সাৱধান মুখেৰে উশাহ লোৱা শিশুৱে কোনো দিশতে পাৰদৰ্শিতা দেখুৱাব নোৱাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 15, 2022

সাৱধান মুখেৰে উশাহ লোৱা শিশুৱে কোনো দিশতে পাৰদৰ্শিতা দেখুৱাব নোৱাৰে : Assamese Health Tips

Assamese Health Tips


আয়ুৰ্বেদত মানসিক ৰোগীক উন্মাদ ৰোগী বুলি কৈছে। এই উন্মাদ ৰোগক বাত, পিত্ত , আৰু কফ এই তিনিটা ভাগত ভাগ কৰা হৈছে।  Assamese Health Tips ) 


ৰোগীজনৰ লক্ষণ চাই যদি ৰোগৰ উৎপত্তিৰ কাৰণ বুজি পোৱা যায় , তেন্তে চিকিৎসা কৰিব পাৰি। 

কিন্তু বহুতো এনেকুৱা মানুহ আছে , যিসকলৰ শাৰীৰিক ৰোগ হলেও ধৰিব নোৱাৰি মানসিক ৰোগী বুলি  চিকিৎসা কৰি থাকে আৰু এটা সময়ত ৰোগীজনৰ অৱস্থা বেয়া হৈ যায়। 


যোৱাকালি এজন লৰাই মোক ফোন কৰিছিল। 

তেওঁ নিয়মিত ঔষধ সেৱন কৰি আছে আজি 4 বছৰৰ পৰা৷ ঔষধ সেৱন কৰাৰ পিছত তেওঁৰ গোটেই দিনটো টোপনি লাগি থাকে আৰু একো কৰিব নোৱাৰে। মই তেওঁক সুধিলো যে ঔষধ নাখালে তেওঁৰ কি কি হয়। 


তেওঁ কলে যে ঔষধ নাখালে তেওঁৰ গোটেই শৰীৰটো জ্বলা-পোৰা কৰা যেন লাগে , একো চিন্তা কৰিব নোৱাৰে, মূৰ গধুৰ গধুৰ লাগে, মূৰৰ বিষ হয়, ভয়-ভয় লাগে, বুকুত বিষ অনুভৱ হয় আদি। 


এইখিনি লক্ষণৰ পিছত মই তেওঁক সুধিলোঁ যে তেওঁ নাকেৰে উশাহ লোৱাত কিবা কষ্ট পায় নেকি? 

তাৰ পিছত তেওঁ কলে যে আজি 4 বছৰ ধৰি তেওঁৰ নাক বন্ধ হৈ আছে আৰু নাকেৰে উশাহ লোৱাত কষ্ট পায় । নাকত drop দিলেহে উশাহ লব পাৰে । 


বহুতো ডাক্টৰক দেখুৱাইছে । মানসিক ৰোগীৰ ডাক্তৰে এইটোৰ বাবে ENT ত পঠায় আৰু ENT ৰ ডক্টৰ মানসিক ডক্টৰৰ তাত পঠায়। বাহিৰত গৈয়ো আহিছে বহুবাৰ।


তাৰ পাছত তেওঁৰ সমস্যাটো আপোনালোকক বুজাই কওঁ মই ইয়াত। কাৰণ এইধৰণৰ সমস্যা আপোনাৰ ঘৰটো থাকিব পাৰে আৰু ৰোগ ধৰিব নোৱাৰি মানুহজনক মৰিবলৈও বাধ্য কৰাব পাৰে।


আচলতে তেওঁৰ কোনো ধৰণৰ মানসিক ৰোগ নাই। তেওঁৰ নাক বন্ধ হৈ থকা বাবে উশাহ লব নোৱাৰে ভালদৰে। ভালদৰে উশাহ লব নোৱাৰিলে শৰীৰে অক্সিজেন কম পায় , তেজৰ circulation হব নোৱাৰে। 


হাওঁফাওঁ আৰু হৃদযন্ত্ৰই ভালদৰে অক্সিজেন নাপায় বাবে তেওঁৰ ভয় ভয় লাগে। যিদৰে হৃদযন্ত্ৰৰ ৰোগীৰ ভয় ভয় লাগে। 


শৰীৰে অক্সিজেন নোপোৱা বাবে হৃদযন্ত্ৰই pumping অলপ বেছিকৈ কৰিব লগা হয় । যাৰ বাবে আমি অলপ কাম কৰা বা খোজ কঢ়া আদি কৰিলেই ভাগৰ লাগে আৰু ভয় লাগে । 


তেজৰ সঞ্চালন শৰীৰত ভালদৰে নহয় বাবে গোটেই শৰীৰটো জ্বলা পুৰা কৰে আৰু জিন জিন কৰে । 

মগজুত অক্সিজেন নাপায় বাবে মূৰৰ বিষ হয় আৰু সেইবাবে কোনো কথাই ভাবিব নোৱাৰা হয় আৰু খং বেছি হয় ।


এইখিনি কথা আয়ুৰ্বেদৰ গহীন অধ্যয়ন কৰিলে বুজিব পাৰি । আৰু যদি বুজিব পাৰিছে , তেন্তে চিকিৎসাও কৰিব পাৰি । 


মানুহজনক মানসিক ৰোগীৰ ডক্টৰে যি ঔষধ দিছিল , সেই ঔষধ খাই তেওঁৰ অৱসাদ আহে আৰু শুই থাকে । শুই থাকিলে বেছি অক্সিজেনৰ দৰকাৰ নহয় বাবে অলপ ভালে থাকে সেই সময়ত৷ 


ইয়াত সমস্যাটোৰ গুৰি হল তেওঁৰ নাক বন্ধ হৈ থকাটো । যদি তেওঁৰ নাকৰ বিন্ধা খুলিব পৰা যায় , তেন্তে এমাহৰ ভিতৰতে তেওঁ এটা সাধাৰণ জীৱন পাব। Assamese Health Tips ) 


যদি আপোনাৰ ঘৰটো কাৰোবাৰ নাক বন্ধ বা নাকেৰে উশাহ লব নোৱাৰে আৰু বাধ্যত পৰি মুখেৰে লয় , তেন্তে সজাগ হওঁক আৰু নাকৰ বিন্ধা খোলাৰ ব্যৱস্থা কৰক৷


বৰ্তমান সময়ত মাইগ্ৰেন , epilepsy , হাপানী আদি হোৱাৰ এটা প্ৰধান কাৰণ হল নাক বন্ধ হৈ যোৱা । নাক বন্ধ হলে যদি মুখেৰে উশাহ লয় , তেন্তে বায়ু ফিল্টাৰ নোহোৱাকৈ ভিতৰলৈ যাব । ফলত দূষিত বায়ুই বাৰে বাৰে চৰ্দি , কাহ , জ্বৰ আদি কৰিব । প্ৰথম অৱস্থাত কাহ সঘনাই হৈ থাকিব , চৰ্দি হব আৰু পিছলৈ হাপানী হয় । 


এই দূষিত বায়ু মুখেৰে সেৱন কৰাৰ ফলত brain ত অক্সিজেন পৰিবহন হব নোৱাৰি কফ শুকাই গৈ ব্ৰেইনৰ নাৰ্ভ ব্লক কৰি epilepsy কৰে । 


মোৰ ঘৰত প্ৰতি দেওবাৰে 4/5 জন epilepsy ৰোগী আহে আৰু এতিয়ালৈকে 100% ৰোগীয়ে ঠিক হয় । 

নিমহান্সৰ পৰা ঘূৰি আহি সামান্য ঘৰুৱা চিকিৎসাৰ দ্বাৰাই আৰোগ্য হয়। 


এতিয়া কথা হল যদি ৰোগটোৰ proper diagnosis কৰিব পাৰে, তেন্তে আয়ুৰ্বেদৰ পদ্ধতিৰ দ্বাৰাহে পাৰিব। 

ইয়াত লিখা মানুহজন কোনো মানসিক ৰোগী নহয়। জবৰদস্তি কিছুমান মানুহে তেওঁক সেই শাৰীত পেলাই দিছে। হয়তো এইদৰে মানসিক অশান্তি পালে তেওঁ বেছি বছৰ নাথাকিব। 


আৰু আপোনাৰ ঘৰৰ শিশুটোৱে কিদৰে উশাহ-নিশাহ লৈছে, সেইটো ভালদৰে লক্ষ্য কৰাৰ দায়িত্ব মাক দেউতাকৰ। যদি মুখেৰে উশাহ লৈ আছে, তেন্তে নাক খোলাৰ ব্যৱস্থা কৰক। নহলে পিছত গৈ বহুত ডাঙৰ ডাঙৰ সমস্যা হব। 


মুখেৰে উশাহ লোৱা শিশুৱে কোনো দিশতে পাৰদৰ্শিতা দেখুৱাব নোৱাৰে। 


পঢ়া শুনা মনত নাথাকে, দৌৰিব নোৱাৰে, খেলা ধূলা কৰিব নোৱাৰে, মাক-দেউতাকৰ কথা নুশুনে, খুব বেছি খঙাল হৈ থাকে আৰু এঠাইত বহি থাকিব বিচাৰে । কাৰণ শৰীৰে অক্সিজেন ভালদৰে নাপালে শৰীৰলৈ অৱসাদ আহি যায়। 


এইটো হল কেৱল কফ দোষৰ বাবে হোৱা লক্ষণ। যি পৰৱৰ্তী সময়ত বাত দোষ বঢ়াই এজন ভাল মানুহক মানসিক ৰোগী বনাই দিবও পাৰে। 



যদি নাক বন্ধ হৈ আছে , তেন্তে A2 Bilona ghee আনক আৰু দুই টুপালকৈ ভালদৰে গলাই লৈ নাকত দিয়ক ভিতৰলৈ সুমাই যোৱাকৈ। দুই টুপালৰ ঠাইত অলপ বেছি গলেও একো নহয়। 


#sanjeevanlife 

#আচাৰ্য_পংকজ_পাঠক

#pankajpathak



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



1 comment:

Advertisement

Pages