দহ বজাৰ লগে লগেই ইন্দ্ৰনীল গৈ সৰাগুৰি থানা পালেগৈ। নীলক দেখি লৰালৰিকৈ বাহিৰলৈ ওলাই আহিল বুজৰবৰুৱা । .... Good Morning ইন্দ্ৰনীল বৰুৱা । ( Assamese Storyboard )
: Morning বুজৰবৰুৱা । আপুনি কেতিয়াবা বৰ বেয়াকৈ ফচাব মোক । নিজেইটো বিপদত পৰিবই লগতে মোকো মাৰিব ।
: ফাইলটো হেৰুৱাৰ খবৰটো দিবলৈ আপোনালৈ ফোন কৰিছিলোঁ । ফোনটো ৰিচিভ কৰাৰ লগে লগেই মই আপুনি বুলি কথাবোৰ কৈ দিলোঁ । মোৰ বিশ্বাস আপুনি আপোনাৰ ৱাইফক control কৰিব পাৰিব ।
: সেইটো ডাঙৰ কথা নহয় বুজৰবৰুৱা । তেওঁ মোক সন্দেহ কৰিছে । বাৰে বাৰে মোক প্ৰশ্ন কৰিছে সংগীতা কোন...? কি ফাইল হেৰালে ইত্যাদি ইত্যাদি....
: বুজি পাইছোঁ বৰুৱা । কিন্ত ফাইলটো নোহোৱা হোৱাৰ কথাটোৱে মোক বৰ চিন্তাত পেলাইছে । যোৱা ৰাতি শান্তিত শুব পৰা নাই ।
: Interesting কথাটো আপোনাক মই কোৱাই নাই । কালি পাৰ্টিৰ পৰা ঘৰলৈ উভটোতে আমি বৰ ডাঙৰ বিপদত পৰিছিলোঁ । বহুত অস্বাভাৱিক কাৰ্য সংঘটিত হৈছিল । সংগীতাৰ দৰে এজনী ছোৱালীৰ মৃতদেহ পাছৰ চিটটোত পৰি আছিল । হঠাৎ আকৌ নোহোৱা হৈ গৈছিল ।
: বৰুৱা...! কি যে কথাবোৰ কয় আপুনি । আজিৰ দিনত ভূত - প্ৰেত , আত্মা এইবোৰ একো নাই । ই আপোনাৰ মনৰ ভ্ৰম ।
: নহয় বুজৰবৰুৱা । কিবা এটা নিশ্চয় আছে । বাৰে বাৰে ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিও গাড়ীখনৰ ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ । কি হৈছোঁনো চাবলৈ বুলি নামি যাওঁতেই নিজেই গাড়ীখনৰ ষ্টাৰ্ট হৈ গৈছিল ।
: হা:....! হা:...! ইন্দ্ৰনীলৰ কথাবোৰ শুনি হাঁহি উঠিল বুজৰবৰুৱাৰ । তাৰমানে আপুনি ক'ব বিচাৰিছে যোৱা ৰাতি আপোনাক ভূতে পাইছিল । নহয়জানো....!
: নিজ চকুৰে নেদেখিলে হয়তো কথাবোৰ কোনেও বিশ্বাস নকৰিব । বুজৰবৰুৱা মই এটা কথা বুজি পোৱা নাই আপোনাৰ চেল্ফৰ পৰা ফাইলটো হেৰাল কেনেকৈ....! কেনেবাকৈ ফাইলটো মিডিয়াৰ মানুহৰ হাতলৈ যোৱা নাইটো...! নিউজ চাইছিলে নে নাই সকলোৱে এতিয়া পুলিচকেই সন্দেহ কৰিছে ।
: মই চোৱা নাই । কিন্তু মিছেছে মোক কৈছে ।
: যি কোনো প্ৰকাৰে আপুনি ফাইলটো নিজৰ হাতলৈ অনাৰ ব্যৱস্থা কৰক । ফাইলটোত যিহেতু মেডিকেল ৰিপৰ্টকে ধৰি সকলো ৰিপৰ্ট সোমাই আছে । কেনেবাকৈ যদি ফাইলটো থানাৰ বাহিৰলৈ ওলাই যাবলৈ হয় তেতিয়া কিন্তু সঁচা কথাবোৰ পোহৰলৈ আহিবলৈ বেছি সময় নালাগিব ।
: আপুনি চিন্তা নকৰিব বৰুৱা । ইমান সহজে হাৰ মনা মানুহ কমল বুজৰবৰুৱা নহয় ।
: আপোনাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে । সেয়ে মই নিচিন্ত মনেৰে আছোঁ । কথা পাতি থাকোঁতেই ইন্দ্ৰনীলৰ ফোনটো বাজি উঠিল । পকেটৰ পৰা ফোনটো উলিয়াই চালে নীলে । .....এক মিনিট বুজৰবৰুৱা মিছেছে ফোন কৰিছে । হেল্ল'...! কোৱা কল্যাণী ....
: ক'ত আছা ....?
: অফিচতে আছোঁ ।
: লাঞ্চ কৰিবলৈ আহিবা নে নাই...?
: যাম । কিয় সুধিলা ....?
: মই অলপ ওলাই যাম বুলি ভাবিছোঁ । তুমি আজি কেণ্টিনতে কিবা এটা খাই লবা ।
: ঠিক আছে । ড্ৰাইভাৰজনক পঠিয়াই দিম নেকি....?
: নালাগে । লাইন গাড়ীতে যাম । আহোঁতে অলপ দেৰি হ'বও পাৰে ।
: কিন্তু তুমি যাবা কলৈ...?
: এতিয়া নকওঁ । উভতি আহি সকলো কম ।
: ঠিক আছে দিয়া । মই ফাইল এটা চেক কৰি আছোঁ ।
ফোনটো কাটি দিলে ইন্দ্ৰনীল বৰুৱাই ।
: বৰুৱা । মই কিছুদিন থানাত নাথাকিম । আপুনি অলপ সাৱধানে থাকিব ।
: কিয়....? উৎকনঠাৰে সুধিলে নীলে ।
: সেই কিয়টোৰ উত্তৰ আপোনাৰ লগতে আছে বৰুৱা । অলপ চিন্তা কৰক উত্তৰ পাই যাব । কথাষাৰ কৈ চকীখনত বহী চিগাৰেট এটা জ্বলাই ললে বুজৰবৰুৱাই । ....বৰুৱা , সংগীতাৰ লগত যে আপোনাৰ এটা বিশেষ সম্পৰ্ক আছিল সেই কথাটো হয়টো আপুনি পাহৰি গৈছে কিন্তু আপুনি পাহৰিলেও বহু লোকে কথাবোৰ আকৌ খুচৰিছে ।
: What....
: yes . বৰুৱা । সেয়ে আপোনাক সাৱধান কৰি দিছোঁ , আৰু এটা কথা আপুনি মোক লগ কৰিবলৈ থানালৈ নাহিব । প্ৰয়োজন হ'লে আমি বাহিৰত লগ হম ।
: ঠিক আছে বুজৰবৰুৱা । মই এতিয়া গৈ থাকোঁ । কিবা খবৰ পালে মোক জনাব ।
: Sure....!
বৰ চিন্তাম্বিত মনেৰে ইন্দ্ৰনীল বৰুৱা খানাৰ পৰা ওলাই আহি ৰাস্তাৰ কাষত থকা সৰু দোকান এখনত বহি নিৰামিষ ভাত কেইটামান খাই চিগাৰেটটো জ্বলাবলৈ লওঁতেই নীলৰ ফোনটো বাজি উঠিল । ....কোৱা কল্যাণী । ( Assamese Storyboard )
: কত আছা...?
: ক'ত থাকিম আৰু....! অফিচত আছোঁ ।
: সচাঁকৈ অফিচত আছা নে...!
: ইয়াত সঁচা মিছা বুলিবলৈ কি আছে...! এইখিনি সময়ত মই অফিচত নাথাকি ক'ত থাকিম, তুমিয়েই কোৱাচোন...?
: যদি তুমি অফিচত আছা । তেন্তে তোমাৰ কেবিনটো বন্ধ হৈ আছে কিয়.....? দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহাঁ ।
: তাৰমানে তুমি....?
: উম...! মই তোমাৰ অফিচত ।
: হয়নেকি...! মোৰ অলপ লেট হব , অফিচৰ কাম এটাত অলপ ওলাই আহিলোঁ ।
: কিয় বাৰে বাৰে মিছা কথা কৈ আছা নীল । তিনিদিন ধৰি তুমি বোলে অফিচলৈ অহাই নাই , বচৰ পৰা মই সকলো information লৈহে তোমালৈ ফোন কৰিছোঁ । হেল্ল'...! হেল্ল'....! কল্যাণীৰ কথাবোৰ শুনি ফোনটো কাটি দিছিল ইন্দ্ৰনীলে । ..... মোৰ পৰা নীলে কি লুকুৱাব বিচাৰিছে ....? অফিচলৈ আহিছোঁ বুলি মোক কিয় মিছা কথা কৈ আছে...! যদি তিনিদিন অফিচলৈ অহা নাই...! তেন্তে নীল গৈছিল ক'ত...? কথাবোৰ ভাবি থাকোঁতেই ওখ শকত বগা চাৰ্ট আৰু কলা পেন্ট পৰিধান কৰা ল'ৰা এজন আহি মাত লগালে ।
: মেম..., আপোনাক চাৰে কেবিনলৈ মাতিছে । আৰ্জেন্ট কিবা কথা আছে ।
ল'ৰাজনৰ কথামতেই গ্লাছৰ দুৱাৰখন খুলি কল্যাণী বচৰ কেবিনলৈ সোমাই গ'ল । ....চাওঁক মিছেছ বৰুৱা । ইন্দ্ৰনীলক মই বহুবাৰ বুজাইছোঁ । কিন্তু তেওঁ মোৰ কথাবোৰ গুৰুত্বই নিদিয়ে । তেওঁ আমাৰ অফিচৰ বহুত পুৰণা কৰ্মচাৰী । সেয়ে তেওঁক বাৰে বাৰে সুযোগ দিয়া হৈছে ।
: বুজি পাইছোঁ । ছাৰ , আপোনাৰ অফিচত সংগীতা নামৰ কোনোবা কৰ্মচাৰী আছে নেকি...?
: সংগীতা নামৰ কোনো কৰ্মচাৰী আমাৰ অফিচত নাই । কিয় সুধিলে বাৰু....!
: ফোনত কাৰোবাৰ লগত কথা পাতি থাকোঁতে সংগীতাৰ ফাইল এটা হেৰুৱা বুলি কৈছিল । সেয়ে সুধিলোঁ ...!
দুয়ো কথা পাতি থাকোঁতেই লৰালৰিকৈ হাতত ফাইল এটা লৈ বচৰ কেবিনলৈ সোমাই আহিল ইন্দ্ৰনীল । .... ছাৰ ফাইলটো ৰেডী হৈ গ'ল । এবাৰ চেক কৰি দিবচোন ।
: কিহৰ ফাইল বৰুৱা...? আজিটো মই আপোনাক একো ফাইল দিয়া নাছিলোঁ ....? প্ৰশ্নবোধক দৃষ্টিৰে ইন্দ্ৰনীললৈ চালে বচে । নীলৰ হাতৰ পৰা ফাইলটো লৈ খিলখিলাই হাঁহিলে বচে । ....এই ফাইলটো মই কেতিয়াবাই চেক কৰিলোঁ । কল্যাণীৰ আগত বৰ লাজ পালে নীলে । লাজতে তলমূৰ কৰি বচৰ কেবিনৰ পৰা ওলাই আহিল নীল ।
: ছাৰ , মই গৈ থাকোঁ । আপোনাক আমনি কৰাৰ বাবে বেয়া নাপাব ।
: নাই...! নাই...! কিয় বেয়া পাম । আপুনি আমাৰ অফিচলৈ আজি প্ৰথম আহিছে চাহ একাপ খাই যাওঁক ।
: আজি নাখাওঁ ছাৰ । পাছত খাম কেতিয়াবা । এতিয়া মই গৈ থাকোঁ ।
: ঠিক আছে ।
বিষাদ গধুৰ মন এটা লৈ কল্যাণী বচৰ কেবিনৰ পৰা ওলাই আহি চিধাই বাট বুলিলে সৰাগুৰিৰ সেই দলঙখনৰ ওচৰলৈ । দলঙখনৰ ওপৰতে ৰৈ ওপৰৰ পৰা তললৈ কিছুসময় নিৰীক্ষণ কৰিলে কল্যাণীয়ে । জানটোৰ কাষে কাষে ফুলি থকা বনৰীয়া ফুলবোৰত নানা ৰঙীণ পখিলাবোৰ আনন্দত নাচি বাগি উৰি ফুৰিছে । চৰাই চিৰিকটিৰ সুমধুৰ সংগীতে জানটোৰ পৰিবেশটো যেন অধিক জীপাল কৰি তুলিছে । হঠাৎ কল্যাণীৰ চকুত পৰিল জানটোলৈ নামি যোৱা এটা সৰু ৰাস্তা , জানটোলৈ নামিবলৈ লওঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । হাতত থকা পাৰ্চটোৰ পৰা মোবাইলটো উলিয়াই ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে ।
: হেল্ল'...! কাজল কৱ..
: কত আছ তই...?
: মই সৰাগুৰিৰ জানটোৰ ওচৰত আছোঁ ।
: কি কৰিছ তাত....?
: এনেয়ে আহিছিলোঁ ।
: ঠিক আছে । তই তাতে ৰৈ থাক , মই গৈ আছোঁ । কথাটো কৈয়ে ফোনটো কাটি দিলে কাজলে । লুংলুঙীয়া বাটতোৰে লাহে লাহে জানটোলৈ নামি গ'ল কল্যাণী । ফটফটীয়া পানীখিনিত হাতখন তিয়াই ডাঙৰ শিল এটাত বহি কেইকপিমান চেল্ফি উঠালে কল্যাণীয়ে । তেনেতে পানীত কিবা এটাই পানী খোৱাৰ শব্দ শুনি উচপ খাই উঠিল কল্যাণী । ভয়ত তাইৰ গাৰ প্ৰতিডাল নোম ঠিয় হৈ গৈছিল । শীলটোৰ পৰা নামি পাৰলৈ আহি কাজললৈ ফোনটো লগাবলৈ লওঁতেই কাজলে স্কুটিখন আনি ৰখাই দিলে । ....কি হ'ল..? ইমান ঘামিছ কিয়...?
: ৰ'দত ৰৈ আছোঁ যে...!
: এইখনেই সেই দলঙখন কল্যাণী , য'ত সংগীতাক হত্যা কৰা হৈছিল । কিন্তু পুলিচে এতিয়া ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ।
: আত্মহত্যাও হ'ব পাৰে কাজল...!
: আত্মহত্যা নহয় কল্যাণী । হয়টো কোনোবাই সংগীতাক ধৰ্ষণ কৰি জানটোত পেলাই থৈ গৈছে । ইয়াৰ আগতেও এই দলঙখনৰ ওপৰতেই দুই তিনিটা হত্যাকাণ্ড হৈ গৈছে । কিন্তু পুলিচে আজিলৈকে দোষী চিনাক্তই কৰিব নোৱাৰিলে ।
: শাসন ব্যৱস্থা দুৰ্বল বাবেই দিনক দিনে ধৰ্ষণ , নাৰী হত্যা এইবোৰ বৃদ্ধি পাব ধৰিছে ।
: বাৰু...! এইবোৰ কথা আমি পাছতো পাতিব পাৰিম । বহ তোক ঘৰত থৈ আহোঁগৈ ।
কল্যাণী স্কুটিখনত বহাৰ লগে লগেই কাজলে স্পীডত স্কুটিখন আগুৱাই নিলে ।
ক্ৰমশঃ...
✍🏻তীৰ্থ_পিন্টু_বড়া
মাজনিশাৰ উঁচুপনি দ্বিতীয় খণ্ড-
https://www.smj24.in/2022/09/assamese-storyboard_98.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Super
ReplyDelete