তেজপাতৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 7, 2022

তেজপাতৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips


অতি প্ৰাচীন কালৰে পৰা ব্যৱহাৰ কৰি অহা এই ঔষধী সুগন্ধী উদ্ভিদ জোপাই আমাৰ শৰীৰত কি কি  উপকাৰ  কৰে জানো আহঁক । ( Assamese Health Tips )


তেজপাতত থকা উপাদানসমুহ ;-   

ইয়াত যথেস্থ পৰিমানে  কেলচিয়াম', আইৰন',ক'পাৰ , পটেচিয়াম,  চেলিনিয়াম 'মেংগানীজ'  এম্টি  অক্সিডেন্ট  আদিৰে ভৰপুৰ ।


#ঔষধী_হিচাৱে_ব্যৱহাৰ_বিধি :----

   সচৰাচৰ দাইল তৰকাৰী আদিৰ লগত  তেজপাতৰ পাত   খোৱাৰ উপৰি    ৰোগৰ ঔষধী  গুণাগুণৰ বাবে  কেচা বা শুকান  পাতৰ  ক্কাথ বা  ৪/৫টা পাত  বা  শুকান গুৰি ৩গ্ৰাম  পানীত  কিছুসময়  উতলাই  নাইবা   চাহৰ নিচিনাকৈ বনাই   খাব পাৰে ,  বা  আধা চামুচ তেজপাত  গুড়ি  বা  কেচা ৰস এচামুচ  মৌ  ,গুড় , তুলসিপাত বা আদা  মিহলাই   খাব পাৰে ।


১।  তেজপাতে পাচন তন্ত্ৰ সৱল কৰে ,  বদহজম, , বেয়া উগাৰ  অহা,,অৰুচী,অভোক    শৌচ  কচা  আদি  দুৰ কৰে ।  পেটৰ  মন্দাগ্নি,  গেচ (বায়ু)   পিত্ত ,   দুৰ কৰাৰ লগতে   অখাদ্য  গ্ৰহনৰ  পৰা  হবলগা    ৰোগ   প্ৰতিৰোধ  কৰে  ॥    ূ

      তেজপাত  সিজোৱা পানীত  আদা ,সৈন্ধৱ লবন   বা ক'লা নিমখ দি খাব ।


২।  কাহ চৰ্দি  হাপানি ,  স্বৰভংগ   (মাতভঙা)    #এলাৰ্জী   ৰোগত   তেজপাত , তুলসী, আদা বা শোথ ,পিপলী  ,গুড়  বা চেনী  সহ বেচিকৈ উতলাই   চাহৰ নিচিনা   দিনে ২---৩বাৰ খালে  উপসম হয় ।


৩।  মুৰৰ  বিষ ,, #গাথিবিষ'  বা অন্নান্য  বিষত   তেজপাতৰ চাহ  খোৱাৰ   লগতে  তেজপাত আৰু  এৰাপাত  বতি   লেপ  লগালে  উপসম হয় । । ( Assamese Health Tips )


৪।  প্ৰস্ৰাৱ ৰ  যাৱতীয় ৰোগ   তথা  #কিডনী ৰ  ৰোগ   বা   পাথৰী ৰোগত   তেজপাতৰ চাহ   বা  উতলোৱা পানী  খোৱাতো  উপকাৰী ।


৫। #বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী  ।


৬।  #হৃদয়_ৰোগ বা হৃদ যন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি কৰা, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে  যথেস্ঠ উপকাৰী!   (  তেজপাত  ৪ টা  গোলাপ ফুলৰ পাহী ৪টা   আৰু  জনীগুটি (অজৱাইন) ১বা২গ্ৰাম   উতলাই চাহৰ দৰে  দিনে ২/৩বাৰ খাব ॥ 


৭।   #অনিদ্ৰা   ৰোগত  তেজপাত   উপকাৰী


৮।  তেজপাত ভিজোৱা  পানীৰে চকু ধুলে জলা পোৰা ভাল হয় । দাঁতৰ ৰোগত  সিজোৱা পানীৰে  কুলু  কুলু কৰিব ।


৯।   #মহিলাৰ_ৰক্তস্ৰাৱ    /  পেটৰবিষ  বা  প্ৰসৱৰ পিচত  গৰ্ভাসয়ৰ      সমস্যাৰ  বাবে   তেজপাতৰ  চাহ  ( উতলোৱাপানী )  উপকাৰী নাক   বা দাঁতেৰে  তেজযোৱা ৰোগতো    একেদৰে খাব পাৰে ।

   ১০। চুলিৰ  নানা সমস্যা     ওকনী  আদিতো   তেজপাতৰ   ৰস    বা   তেজপাত সিজোৱা  পানী মুৰত সানি কিছুসময়  বান্ধি ৰাখিলে  সমস্যা দুৰ হয় ।


১১।    তেজপাত  উতলোৱা পানী  চতিয়ালে  কীটপতঙ্গ কমে ।  বায়ু  বিশুদ্ধ কৰে ।

 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য শ্ৰী যতীন দাসৰ  দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages