পইতা ভাত সাধাৰণতে উখোৱা চাউলৰ ভাতক ১২ ঘন্টা মান সময় পানীত তিয়াই ৰাখি প্ৰস্তুত কৰা হয়। ( Assamese Health Tips )
উখোৱা চাউল নহলেও অন্য চাউলৰ ভাত হলেও হয়। সাধাৰণতে পইতা ভাত কৰি খোৱা হয়। ভাৰতৰ ভাতৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যকেইখনৰ সকলো লোকৰে পৰিচিত এই পইতা ভাত। পইতা ভাতক ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয়। গৰমৰ দিনত পইতা ভাত অসমীয়া সমাজত সকলো লোকে খাই ভাল পায়। কাৰণ পইতা ভাত খালে গৰমৰ দিনত বহুত শীতল অনুভৱ হয়। পইতা ভাতৰ লগত পুৰা পিটিকা, আচাৰ, খৰিচা, ভাজি, নেমু টেঙা বা বেহুৱা আদি লৈ খোৱা হয়। এই পইতা ভাতৰ সোৱাদেই কিছু সুকীয়া।
কেৱল যে সোৱাদ বা তৃপ্তি লভিবৰ বাবে পইতা ভাত খোৱা হয় তেনে নহয়। পইতা ভাত আমাৰ শৰীৰৰ বাবেও বৰ উপকাৰী বুলি গণ্য কৰা হয়। অতীতত আমাৰ আইতা ককাৰ দিনত গাওঁলীয়া সমাজত পইতা ভাতৰ প্ৰচলন বহুত আছিল। পথাৰত কাম কৰিবলৈ যোৱাৰ আগতে পুৱাই পইতা ভাত খায় গাওঁলীয়া কৃষসকল ওলাই গৈছিল। আৰু সদায়ে তেওঁলোক সুস্থ সবল হৈ আছিল।
এতিয়া জানো আহক, পইতা ভাতৰ লাভালাভ সমূহ-
১/পইতা ভাত খালে, শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়।
২/পইতা ভাত আমাৰ শৰীৰৰ বাবে উপকাৰী প্ৰায় সকলো উপাদানেই থাকে। পইতা ভাতক প্ৰায় ১২ ঘন্টা তিয়াই থোৱা হয় বাবে, ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে। তাৰ বাবে শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন বি উৎপন্ন হয়। পানীত তিয়াই থোৱা হয় বাবে ইয়াত পটাচিয়াম- আৰু আয়ৰণৰ মাত্রাও বৃদ্ধি হয়। ( Assamese Health Tips )
৩/পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকে নিঃসৰণ কৰাত সহায় কৰে।
৪/পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক এচিডে কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰাটো সহায়তা কৰে।
৫/পইতা ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাত সহায় কৰে।
৬/পইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাবো নপৰে।
৭/পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে, এই ভাত খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্রণত থাকে।
৮/পইতা ভাত খালে লিভাৰো সুৰক্ষিত হৈ থাকে।
৯/কেলচিয়াম কম থকা ব্যক্তিৰ বাবে পইতা ভাত অতি উপকাৰী। কাৰণ প্ৰতি ১০০গ্ৰাম পইতা ভাতত ৮৫০মিলিগ্ৰাম থাকে। কিন্তু গৰম ভাতত ২৯মিলিগ্ৰাম হে থাকে।
১০/পইতা হাতত আইৰণৰ পৰিমাণ বেছি থকাৰ বাবে ৰক্তহীনতাত ভোগা ৰোগীসকলৰ বাবে অতিকে উপকাৰী।
১১/পইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে, এই ভাত খালে মানুহ শকত নহয়।
১২/পইতা ভাত খালে পেট খোলোছা হোৱাৰ লগতে, পেটৰ নানান সমস্যা দূৰ হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment