দীপালিৰ অফিচৰে কৰ্মচাৰী যতীনে আজি যেতিয়া আচৰিত ভাৱে দীপালিৰ সন্মুখত বিয়াৰ প্ৰস্তাৱ দিলে, তেতিয়া দীপালি একেবাৰে চক খায় উঠিল। ( Assamese Storyboard )
আৰু যতীন,মোক ভাৱিবলৈ সময় দিয়া বুলি কয়ে অফিচৰ পৰা ঘৰলৈ সোনকালে গুচি আহিল। দৰাচলতে তাইৰ সহকৰ্মী যতীনৰ পত্নীয়ে, যোৱা বছৰ এজনী কন্যা সন্তান জন্ম দি,এখন অন্য পৃথিৱীলৈ গুচি গল।
আৰু আনফালে দীপালিও নিজৰ বয়সীয়াল শাহু শহুৰৰ লগত থাকিছিল। তাইৰ স্বামীয়েও এটা বাইক দুৰ্ঘটনাত তিনি বছৰৰ আগতে মৃত্যুক সাৱটি লৈছিল। শাহু শহুৰে বহুত বিচৰা পাছতো, দীপালিয়ে তেওঁলোকক অকলশৰীয়া কৰি দ্বিতীয় বিবাহত বহিবলৈ মান্তি হোৱা নাছিল।
কিন্তু আজি দুপৰীয়া আহাৰ খোৱাৰ সময়ত যতীনে নিজৰ ফালৰ পৰা বিয়াৰ কথা কলে যে, তুমিও অকলে আৰু মইও অকলশৰীয়া। আৰু মই কণমানি জনীক অকলে ডাঙৰ কৰিবলৈ নোৱাৰিছো। সেইবাবে কিয়নো আমি, একেলগ হৈ নতুন জীৱনৰ আৰম্ভণি কৰোঁ। তেতিয়া দিপালীয়ে বহু চিন্তা চৰ্চা কৰিলে।আৰু তাই বুজিছিল শাহু শহুৰেও এয়াকে বিচাৰে।যাতে- তাইৰ সংসাৰ খন পুনৰ ফুলি উঠক। ( Assamese Storyboard )
সেই সময়তে তাই এটা সিদ্ধান্ত লৈ শুই পৰিল। পাচদিনা পুৱা অফিচত যতীনৰ চকুৱে তাইৰ উত্তৰৰ অপেক্ষাত বাট চাই ৰৈছিল। কিন্তু দিপালীয়ে যতীনক কলে আবেলি যতীন তাইৰ লগত ঘৰলৈ ওলাবলৈ। মোৰ পৰিয়ালৰ সন্মুখতে মই উত্তৰ দিম। আবেলি যেতিয়া যতীন দিপালীৰ লগত ঘৰ গৈ পালেগৈ, তেতিয়া দীপালিয়ে নিজৰ শহুৰ দেউতাকক কলে, দেউতা, এয়া যতীন হয়। মোৰ লগতে অফিচত কৰ্মৰত। এওঁৰ পত্নী এতিয়া এই পৃথিৱীত নাই আৰু এওঁৰ এজনী কণমানি আছে। আৰু এতিয়া এওঁ মোক বিয়া কৰোৱাব বিচাৰে।
শহুৰ দেউতাকে এষাৰ কথাতে কলে, মাজনী ইয়াতকৈ আৰু সুখৰ বতৰা কি হব পাৰে। আমি জীয়াই থাকোতেই তোমাৰ নতুন জীৱন আৰম্ভ হলে, আমি আজি আছো, কাইলৈ নাই। নহয় দেউতা, মই আপোনাৰ সন্মুখত যতীনৰ লগত বিয়াত বহিবলৈ তেতিয়া হে মান্তি হম, যদি বিয়াৰ পাছত আপোনালোকো আমাৰ লগতে থাকিব।
আমি দুয়োয়ে মিলিজুলি নিজৰ নিজৰ দায়িত্ব পালন কৰিম। আপোনালোক দুয়োকে এই বয়সত মই অকলশৰীয়া কৰিব নোঁৱাৰো। আৰু দ্বিতীয় কথা, যতীনৰ কণমানিজনীয়ে আমাৰ একমাত্র সন্তান হব। দ্বিতীয় সন্তান হব আৰু মই যদি কাইলৈ কোনো ভেদভাৱ কৰোঁ, সেয়া মোৰ দ্বাৰা নহব। এতিয়া যতীনে উত্তৰ দিব লাগিব।কি এতিয়াও তেওঁ মোক নিজৰ কৰি লব নে! আৰু যতীনে আচৰিত ভাৱে, দীপালিৰ ফালে চাই ভাৱিছিল যে, সি কিমান ভাগ্যৱান যে, ইমান বুজি পোৱা জীৱনসংগী পাইছে।
যতীনে তললৈ মূৰ কৰি শাহু শহৰেকৰ সেৱা কৰিলে আৰু দিপালীৰ হাতত ধৰি কলে, ধন্যবাদ দি, মই তোমাৰ সিদ্ধান্তক অনাদৰ নকৰোঁ দিপালী। মই তোমাক হাতত ধৰি কোনো ভুল কৰা নাই।
সেইসময়তে শাহুমাকে প্লেটত গুড় এটুকুৰা লৈ আনিলে আৰু মৰমেৰে দিপালীক সাৱটি লৈ কলে, পাগলী, এতিয়া বলা, সকলোৰে মুখ মিঠা কৰোৱা। প্ৰথমে কোৱা হলে, মিঠাই আনি ৰাখিলো হয়। শহুৰ দেউতাই মৰমেৰে বোৱাৰীয়েকৰ মূৰত হাত ফুৰাই দিলে, মাজনী সুখী হোৱা। তোমাৰ দৰে ছোৱালীৰ প্ৰতিটো সিদ্ধান্তই মই স্কীকাৰ কৰিম।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment