহিছোঁ , 

fingerprint চেক কৰিবৰ বাবে । 


: ভালেই কৰিলি । নীলক কলি নেকি কথাটো...? 


: নাই কোৱা । নকওঁ বুলিয়েই ভাবিছোঁ । 


: উম..., নিউজ চাইছিলি নে...? 


: চাইছিলো । মোৰ মতে বুজৰবৰুৱা ঘটনাটোৰ লগত জড়িত নাই । আন কোনোবা ব্যক্তিহে জড়িত হৈ আছে । 


: তই কেনেকৈ জানিলি ...?


: মোৰ সন্দেহ হৈছে । মৃতদেহটো দেখাৰ লগে লগেই বুজৰবৰুৱা দুখত ভাগি পৰা দেখিছিলি নে নাই....? 


: এইবোৰ অভিনয় কল্যাণী । বুজৰবৰুৱা আৰু নীলেই হত্যা কৰিছে । নিজকে নিৰ্দোষী প্ৰমাণ কৰিবৰ বাবেই বুজৰবৰুৱাই এইবোৰ নাটক কৰিছে । 


: নাটক নহয় কাজল । আমি এটা কাম কৰিব লাগিব , সেই ঘৰটোলৈ দিনত এপাক যাব লাগিব । তেতিয়াই গম পাই যাম বুজৰবৰুৱা জড়িত আছে নে নাই । 


: আইডিয়াটো বেয়া নহয় কল্যাণী । অহা দেওবাৰে যাম উলাবি...!  Assamese Storyboard )


: ঠিক আছে । এতিয়া ৰাখিছোঁ দে ।  ফোনটো কাটি দিলে কল্যাণীয়ে । ফুটপাথৰ পৰা নামি ৰাস্তাটো পাৰ হৈ অ'ট এখন ভাড়া কৰি কল্যাণী ঘৰলৈ আহিল । পদূলিত অ'টখন ৰখাই দিয়াৰ পাছত ভাৰাটো দি গেটখন খুলি কল্যাণী সোমাই আহি গ্ৰীলখন খোলা দেখি বুকুখন চিৰিং কৈ মাৰিলে । খৰখেদাকৈ যোৱাৰ বাবে গ্ৰীলখন বন্ধ কৰিবলৈ পাহৰিলোঁ বুলি ভাবি দুৱাৰখন খুলি কল্যাণী ভিতৰলৈ সোমাই গ'ল । ঘৰৰ বয় বস্তুবোৰ লণ্ড ভণ্ড হৈ থকা দেখি ইন্দ্ৰনীললৈ ফোন কৰিলে কল্যাণীয়ে । ৰিং কৰাৰ লগে লগেই ফোনটো ৰিচিভ কৰিলে নীলে । .....কোৱা কল্যাণী । 


: তুমি ঘৰলৈ আহিছিলা নেকি নীল....?


: নাই যোৱা । তুমি ঘৰত নাছিলা নেকি.....? 


: মই অলপ ওলাই গৈছিলোঁ । আহি দেখিছোঁ ঘৰৰ বয় বস্তুবোৰ লণ্ড ভণ্ড হৈ আছে । তুমি সোনকালে ঘৰলৈ আহাচোন...! 


: মই এতিয়া যাব নোৱাৰিম কল্যাণী । important কাম এটা কৰি আছোঁ । 


: নীল....! মোতকৈ অফিচৰ কামহে বেছি important হ'ল ন...! এইয়াই তোমাৰ ভালপোৱা ।  দুখেৰে কলে কল্যাণীয়ে । 


: তুমি এটা কাম কৰা কল্যাণী । ঘৰটোৰ পৰা বাহিৰলৈ ওলাই আহাঁ । মই গৈ আছোঁ... 


: উম...! সোনকালে আহাঁ নীল । মোৰ বৰ ভয় লাগিছে । 


: ধৈৰ্য ধৰা গৈ আছোঁ ।  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে । হাতত ফোনটো লৈ দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি কল্যাণী পদূলিলৈ ওলাই  গৈ ইফালে সিফালে খোজ কাঢ়িবলৈ ধৰিলে । খবৰটো পাই লৰালৰিকৈ ঘৰ পালেহি ইন্দ্ৰনীল । বাইকখন পদূলিতে ৰখাই কল্যাণীক মাত লগালে নীলে ....কল্যাণী , আহাঁ । 


: উম..., পালাহি । 


         নীলৰ হাতখনত ধৰি ধৰি ভিতৰলৈ সোমাই আহিল কল্যাণী । ঘৰখনৰ প্ৰতিটো কোঠা ভালদৰে চাই বেড ৰূমটোলৈ সোমাই আহিল নীল । বিচনাৰ কাপোৰ কানিবোৰ লণ্ড ভণ্ড কৰি মাটিত পেলাই থৈছে তুলিখনো বিচনাৰ মাজতে দুজাপ কৰি জাপি থৈছে । ইফালে সিফালে চাই থাকোঁতেই নীলৰ চকুত গৰ্ডৰেজৰ দুৱাৰখন অলপ খোল খাই আছে । সকলো ঠিকেই আছে নাই কেৱল নীলৰ লেপটপটো । কল্যাণী ....! এইফালে আহাচোন....! নীলৰ টেঁটুফলা চিঞৰ শুনি কল্যাণী উধাতু খাই আহিল ।


: কিয় ইমান ভয়লগাকৈ চিঞৰিছা...?


: মোৰ লেপটপটো লৈছিলা নেকি....?


: নাই লোৱা । ৰাতিপুৱা টেবুলখনতে আছিলে দেখোঁন...! 


: বৰ আচৰিত কথা , সোণৰ আ অলংকাৰ একো নিয়া নাই নিছে কেৱল লেপটপটো , নিশ্চয় কোনোবা চিনাকি মানুহেই কামটো কৰিছে । 


: সেয়ে মই বাৰে বাৰে কৈছিলোঁ চিচি কেমেৰা লগাবলৈ । মোৰ কথাবোৰ গুৰুত্ব নিদিয়াৰ বাবেই আজি এনেকুৱা হৈছে । এতিয়া কি কৰিম বুলি ভাবিছা নীল....


: ভাবিবলৈ কিটো আছে । অফিচৰ ভালেকেইটা ফাইল তাতে আছিলে । 


        দুয়োটাই কথা পাতি থাকোঁতেই নীলৰ ফোনটো বাজি উঠিল । ফোনটো হাতত লৈ নীল আগফালৰ বাৰাণ্ডাখনলৈ ওলাই গ'ল । 


          ..... যদি লেপটপটোত অফিচৰ কিবা দৰকাৰী ফাইল আছিল তেন্তে নীলে কথাটো ইমান সাধাৰণভাৱে লৈছে কিয়...? বুজৰবৰুৱাৰ দৰে নীলেও মোৰ লগত অভিনয় কৰিছে নেকি....?  কথাবোৰ ভাবি থাকোঁতেই নীল সোমাই আহিল । 


: যি হ'ব লগা আছিল সেইয়া হৈয়ে গ'ল । এতিয়া মন মাৰি বহি থাকি একো লাভ নাই ।


       সোনকালে ৰূমটো চিজিল কৰা । বিচনাত পৰি থকা কাপোৰ কানিবোৰ জাপি আলনাত থৈ বিচনাখন ঠিক কৰি হাত মুখ ধুই ৰঙা চাহ দুকাপ বনাই ড্ৰয়িং ৰূমটোলৈ উলিয়াই আনিলে কল্যাণীয়ে । ...নীল , চাহ খাই লোৱাহি..., 


: কল্যাণী , মই আজি গুৱাহাটীলৈ যাবই লাগিব । তিনি চাৰিদিনমান তাত থাকিব লাগিব । তুমি এটা কাম কৰা কাপোৰ কানি অলপ সামৰি বেগ এটাত ভৰাই লোৱা । মই তোমাক মাৰ ঘৰত থৈ আহিমগৈ । 


: তুমি কি ধৰণৰ মানুহ নীল....! দিনতেই ঘৰত চোৰ সোমাইছে আৰু তুমি....? 


: তুমি কিয় বুজি নোপোৱা কল্যাণী । কামটো বৰ জৰুৰী সেয়ে আজিয়েই যাব লাগিব । 


: যি ইচ্ছা তাকেই কৰা । পাছত মোক জগৰীয়া নকৰিবা । অলপ খঙেৰে কলে কল্যাণীয়ে । নীল , তুমি এতিয়া মোৰ লগত অলপ ওলাই যাব লাগিব । 


: অলপ আগতে আহি ঘৰ সোমাইছাহে, আকৌ ক'ত যাব হ'ল । 

: প্ৰশ্ন নকৰিবা । যাবা নে নোযোৱা সেইটো কোৱা... 


: যাম । তুমি ৰেডী হোৱা সোনকালে । বাহিৰে বাহিৰে তোমাক ঘৰত থৈ আহিম । 


: হ'ব । lunchটো বাহিৰতে কৰি লম ।  কথাষাৰ কৈ চাহৰ কাপ দুটা হাতত লৈ কল্যাণী পাকঘৰ পালেগৈ । কাপ দুটা ধুই হাতখন গাতে মোহাৰি লৰালৰিকৈ শাৰীখন গাত মেৰিয়াই কাপোৰ কেইটামান বেগ এটাত ভৰাই হাতত গাড়ীৰ চাবিটো লৈ কল্যাণী ওলাই আহিল। ....নীল , মোৰ হৈ গ'ল । গ্ৰীলত লগাবলৈ ষ্টৰ ৰূমৰ টলাটো খুলি লৈ আহাচোন ।  কল্যাণীৰ কথামতেই ষ্টৰ ৰূমৰ তলাটো খুলি আনি গ্ৰীলখনত লগাই দিলে নীলে । কল্যাণীৰ হাতৰ পৰা গাড়ীৰ চাবিপাত লৈ গাড়ীখন ষ্টাৰ্ট দি বাহিৰলৈ উলিয়াই আনিলে । গেটখন বন্ধ কৰি বহিবলৈ লওঁতেই প্ৰশ্ন কৰিলে কল্যাণীয়ে । ... নীল , চিটক'ভাৰটো খোল খাই থকা লাগিছে যেন...? 


: কি....? কল্যাণীৰ কথাষাৰ শুনি উচপ খাই উঠিল নীল । ...চাওঁ ! চাওঁ..!  ইয়াত important বস্তু এটা আছিল । সেইটো হেৰালে বৰ ডাঙৰ বিপদ হ'ব... । চিটক'ভাৰটো খুলি ভালদৰে চালে নীলে । চুৰিখন বিচাৰি নাপাই নীলৰ চকু কপালত উঠিল । 


: কি important বস্তু আছিল নীল ?  ইমান চিন্তা কৰিছা যে...! দৰকাৰী বস্তুবোৰ অলপ ভালকৈ থব লাগে । 


: মূৰে কাম নকৰা হৈ গৈছে কল্যাণী । কিবা যে ডাঙৰ বিপদ এটা হ'ব সেইটো sure । 


: অদৰকাৰী কথা কিছুমান নকবাচোন...! ব'লা , নহলে তোমাৰ দেৰি হৈ যাব ।  কথাষাৰ কৈয়ে কল্যাণী গাড়ীত বহি এবাৰ কেৰাহিকৈ চালে নীললৈ । ভয় আৰু চিন্তাত নীলৰ কপালত ঘাম বিৰিঙি উঠিল । 


       ক্ৰমশঃ.....


✍🏻তীৰ্থ_পিন্টু_বড়া


 মাজনিশাৰ উঁচুপনি পঞ্চম খণ্ড-

https://www.smj24.in/2022/09/assamese-storyboard_12.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

2 comments:

Advertisement

Pages