এই থলুৱা খাদ্যসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰখাত যথেষ্ট সহায় কৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 10, 2022

এই থলুৱা খাদ্যসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰখাত যথেষ্ট সহায় কৰে : Assamese Health Tips

Assamese Health Tips


 বয়সস্থ লোক, ডায়েবেটিচ ৰোগী, কেঞ্চাৰ, এজমা বা হাপানী ৰোগী বা তেনে ধৰণৰ ৰোগত আক্ৰান্ত ব্যক্তিসকল বিশেষ ভাবে সতৰ্ক হোৱা উচিত।  Assamese Health Tips ) 


কাৰণ এওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অন্য লোকৰ তুলনাত স্বাভাৱিকতে কম। খোৱা বোৱা কৰোতে বাচ বিচাৰ কৰি খোৱা উচিত যাতে দেহৰ প্ৰতিৰোধ ক্ষমতা অটুট থাকে। আমি কিছুমান থলুৱা ঔষধি আৰু থলুৱা খাদ্য সেৱন কৰিব পাৰো যিবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰখাত যথেষ্ট সহায় কৰে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা তেনে কিছুমান চিনাকি ঔষধিদ্ৰব্য হৈছে-


🍀আমলখি:- প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্য এন্টিঅক্সিডেন্ট যুক্ত আমলখিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। আমলখি কেঁচাই বা চূৰ্ণ হিচাবে বা ৰস হিচাবে খাব পাৰি। ইয়াৰ উপৰি আয়ুৰ্বেদিক ঔষধি আমলা জুছ, আমলা চূৰ্ণও সেৱন কৰিব পাৰি।


🍀তুলসী :- বীজাণুনাশক গুণ আৰু বিভিন্ন ঔষধি গুণযুক্ত তুলসীয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ক'লা, বগা আদি বহু প্ৰকাৰৰ তুলসী আছে যদিও ক'লা তুলসী বা বগা তুলসী সহজে পোৱা যায়। কাহ, জ্বৰ, চৰ্দি, শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগ ৰোগত তুলসী বৰ উপকাৰী। এলাৰ্জিৰ সমস্যাতো তুলসী উপকাৰী। দিনে  চাৰি পাঁচখিলা তুলসী পাত সেৱন কৰিব পাৰি। তুলসী পোৱাত অলপ অসুবিধা হ'লে তুলসী পাত শুকুৱাই ৰাখি তুলসীৰ পৰা বনোৱা বনৌষধি চাহ সেৱন কৰিব পাৰি। জালুক, আদা, লং , তুলসী আদিৰে বনোৱা ঔষধি চাহ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। সৰু সৰু ল'ৰা ছোৱালীক তুলসী পাতৰ ৰস, আদাৰ ৰস আৰু মৌজোল খুৱাব পাৰি।


🍀কেঁচা হালধি- হালধিৰ ঔষধি গুণৰ কথা সৰ্বজনবিদিত। ই এলাৰ্জি, চৰ্দি, কাহ আদিত সুফল দিয়ে। কেঁচা হালধিৰ ৰস দুই তিনিচামুছ একাপ কুহুমীয়া গাখীৰৰ লগত পুৱাৰ আহাৰ খোৱাৰ এঘণ্টা মানৰ আগতে সেৱন কৰিলে অধিক সুফল পোৱা যায়। যিসকলে গাখীৰ খাব নোৱাৰে তেওঁলোকে অকণমান গুৰ দি খালেও সুফল পাব। এলাৰ্জিৰ সমস্যা বা কফজনীত ৰোগত হালধিযুক্ত ' হৰিদ্ৰা খণ্ড' চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰিব পাৰি।


🍀মানিমুনি, ভেদাইলতা, নৰসিংহ,বনজালুক আদি বনশাকৰ জালুকীয়া আঞ্জাই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহু ৰোগৰ প্ৰতিষেধক হিচাবে কাম কৰে।


🍀 তিতাকেৰেলা, তিতাভেঁকুৰী, মহানিম আদিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আয়ুৰ্বেদ মতেও এনেবোৰ তিতা খাদ্য কফজনীত ৰোগত উত্তম পথ্য। এলাৰ্জি, কাহ, চৰ্দি, জ্বৰ আদিত এইবোৰ উত্তম পথ্য। মাজে মাজে এনেবোৰ তিতা খাদ্য সেৱন কৰিলে তেজ পৰিষ্কাৰ হয় আৰু শৰীৰৰ শোধন হয়( body detox)।  Assamese Health Tips ) 


🍀দোৰোণ শাক আদা,নহৰু আৰু জালুক দি কলপাত বা টাৱাত সেকি খালে ডিঙিত হোৱা বীজাণুৰ সংক্ৰমণ প্ৰতিৰোধ হয়, বিশেষকৈ তনচিলাইটিছ, ফেৰিনজাইটিছ জাতীয় ৰোগ। ইয়াৰ লগত পচতিয়াৰ আগ দুটামান দিলে ঔষধি গুণাগুণ আৰু বৃদ্ধি হয়।


🍀বগাবাহক, তিতাবাহক বা তিতাফুল কফজনীত ৰোগত বহু উপকাৰী। হাপানী, ব্ৰংকাইটিছ, নিউমনীয়া আদি সমস্যাতো এইবোৰ উপকাৰী। 


🍀 পাকঘৰত ব্যৱহাৰ হোৱা আদা, জালুক, পিয়াঁজ,নহৰু আদি মছলা বোৰেও দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। গতিকে খাদ্যতালিকাত এইবোৰ অন্তৰ্ভুক্ত কৰা উচিত।


🍀 দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত মৌজোল বৰ উপকাৰী। শিশু, বৃদ্ধ সকলোৰে বাবে মৌজোল ভাল। কফজনীত ৰোগ, শ্বাস জনীত সমস্যা, এলাৰ্জিৰ পৰা আদি কৰি বিভিন্ন ৰোগত মৌজোল উপকাৰী। 


🍀🍀🍀ওপৰত উল্লেখ কৰা বস্তুবোৰৰ উপৰিও আৰু অন্যান্য থলুৱা খাদ্যবোৰেও আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গাঁও অঞ্চলত এনেবোৰ খাদ্য অতি সহজে পোৱা যায় কিন্তু চহৰৰ সকলো ঠাইতে এনেবোৰ থলুৱা বস্তু পাবলৈ টান। তথাপি আমলখি, তুলসী, হালধি আদি যিখিনি বস্তু পোৱা যায় সেইবোৰ খাই থাকিলেও উপকৃত হ'ব পাৰি। এতিয়া চাবলৈ গ'লে আমাৰ গৃহিনীসকলৰ হাতত গধুৰ দায়িত্ব আছে নহয়নে বাৰু? পৰিয়ালৰ সুস্বাস্থ্য তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে।


🍀🍀দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদত গুদুচি বা গিলয় , অশ্বগন্ধা আদি বহু ঔষধিৰ বিষয়ে উল্লেখ আছে । গিলয় সত্ত্ব giloy satta তেনে এবিধ উচ্চমানৰ আয়ুৰ্বেদিক ঔষধি। ইচ্ছুক লোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি এইবোৰ সেৱন কৰিব পাৰে। চ্যবনপ্ৰাচ, বাসাঅৱলেহ, দ্ৰাক্ষাৰিষ্ট আদি ঔষধি সমূহো হাওঁফাওঁৰ বিভিন্ন ৰোগত উপকাৰী আৰু এইবোৰে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।পিপলি, যষ্ঠীমধু বা মুলেঠি ( licorice) আদি কাহ, চৰ্দি, বা হাওঁফাওঁৰ বিভিন্ন ৰোগত উপকাৰী। বৰ্তমান জ্বৰ ,কাহ, চৰ্দি আদিত ভোগাসকলে অতি সোনকালে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। সকলো সজাগ হওক আৰু সতৰ্ক থাকক। 


🍀🍀ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)

BAMS( GU)

গুৱাহাটী, ফোন- 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages