মাজনিশাৰ উঁচুপনি ( খণ্ড - ৪) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 11, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড - ৪) : Assamese Storyboard

Assamese Storyboard

 

 ........ সন্ধিয়া হোৱাৰ লগে লগেই হাতত মোবাইলটো লৈ কল্যাণী আগফালৰ বাৰাণ্ডাখনলৈ ওলাই আহি চকীখনতে বহি আঁউজি দিলে ।  Assamese Storyboard )


গছৰ ডাল ভঙা যেন শব্দ এটা শুনি মূৰ তুলি চালে কল্যাণীয়ে । পদূলিত থকা তগৰজোপাৰ ডালবোৰ কিহবাই ভাঙিছে । মোবাইলৰ টৰ্চটো জ্বলাই পদূলিলৈ কল্যাণী ওলাই যোৱাৰ লগে লগেই শব্দটো নাইকিয়া হৈ গ'ল । মনত অলপো ভয় নকৰি গ্ৰীলখন বন্ধ কৰি কল্যাণী ভিতৰলৈ সোমাই আহিল । দূৰণিৰ পৰা ভাঁহি আহিল শিয়ালৰ চিঞৰ । লাহে লাহে গোটেই পৃথিৱীখন আন্ধাৰে গ্ৰাস কৰিলে । চোফাখনতে বহি কিতাপ এখন মেলি পঢ়িবলৈ লওঁতেই কল্যাণীৰ পাছফালে কিবা এটা ছায়ামূৰ্ত্তি ঠিয় হৈ থকা যেন অনুভৱ কৰি ভয়ে ভয়ে পাছলৈ ঘূৰি চালে কল্যাণীয়ে । ....একো নাই দেখোঁন ! মোৰ আচলতে হৈছে কি...? কিয় ঘৰখনৰ পৰিবেশটো বৰ আচহুৱা যেন লাগিছে....! 


হয়টো মই মানসিক ভাৱে অলপ দুৰ্বল হৈছোঁ যাৰবাবে নানা চিন্তা আহিছে মনলৈ । কথাবোৰ ভাবি কিতাপখনৰ পৃষ্ঠাটো লুটিয়াই পঢ়াত ব্যস্ত হৈ পৰিল কল্যাণী । কিছু সময় বৰ মৌনভাবে পাৰ হৈ গৈছিল । মেও.... মেও.... শব্দ কৰি ক'লা বোন্দা মেকুৰী এটা পাকঘৰৰ পৰা ওলাই আহি ভেন্টিলেটৰ খনেদি বাহিৰলৈ ওলাই গ'ল । তেনেতে পাকঘৰত প্ৰচণ্ড শব্দ কৰি কিবা এটা পৰা যেন পাই টেবুলখনতে কিতাপখন থৈ কল্যাণী পাকঘৰলৈ সোমাই গ'ল । ভালদৰে নিৰীক্ষণ কৰিলে পাকঘৰটো , সকলো ঠিকেই আছে । ভয়ত কল্যাণীৰ ভৰি দুখন ঠকথককৈ কঁপিবলৈ ধৰিলে । পাকঘৰৰ পৰা ওলাই আহিবলৈ লওঁতেই এটা বিকত চিঞৰ কল্যাণীৰ কাণত বাজি উঠিল । উধাতু খাই পাকঘৰৰ পৰা ওলাই আহি নীললৈ ফোন লগালে কল্যাণীয়ে । ৰিং কৰি কৰি ফোনটো কাট খাই গ'ল । দুই তিনিবাৰ ফোন কৰাৰ পাছতো ফোনটো ৰিচিভ নকৰিলে ইন্দ্ৰনীলে । খঙতে ফোনটো টেবুলতে থৈ টিভিটো অন কৰি দুৱাৰখন বন্ধ কৰি হুকটো লগাই দিলে কল্যাণীয়ে । নিউজ ছেনেলটো খুলি ভৰি দুখন তুলি চোফাখনত ভালকৈ বহি ললে কল্যাণী । 


    ...... সংগীতা ফুকনৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ । হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে ।  নিউজটো শুনাৰ পাছত সংগীতাৰ মনত নানা প্ৰশ্নৰ উদয় হবলৈ ধৰিলে । ....ৰক্ষকেই যদি ভক্ষক হয় তেতিয়া জনসাধাৰণে ন্যায় পাব কেনেকৈ ..? কাজলে ঠিকেই কৈছিল টকাৰে সকলো মেনেজ কৰিব পাৰি । যেতিয়ালৈকে সমাজত এই দুৰ্নীতিবোৰ চলি থাকিব তেতিয়ালৈকে সমাজত ধৰ্ষণ হত্যা হৈয়ে থাকিব । সংগীতাৰ দৰে বহু নাৰী আমাৰ মাজৰ পৰা হেৰাই যাব । মনৰ মাজত কথাবোৰ পাগুলি থাকোঁতেই দুৱাৰখনৰ হুকটো তললৈ খহি পৰিল , একেঠিৰে দুৱাৰখনলৈ লক্ষ্য কৰিলে কল্যাণীয়ে । কেৰেককৈ শব্দ এটা কৰি দুৱাৰখন নিজেই নিজেই খোল খাই গ'ল । ভয়ত কল্যাণীৰ বুকুখন ঢপঢপাবলৈ ধৰিলে । ডাঙৰকৈ চিঞৰ এটা মাৰি গ্ৰীলখন খুলি পদূলিলৈ দৌৰ মাৰিলে কল্যাণী । ইফালে সিফালে চাই থাকোঁতেই ৰিণিকি ৰিণিকি গাড়ীএখনৰ পোহৰ এটা দেখি তাই যেন মনত অলপ সাহস পালে । লাহে লাহে গাড়ীখন আহি কল্যাণীৰ ওচৰ পালেহি । আউলি - বাউলি হৈ গেটৰ সন্মুখত কল্যাণী ৰৈ থকা দেখি গাড়ীৰ পৰা নামি আহিল ইন্দ্ৰনীল । .....কি হ'ল কল্যাণী ...? কিয় এনেকৈ ৰাস্তাত ৰৈ আছা ........? 


: নীল...! আমাৰ ঘৰটোত কিবা এটা হৈছে , এনেকৈ হ'লে মই ইয়াত থাকিম নোৱাৰিম নীল । 


: কি হৈছে সেইটো কোৱা...? 


: ৰাস্তাত নকওঁ । প্ৰথমে ভিতৰলৈ গৈ তুমি ফ্ৰেচ হৈ লোৱা । মই সকলো কম । 


        গাড়ীখন আনি গ্ৰেজত সুমুৱাই জোতাযোৰ বাৰাণ্ডাতে খুলি ভিতৰলৈ সোমাই গ'ল নীল । কল্যাণীয়েও গেটখন বন্ধ কৰি ভিতৰৰ পৰা তলা চাবিটো আনি তলাটো লগাই গ্ৰীলখন বন্ধ কৰি পাকঘৰলৈ সোমাই গ'ল কল্যাণী । দিনতে মথি থোৱা আটাকেইটা ফ্ৰীজৰ পৰা উলিয়াই সৰু সৰুকৈ লুচিকেইখনমান বেলি ফুলাই ফুলাই লুচিকেইখন পুৰি লৈ চাহৰ চচটো বহুৱাই ব্ৰেড দুখনমানত বাটাৰ লগাই হতকেছ আৰু প্লেটখন ডাইনিং টেবুলতে থৈ ৰঙা চাহ দুকাপ কৰি আনি নীলক মাত লগালে কল্যাণীয়ে । 


: নীল..., তোমাৰ হ'লনে ....? আহাঁ ...! মই চাহ ৰেডী কৰিলোঁ । 

: গৈছোঁ ৰ'বা । বেড ৰূমৰ পৰাই চিঞৰিলে নীলে । হাতত চাহৰ কাপটো লৈ ফুঁৱাই ফুঁৱাই চাহ এসোঁৱাহ খাবলৈ লওঁতেই নীল আহি কল্যাণীৰ কাষতে বহিলে । 


: আজি মই বহুত লাজ পাইছোঁ কল্যাণী । অফিচলৈ যাবলৈ তোমাৰ কি প্ৰয়োজন আছিল ...? 


: সংগীতাক লগ কৰিবলৈ মই তোমাৰ অফিচলৈ গৈছিলোঁ । কিন্তু তোমালোকৰ অফিচত সংগীতা নামৰ কোনো employee নাই । কেনেবাকৈ সংগীতা ফুকনৰ হত্যাকাণ্ডৰ লগত তুমি জড়িত হৈ নাইটো.....? কল্যাণীৰ কথাষাৰ শুনি মুখৰ বৰণ সলনি হৈ গৈছিল ইন্দ্ৰনীলৰ ।


: বলিয়া হৈছা নেকি তুমি....? মই আকৌ কিয় হত্যা কৰিম...?


: তেন্তে তুমি মোক সঁচা কথা কোৱা , সংগীতা কোন....? 


: তুমি কিয় একেটা কথাতে লাগি আছা ....! এনেই অফিচৰ টেনশ্যন তাৰ ওপৰত আৰু এটা টেনশ্যন জাপি নিদিবা । 


: নীল...! সংগীতাৰ কথা উলিয়ালেই তোমাৰ মুখৰ বৰণ সলনি হৈ যায় কিয়...? 


: তোমাৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে । অফিচতটো শান্তি নায়েই ঘৰটো শান্তি নাইকিয়া হ'ল ....! বৰ খঙেৰে কথাষাৰ কৈ চাহৰ কাপটো টেবুলতে ঠেকেচা মাৰি থৈ নীল উঠি গ'ল ।  Assamese Storyboard )


        কিবা এটা ৰহস্য নিশ্চয় আছে...।  সংগীতাৰ কথা উলিয়ালেই নীলৰ কিয় ইমান খং উঠে....? কোন এই সংগীতা...?  নিজকে নিজেই প্ৰশ্ন কৰিলে কল্যাণীয়ে । চাহখোৱা কাপ প্লেটকেইখন সামৰি বেচিনটোতে পেলাই বেড ৰূমটোলৈ সোমাই আহিল কল্যাণী । আলনাৰ কাপোৰ কেইটা চিছিল কৰিবলৈ লওঁতেই ফোনটো বাজি উঠিল । হাতত থকা চাদৰখন বিচনাতে পেলাই বাহিৰলৈ আহিল মোবাইলৰ স্ক্ৰীণত ভাঁহি উঠিল বুজৰবৰুৱাৰ নাম । ধৰোঁ নধৰোঁকৈ ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । হেল্ল'...!


: Good Evening , কি কৰি আছিলা...? 


: চাহ খাই আছিলোঁ । তুমি...? 


: মই ডিউটিৰ পৰা আহি এইমাত্ৰ ঘৰ সোমাইছোঁ । 


: অ'..! হয়নেকি....! ফ্ৰেচ হৈ লোৱা তেন্তে..


: ফ্ৰেচ হ'ম লাহে লাহে । দিনটো কি কৰিলা আজি....? 


: বান্ধৱী এগৰাকীৰ ঘৰলৈ গৈছিলোঁ । সন্ধিয়া হোৱাৰ আগতে ঘৰ সোমাইছোহি । 


: তেতিয়াহ'লে দিনটো আজি ভালদৰেই পাৰ হ'ল ...! আমাকো চিনাকি কৰাই দিবা কেতিয়াবা । 


: চিনাকি কৰাই দিবলৈ তাই আৰু এই পৃথিৱীত নাই । কোনোবাই তাইক হত্যা কৰিলে । মই মাকক মাত এষাৰ দিবলৈহে গৈছিলোঁ । 


: অ'....! খবৰটো শুনিহে বৰ বেয়া লাগিল । কি নাম আছিল ছোৱালীজনীৰ...?  


: সংগীতা ফুকন । সৰাগুৰি জানটোৰ ওচৰত তাইৰ মৃতদেহটো উদ্ধাৰ হৈছিল । 


: সংগীতা ফুকন.....! নামটো উচ্চাৰণ কৰি নিমাত হৈ গৈছিল বুজৰবৰুৱা । 


: হেল্ল'....! শুনিছানে...? হেল্ল'....! হেল্ল'....!  সংগীতা ফুকনৰ নামটো শুনিয়েই ফোনটো কাটি দিছিল কমল বুজৰবৰুৱাই । কল্যাণীয়ে আকৌ ফোন লগালে বুজৰবৰুৱালৈ । বাৰে বাৰে চেষ্টা কৰিও ফোনটো লগাব নোৱাৰিলে কল্যাণীয়ে ।

 ...... বুজৰবৰুৱাই ফোনটো কাটি দিলে কিয় ? 


      ....কল্যাণী , মাতষাৰ লগাই বেডৰূমটোলৈ সোমাই আহিল ইন্দ্ৰনীল । 


: কোৱা । 


: মই অলপ ওলাই যাম এতিয়া । আহোঁতে অলপ দেৰি হ'ব । 


: আজি যাব নালাগে নীল । মোৰ গাটো ভাল লাগি থকা নাই । 


: গাটো বেয়া যদি তুমি অলপ আৰাম কৰা । মই গৈ আহোঁ...!


: প্লীজ...! মই অকলে থাকিব নোৱাৰোঁ নীল । কালিৰে পৰা ঘৰখনত বৰ অস্বাভাৱিক কাণ্ড হৈ আছে । সেয়ে কৈছোঁ , মই অকলে থাকিব নোৱাৰোঁ নীল...


: কিয় সৰু ছোৱালীৰ দৰে কৰিছা তুমি ....? মই দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি যাম । ভয় কৰিবলৈ কিটো আছে । ভয়েই ভূত । 


: ঠিক আছে যোৱা । মই কাজলকে মাতি দিওঁ । 


: বঢ়িয়া । তাইক সোনকালে আহিবলৈ কোৱা । ফোন কৰা তুমি.... 


       হাতত মোবাইলটো লৈ কল্যাণী বেডৰূমটোৰ পৰা লাহেকৈ ওলাই আহি কাজলপ্ৰিয়ালৈ ফোন লগালে । ....কাজল , ক'ত আছ তই...? 


: ঘৰতে আছোঁ কৱ । 


: তই ইমিডিয়েট মোৰ ঘৰলৈ আঁহচোন...! 


: কিয় কল্যাণী....? 


: নীল বিশেষ কামত বাহিৰলৈ যাম বুলি কৈছে । কি বিশেষ কাম তাক নিৰীক্ষণ কৰিবলৈ যাম বুলি ভাবিছোঁ । 


: তই বলিয়া হৈছ কল্যাণী । নিজৰ মানুহটোক ইমান সন্দেহ কৰিছ কিয়...?


: সেইবোৰ পাছত গম পাবি । তই যিমান পাৰ সিমান সোনকালে মোৰ ঘৰলৈ আহ...


: ঠিক আছে । পোন্ধৰ বিশ মিনিটত পাই আছোঁ । 


: শুন...! পাৰিলে ক'লা ড্ৰেচ পিন্ধি আহিবি । আমাৰ সুবিধা হ'ব । 


: ঠিক আছে । মই গৈ আছোঁ ।   ফোনটো কাটি দিলে কাজলে । 


       ৰেডী হ'লাই নেকি...! ৰূমটোলৈ সোমাই আহিল কল্যাণী 

 

: উম..., কাজলে কি কলে...? 


: আহিব । 


: তেতিয়া হলে মই গৈ থাকোঁ । 


: প্লীজ...! তাই অহালৈকে ৰৈ দিয়া না...!  নীলক অনুৰোধ কৰিলে কল্যাণীয়ে । 


: মোৰ লেট হৈ যাব । তুমি কিয় নুবুজা...? তেনেতে নীলৰ ফোনটো বাজি উঠিল । পকেটৰ পৰা ফোনটো উলিয়াই ফোনটো কাটি দিলে নীলে । 


: কোনে ফোন কৰিছিল নীল...? 


: কাষ্টমাৰ কেয়াৰ । বৰ অশান্তি কৰে এইবোৰে । যোৱাচোন পানী এগিলাচ লৈ আহা । কাজল আহি পাই মানে মই বিচনাতে অলপ দীঘল দিওঁ । 


        লাহেকৈ বাহিৰলৈ ওলাই আহিল কল্যাণী । লৰালৰিকৈ পাকঘৰৰ পৰা পানী এগিলাচ আনি পৰ্দাখনৰ আঁৰ লৈ নীলে ফোনত কথা পতা শুনি আছিল কল্যাণীয়ে । ফোনটো থোৱাৰ লগে লগেই পৰ্দাখন দাঙি ৰূমটোলৈ সোমাই গ'ল কল্যাণী । ...লোৱা । নীল , তোমাৰ ফোনটো দিয়াচোন মালৈ ফোন এটা কৰি লওঁ ।  মিছাকৈয়ে কলে কল্যাণীয়ে 


: তোমাৰটো কি হ'ল...? 


: কাজলৰ লগত কথা পাতি থাকোঁতে বেলেঞ্চ শেষ হৈ থাকিলে । 


: লোৱা । বেছি সময় নকৰিবা । কাজল পালেহিয়ে মই যাম । 


: হ'ব দিয়া । নীলৰ হাতৰ পৰা ফোনটো লৈ ড্ৰয়িং ৰূমটোলৈ ওলাই আহিল কল্যাণী । কল লিষ্টখন চাই কল্যাণীৰ বুকুখন চিৰিং কৰি উঠিল । ....বুজৰবৰুৱাৰ লগত কি কথা পাতিলে নীলে...? কি শেষ কৰাৰ কথা কৈছিল বাৰু...! ভালকৈ শুনাও নাপালোঁ নহয়...! নীল আৰু বুজৰবৰুৱা মাজত কি সম্পৰ্ক আছে সেয়া আজি পোহৰলৈ আহিব । নীলে নিশ্চয় বুজৰবৰুৱাক লগ কৰিবলৈ যাব । কিন্তু... কিয়....? কথাবোৰ ভাবি থাকোঁতেই পদূলিত স্কুটিৰ হৰ্ণটো শুনি চাবিপাত হাতত লৈ কল্যাণী বাহিৰলৈ ওলাই গ'ল । 


ক্ৰমশঃ....


✍🏻তীৰ্থ_পিন্টু_বড়া


 মাজনিশাৰ উঁচুপনি তৃতীয় খণ্ড-

https://www.smj24.in/2022/09/assamese-storyboard_10.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages