মধুমেহ চিকিৎসাৰ সময়খিনিত এই কথাবোৰ মানি চলিব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 8, 2022

মধুমেহ চিকিৎসাৰ সময়খিনিত এই কথাবোৰ মানি চলিব : Assamese Health Tips

Assamese Health Tips


ডাইবেটিচ বৰ্তমান প্ৰায় প্ৰতিটো পৰিয়ালৰে এক স্বাস্থ্য জনিত সমস্যা । অসন্তুলিত খাদ্যাভ্যাস, শাৰীৰিক শ্ৰম বিহীনতা, মেদবহুলতা, মানসিক অৱসাদ , ভেজাল খাদ্য আদিয়ে সমগ্ৰ ভাৰত বৰ্ষকে ডাইবেটিচৰ ঘাটিলৈ পৰিণত কৰিছে । Assamese Health Tips )


যি সকল ৰোগী ইতিমধ্যে ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰা আৰম্ভ কৰিছে তেখেত সকলে কোনো কাৰণতে চিকিৎসা বন্ধ নকৰিব। চিকিৎসাধীন ৰোগী সকলে নিশ্চয় ইতিমধ্যে বুজি উঠিছে যে তেজত গ্লোকোমিটাৰেৰে খালি পেটত আৰু খোৱাৰ পিছত ধৰা পৰা শৰ্কৰাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে লব লগীয়া ইন্চুলিনৰ ইউনিট নিৰ্ধাৰণ কৰি দিয়ে বা ঔষধ লব দিয়ে। অৰ্থাৎ আপোনাৰ তেজত শৰ্কৰাৰ পৰিমাণ কমিলে ইনচুলিন কমিব আৰু বাঢ়িলে ইনচুলিনো বাঢ়িব।


আপোনাৰ চলি থকা চিকিৎসা অব্যাহত ৰাখক আৰু তলৰ ঘৰুৱা চিকিৎসা টো আৰম্ভ কৰক। ঘৰুৱা চিকিৎসা আৰম্ভ কৰাৰ আগত এবাৰ আপোনাৰ Fasting আৰু PP চুগাৰ লেভেল পৰীক্ষা কৰাই নোট কৰি লৈ ঘৰুৱা চিকিৎসা আৰম্ভ কৰক। 


চিকিৎসা :

১. তিচি গুটি যাক হিন্দীত অল্চি আৰু ইংৰাজীত Flax seed বুলি কয় এচামুচ পুৱা খালি পেটত ভালদৰে চুবাই খাব। মনত ৰাখিব ইয়াক যিমানেই চুবাব সিমানেই ফলপ্ৰসু হব। এতিয়া দুগিলাচ কুহুমীয়া গৰম পানী খাব । 

২. দালচেনী চুৰ্ণ আধা চামুচ একাপ পানীত মিহলাই দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ আগত  খাব।

৩. ৰাতিৰ আহাৰৰ পাছত পুনৰ এচামুচ তিচি গুটি ভালদৰে চুবাই চুবাই খাই দুগিলাচ কুহুমীয়া গৰম পানী খাব।  Assamese Health Tips )


পোন্ধৰ দিন খোৱাৰ পিছত পুনৰ PP, Fasting test কৰাই ফলাফল চাব। এই চিকিৎসা চলাই যাব আৰু পোন্ধৰ দিনৰ পিছত আকৌ ৰক্ত শৰ্কৰা পৰীক্ষা কৰিব  । শৰ্কৰা লেভেল স্বাভাৱিক হলে আগৰ চিকিৎসকৰ পৰামৰ্শ মতে ইনচুলিন বন্ধ কৰি এই চিকিৎসা চলাই থাকি ডাইবেটিচ মুক্ত জীৱন লাভ কৰিব ।


চিকিৎসা কালিন তলৰ কথা খিনি মানি চলিব। 


১. শাৰীৰিক শ্ৰম বা ব্যায়াম, আসন, প্ৰাতঃভ্ৰমন আদি নিয়মীয়া কৈ কৰিব ।

২. সহজ পাচ্য মচলা জলা বিহীন নিৰামিষ (নোৱাৰা ক্ষেত্ৰত তেলহীন জীয়া মাছ যেনে গৰৈ মাগুৰ শিঙি আদি) আহাৰ গ্ৰহণ কৰিব ।

৩. আহাৰ এবাৰতে অধিক নাখাই অলপ অলপ কৈ কেবা বাৰো খাব।

৪. হাঁহি মাতি থাকিব ।

৫. সুৰাপান নকৰিব।

৬.মিঠা বস্তু আৰু মাটিৰ তলত হোৱা পাচলি বৰ্জন কৰিব ।

৭. চিন্তা ক্লিষ্ট হৈ নাথাকিব ।

বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages