মাজনিশাৰ উঁচুপনি ( খণ্ড - ৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 12, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড - ৫ ) : Assamese Storyboard

Assamese Storyboard

 

......... ইন্দ্ৰনীল ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগেই মুখখন ভালকৈ ক'লা কাপোৰেৰে ঢাকি স্কুটিখন লৈ পাছে পাছে গল কাজলপ্ৰিয়া আৰু কল্যাণী ।  Assamese Storyboard )


ঘাই পথটোত  উঠাৰ লগে লগেই গাড়ীখনৰ স্পীডটো বঢ়াই দিলে ইন্দ্ৰনীলে । কাজলেও যিমান পাৰে সিমান স্পীডত স্কুটিখন আগুৱাই নিলে । কিছুদূৰ যোৱাৰ পাছতেই গাড়ীখন ঘাই পথটোৰ পৰা নমাই সৰু গলি এটাৰে গাড়ীখন সুমুৱাই নিলে । আন্ধাৰ গলীটোত কিছুদূৰ যোৱাৰ পাছত গাড়ীখন ৰখাই লাহেকৈ গাড়ীৰ পৰা নামি ভিতৰলৈ সোমাই গ'ল নীল । নীল বাহিৰলৈ ওলাই অহালৈকে গলীটোৰ কাষতে থকা সৰু দোকানখনৰ কাষতে অপেক্ষা কৰিলে কাজল আৰু কল্যাণীয়ে । এক ডেৰ ঘণ্টাৰ পাছত নীলৰ লগতে আৰু এজন মানুহে ডাঙৰ বস্তা এটা আনি দিকিত ভৰোৱা প্ৰত্যক্ষ কৰিলে কাজলে । খৰখেদাকৈ মোবাইলৰ কেমেৰাটো অন কৰি কেইখনমান ফটো উঠালে । ....কাজল, বস্তাটোত কি আছে বাৰু....? লাহেকৈ সুধিলে কল্যাণীয়ে । 


: ভালকৈ একো ধৰিব নোৱাৰিলো । 


: উম...! গাড়ীখন আমি ভালদৰে লক্ষ্য কৰিব লাগিব । 


: মইয়ো তাকেই ভাবিছোঁ ।  দুয়োজনীয়ে কথা পাতি থাকোঁতে লাহে লাহে গলীটোৰ পৰা গাড়ীখন ওলাই গ'ল । কাজলেও স্কুটিখন লৈ নীলৰ গাড়ীখনক পিছা কৰিবলৈ ধৰিলে । ঘাই পঠটোত উঠাৰ পাছত সৰাগুৰি চাপৰিৰ দিশে গাড়ীখন আগুৱাই যাবলৈ ধৰিলে । সৰাগুৰি জানটোৰ দলঙখনৰ ওপৰতে গাড়ীখন ৰখাই দিকিৰ পৰা বস্তাটো উলিয়াই চোঁচৰাই চোঁচৰাই জানটোৰ তললৈ নমাই নিলে । এই সকলোবোৰ ঘটনা কাজল আৰু কল্যাণীয়ে নিজৰ মোবাইলত ভিডিও কৰি ৰাখিছিল । গাড়ীখনৰ পোহৰত স্কুটিখন দেখে বুলি কাজলে স্কুটিখন ৰাস্তাৰ পৰা অলপ কাষলৈ নমাই দি দুয়োজনী গছ এজোপাৰ কাষত লুকাই থাকিল । কিছু সময়ৰ পাছতেই গাড়ীখন ঘূৰাই নীল আৰু বুজৰবৰুৱা ঘৰমুৱা হ'ল । গাড়ীখন পাৰ হৈ যোৱা দেখি দুয়োজনী ৰাস্তালৈ ওলাই আহি মবাইলৰ টৰ্চ জ্বলাই সৰু ৰাস্তাটোৱে জানটোলৈ নামি গ'ল কাজল আৰু কল্যাণী । বস্তাটো জানটোতে পৰি থকা দেখি ভালদৰে নিৰীক্ষণ কৰিলে কাজলে । ....কল্যাণী । আমি এতিয়া ইয়াত থকাটো ভাল নহ'ব । 


: কিয়.....? বস্তাটো খুলি চোৱা হ'লে ভাল আছিল নেকি কাজল...?


: সেইটো ভুল কৰিব নোৱাৰি কল্যাণী । ৰাতিপুৱা সকলো পোহৰলৈ আহিব । নীল ঘৰ গৈ পোৱাৰ আগতেই আমি ঘৰ পাবগৈ লাগিব , নহলে নীলে তোক সন্দেহ কৰিব ।  কথা কৈ থাকোঁতেই বস্তাটোৰ ফটো তুলিলে কাজলে । .... নীলক দোষী সাব্যস্ত কৰিবলৈ এইখিনি প্ৰমাণেই যথেষ্ঠ । 


: ঠিক আছে । আমি এতিয়া গৈ থাকোঁ ব'ল । 


             ..... জানটোৰ পৰা ৰাস্তালৈ উঠি আহি স্কুটিখন ষ্টাৰ্ট কৰি তীব্ৰ বেগেৰে ঘৰমুৱা হ'ল কাজল আৰু কল্যাণী । গেটখন খুলি স্কুটিখন গেৰেজত ভৰাই লৰালৰিকৈ ভিতৰলৈ সোমাই গল কাজল ।  কাপোৰ কেইটা সলাই পাকঘৰত ব্যস্ত হৈ পৰিল কল্যাণী । হাত মুখ কেইটা ধুই কাজলে পাকঘৰলৈ সোমাই আহিল ।  


: কল্যাণী , কিবা সহায় কৰিব লাগিব নেকি...! 


: ৰঙা চাহ একাপকে বাকিব পাৰ । ডিঙিটো বৰ শুকাই যোৱা নিচিনা লাগিছে । 


: হয়নেকি...! ঠিক আছে তেন্তে...! তই অকণমান আতঁৰহৈ দে । 

       পাকঘৰত দুয়োজনী ব্যস্ত হৈ থাকোঁতেই কলিং বেলটো বজা শব্দ শুনি উধাতু খাই পাকঘৰৰ পৰা ওলাই আহি দুৱাৰখন খুলি দিলে কল্যাণীয়ে । .... পালাহি ! কাম হলনে...? 

কল্যাণীৰ প্ৰশ্নৰ একো উত্তৰ নিদি ভিতৰলৈ সোমাই গ'ল ইন্দ্ৰনীল । কাপোৰ কানিবোৰ বিচনাতে পেলাই ৱাচ ৰূমত সোমাল নীল । ভালকৈ গাটো ধুই কাপোৰ কানি কেইটা পিন্ধি বিচনাত বাগৰ দিলে ইন্দ্ৰনীলে । 


        ..... নীল , চাহ আনিছোঁ । হাতত চাহৰ কাপটো লৈ ৰূমটোলৈ সোমাই আহিল কল্যাণী । 


: অসময়ত চাহ দিলা যে...! ভাত হোৱা নাই নেকি....? 


: তুমি আহিলে ৰান্ধিম বুলি ৰৈ আছিলোঁ । 


: এঘাৰ বাজিবৰে হ'ল এতিয়া আৰু ভাত ৰান্ধিবলৈ সময় আছে নে...? 


: তুমি চাহকাপ খাই অলপ আৰাম কৰা । মোৰ ভাত হৈ যাব । 


: ঠিক আছে । সোনকাল কৰা ৰাতিপুৱা সোনকালে অফিচ যাব লাগিব । 


      বিচনাত পেলাই থোৱা চাৰ্ট পেন্ট দুটা আলনাত থৈ কল্যাণী ওলাই আহিল । ....কাজল , তোৰ ভোক লাগিছে যদি ফ্ৰীজতে আপেল আছে তাৰে এটা খাই লৱ । 


: ভোক লগা নাই । তই লাহে ধীৰে কৰি থাক । নীলক তই কিবা সুধিছিলি নেকি....?


: একো সোধা নাই । কিন্তু নীলক আজি বৰ চিন্তাত থকা দৰে লাগিছে । 


: হয়নেকি..! 


: নিউজত কিবা আহিছে নেকি টিভিটো অন কৰি চাগৈচোন । 


        পাকঘৰৰ পৰা ওলাই আহি টিভিটো অন কৰি চোফাখনতে ভৰি দুখন তুলি বহি ললে কাজলপ্ৰিয়া । নিউজ চেনেলটো অন কৰি নিউজ চাই থাকোঁতেই হঠাৎ বাজি উঠিল ।।  .....এই সময়ৰ এটা বিগ ব্ৰেকিং নিউজ সৰাগুৰি থানাৰ ইন্সপেক্টৰ কমল বুজৰবৰুৱাৰ ঘৰৰ পৰাই নিৰুদ্দেশ হৈছে তেওঁৰ পত্নী মীনা বুজৰবৰুৱা । কোনো দুষ্ট চক্ৰই এই কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্বামী কমল বুজৰবৰুৱাই ।


       কল্যাণী , এইফালে আঁহচোন...! বৰ ডাঙৰ কথা এটা হ'ল ।  ড্ৰয়িং ৰূমৰ পৰাই চিঞৰিলে কাজলে । কাজলৰ চিঞৰ শুনি খৰখেদাকৈ ওলাই আহিল কল্যাণী । 


: কি হ'ল কাজল....? 


: ইন্সপেক্টৰ কমল বুজৰবৰুৱাৰ পত্নী ঘৰৰ পৰা নিৰুদ্দেশ হৈছে । লাইভ দি আছে চা... 


: কেনেবাকৈ নীলৰ লগত যোৱা মানুহজন বুজৰবৰুৱা নহয়টো....!  লাহেকৈ প্ৰশ্ন কৰিলে কল্যাণীয়ে ।


: হ'বও পাৰে কল্যাণী । মুখখন ভালকৈ নেদেখিলোঁ নহয়....! 


: তই এটা কাম কৰ , তহঁতৰ চেনেলৰ কোনোবা গৈছে যদি বুজৰবৰুৱাৰ ঘৰৰ ঠিকনাটো সোধ ..., তেতিয়াই সকলো ওলাই পৰিব । 


: ভাল আইডিয়া এটা দিছ । ৰহ...! মই ফোন এটা কৰি চাওঁ । 


      লগে লগেই ফোন কৰিলে কাজলে । .....হেল্ল' ! ক'ত আছা প্ৰসেন....? 


: মই ঔগুৰিলৈ আহি আছোঁ কমল বুজৰবৰুৱাৰ ঘৰলৈ । 


: অ'... হয়নেকি ! ঠিক আছে দিয়া । নিউজটো পাইহে তোমালৈ ফোন কৰিছিলোঁ । 


: হ'ব দিয়া । মই পাছত ফোন কৰিম তোমাক । 


: ঠিক আছে ।  ফোনটো কাটি দিলে কাজলে ।  ....কল্যাণী , নীলৰ লগত যোৱা মানুহজন বুজৰবৰুৱাই হয় । বুজৰবৰুৱাৰ ঘৰ ঔগুৰিতেই । 


: তাৰমানে.....! নীল ......?  কিবা এটা ক'ব খুজিও নীলক দেখি ৰৈ দিছিল কল্যাণী । 


: কল্যাণী , তুমি আকৌ টিভিৰ ওচৰত বহিলাহি যে....? প্ৰশ্ন কৰিলে নীলে । 


: নিউজ চোৱা । বুজৰবৰুৱাৰ ঘৈণীয়েক নিৰুদ্দেশ হৈছে । 


: কি.....? এই নিউজ চেনেলবোৰৰ কাম নাই আৰু....! কি যে নিউজবোৰ দি থাকে নহয় । ভাত হ'ল যদি ৰেডী কৰাগৈ যোৱা ।   নীললৈ কেৰাহীকৈ চাই কল্যাণী পাকঘৰলৈ সোমাই গ'ল ।   Assamese Storyboard )


        ..... কাজল ঘৰত সকলোৰে ভাল নে..? 


: কিনো ভাল বুলি কম.... ! মাৰ ইটো সিটো বেমাৰ ওলায়ে থাকে ।


: কি কৰিবা আৰু...! বয়স বাঢ়ি গলে মানুহক বেমাৰ আজাৰে বেৰি বেৰি ধৰে । 


: উম....! 


: কথা এটা কওঁ বেয়া পাবা নেকি....?


: কিয় বেয়া পাম নীল দা । কওঁক....


: মোৰ হাতত ভাল ল'ৰা এজন আছে । তুমি যদি কোৱা মই তাৰ লগত কথা পাতিম । 


: মই এতিয়াই বিয়াৰ কথা ভবা নাই নীল দা । সঁচা কথা কবলৈ গলে মোৰ বিয়া হ'বলৈ ইচ্ছাই নাই । 


: সেইটো ভুল কেতিয়াও নকৰিবা কাজল । ছোৱালী হৈ জন্ম লৈছা যেতিয়া এদিন নহয় এদিন বিয়া হ'বই লাগিব । ই সমাজৰ নিয়ম । 


: সমাজৰ নিয়ম....! হাঁহি উঠে এই কথাবোৰ শুনিলে । সমাজৰ নিয়ম মানি এজনী ছোৱালীক বিয়া কৰাই অনাৰ পাছত যৌতুক দাবী কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি হত্যা কৰা , ঘৰৰ পৰা উলিয়াই দিয়া এইবোৰো সমাজৰ নিয়ম নেকি...? এইবোৰ দেখি শুনিয়েই জীৱনত বিয়া নহওঁ বুলি সিদ্ধান্ত লৈছোঁ মই । 


: বৰ ভুল সিদ্ধান্ত লৈছা তুমি..., সময় থাকোঁতেই সিদ্ধান্ত সলনি কৰা । 


        কাজল , ভাত উলিয়াইছোঁ , টেবুললৈ আহ.... ।  পাকঘৰৰ পৰাই চিঞৰিলে কল্যাণীয়ে ।  


: ব'লক নীল দা । ভাত উলিয়ালে ।  


       নীল আৰু কাজল দুয়ো ডাইনিং ৰূমটোলৈ সোমাই আহিল । মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰাকৈ ভাতকেইটা খাই ইন্দ্ৰনীল টেবুলৰ পৰা উঠি গ'ল । 


: দেখিলী কাজল । মই কিবা সুধো বুলিয়েই মুখেৰে মাত এটাও নিদিলে ।  বৰ দুখ মনেৰে কলে কল্যাণীয়ে । 


: দুখ নকৰিবি কল্যাণী । বহুত টেনশ্যনত আছে নীল । সেয়ে এনেকুৱা কৰিছে । 


: চাই থাক কাজল , এওঁৰ ভদ্ৰতাৰ মুখাখন মই খুলিহে এৰিম । বাচন কেইটা সামৰি বেচিনটোতে থৈ ডাইনিং ৰূমত থকা বিচনাখন কাজলক শুবলৈ ঠিক কৰি দি । লাইটৰ ছুইছটো অফ কৰি  কল্যাণীও বিচনাত উঠিল । চকুদুটা জপাই দিয়াৰ লগে লগেই কল্যাণীৰ দুচকুত ভাঁহি আহিল এটি ভয়ংকৰ ছায়ামূৰ্তি । উচপ খাই উঠিল কল্যাণী , বিচনাৰ পৰা লাহেকৈ নামি ড্ৰয়িং ৰূমটোলৈ ওলাই আহি চোফাখনত বহি দীঘলকৈ নিঃশ্বাস এটা এৰি দিলে কল্যাণীয়ে । বাহিৰৰ পৰা ফিৰফিৰিয়া বতাহ এজাক আহি কল্যাণীক স্পৰ্শ কৰিব ধৰিলে । কেৰেক কৰি শব্দ এটা কৰি ড্ৰয়িং ৰূমৰ খিৰিকীখন হঠাৎ খোল খাই গ'ল । একেঠিৰে খিৰিকীখনলৈ চালে কল্যাণীয়ে , কোঁ কোঁ শব্দ কৰি খিৰিকীৰে কিবা এটা ভিতৰলৈ সোমাই আহি এটা ভয়ংকৰ ছায়ামূৰ্তি কল্যাণীৰ সন্মুখত ধৰা দিলে । কপালত পৰি থকা ঘন কলা চুলিকোছাৰ মাজৰে চকু দুটা ত'তকৈ  জিলিকিছিল । ভয়ত কল্যাণীৰ ডিঙিটো শুকাই যোৱাৰ দৰে লাগিছিল । এটোপ দুটুপ কৰি কল্যাণীৰ কপালত ঘাম বিৰিঙিছিল । লাহে লাহে ছায়ামূৰ্তিটো কল্যাণীৰ ওচৰ চাপি আহিছিল । .....কোন ? কি লাগে তোক .....? এবাৰ কল্যাণীলৈ মূৰ তুলি চালে ছায়ামূৰ্তিটোৱে ।  কল্যাণীৰ মাতটো শুনি ডাইনিং ৰূমৰ লাইটো জ্বলাই ওলাই আহিবলৈ লওঁতেই বিকত হাঁহি এটা মাৰি ছায়ামূৰ্তিটো নাইকিয়া হৈ গৈছিল আৰু ঘটংকৈ শব্দ এটা কৰি খিৰিকীৰ গ্লাছ এখন ভাগি মজিয়াত সৰি পৰিছিল । 


: কল্যাণী....! কাৰ লগত কথা পাতি আছিলি...? কল্যাণী....! কল্যাণী......!  কল্যাণীৰ ওচৰলৈ আহি জোকাৰি দিছিল কাজলে । 


: ভূ..........., ভূত......! ডাঙৰকৈ চিঞৰি দিছিল কল্যাণীয়ে । 


: কল্যাণী...! ঐ কল্যাণী ..... কি হৈছে তোৰ.....? 


: কাজল , মোক কিবা এটাই খেদি ফুৰিছে । চকুদুটা জপাই দিলেই মোৰ দুচকুত ভয়ংকৰ ছায়ামূৰ্তি এটা ভাঁহি আহে । 


: কি কথা কৈছ এইবোৰ ! যি টি কথাবোৰ ভাবি থকাৰ বাবেই এনে হৈছে তোৰ । যা শুই থাকগৈ... 


: নহয় কাজল । সচাঁকৈ কৈছোঁ মই । নীলেও মোৰ কথাবোৰ মিছা বুলি ভাবিছে । কিবা এটা ৰহস্য আছে কাজল । 


: যদি তোৰ কথাবোৰ সঁচা হয় । তেন্তে বৰ আচৰিত কথা । মই এইবোৰ বিশ্বাস নকৰোঁ কল্যাণী ।  


: তই শুগৈ যা কাজল । ময়ো শুগৈ.... চোফাখনৰ পৰা উঠি আহি বিচনাখনত বাগৰ দিলে কল্যাণীয়ে । ....বাৰে বাৰে ছায়ামূৰ্তিটোৱে কিয় মোৰ আগত ধৰা দিছে ...! কাৰ ছায়ামূৰ্তি হ'ব পাৰে হ'ব পাৰে এইটো....? হয়টো ছায়ামূৰ্তিটোৱে মোৰ লগত কথা পাতিব বিচাৰিছে ।  কথাবোৰ ভাবি থাকোতেই কল্যাণীৰ টোপনি আহিল ।


   ক্ৰমশঃ.....


✍🏻তীৰ্থ_পিন্টু_বড়া


 মাজনিশাৰ উঁচুপনি চতুৰ্থ খণ্ড-

https://www.smj24.in/2022/09/assamese-storyboard_11.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

Advertisement

Pages