গাড়ীত উঠি দীঘলীয়া ভ্ৰমণ কৰিব বহুতে নোঁৱাৰে।কৰবালৈ ফুৰিবলৈ যাওঁতে গাড়ীত প্ৰায়ে তেনেকুৱা এজনক লগ পোৱা যায়,যাৰ গাড়ীত উঠিলে বমি হয় বা শৰীৰ দুৰ্বল হৈ পৰে।ভ্ৰমণৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক-(Motion Sickness Symptoms)বুলিও কোৱা হয়। ( Assamese Health Tips )
বিশেষজ্ঞসকলে কোৱা মতে-ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ সমস্যাই দেখা দিয়ে।সাধাৰণতে এনেধৰণৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ-কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি।
এনেধৰণৰ সমস্যা থাকিলে আপুনি লগত নেমু বা নেমুৰ পাত ৰাখিব পাৰে।আমি বমি বমি ভাব আহিলে নেমু খোৱাৰ লগতে-নেমুৰ পাতৰ গোন্ধ ললে কিছু পৰিমাণে হলেও এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।আনহাতে কটা নেমুত জালুক দি-অলপ ক'লা নিমখ দি খালে-বমি ভাব নাইকিয়া হয়।
আদা ব্যৱহাৰ কৰিব লাগে।বমি বমি ভাব অহাৰ সময়ত আদা খাই দিলে এনে সমস্যাৰ পৰা-মুক্তি পোৱা যায়।
ভ্ৰমণৰ সময়ত তুলসী পাত চুবালে-বমি হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়।
বমিৰ পৰা হাত সাৰিবলৈ আপুনি লং খাব পাৰে। ( Assamese Health Tips )
নেমু আৰু পদিনাৰ ৰস-ক'লা নিমখৰ লগত খালেও বমি নহয়।
সেইদৰে ভ্ৰমণৰ সময়ত বমি হোৱা লোকে-কেতিয়াও খালী পেটত ভ্ৰমণ কৰিব নালাগে।
ভ্ৰমণৰ সময়ত ধপাত জাতীয় খাদ্য,মছলা জাতীয় খাদ্য গ্ৰহণ কৰিব নালাগে
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment