মধুমেহ ৰোগীসকলে দূৰৈত থাকিবলগীয়া খাদ্য সামগ্রীসমূহ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 5, 2022

মধুমেহ ৰোগীসকলে দূৰৈত থাকিবলগীয়া খাদ্য সামগ্রীসমূহ : Assamese Health Tips

Assamese Health Tips


ভাৰতত মধুমেহ ৰোগীৰ সংখ্যা অহৰহ বৃদ্ধি পাই আহিছে। মধুমেহ ৰোগীসকলে তেওঁলোকৰ খাদ্য আৰু পানীয়ৰ বিশেষ যত্ন লব লাগে।   ( Assamese Health Tips )


যাতে তেওঁলোকৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্রণত থাকে। বহুলোক সু-স্বাস্হ্যৰ অধিকাংশ হৈ থাকিবলৈ শুকান ফল সেৱন কৰে। কিন্তু কিছুমান খাদ্য সামগ্রী আছে যি, ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। 


*মধুমেহ ৰোগীসকলে দূৰৈত থাকিবলগীয়া খাদ্য সামগ্রী সমূহ-


১/খেজুৰ-

খেজুৰত শৰ্কৰাৰ পৰিমাণ বহুত থাকে। ইয়াৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱাৰ আশংকা থাকে। এনে পৰিস্থিতিত মধুমেহ ৰোগীয়ে খেজুৰ খোৱা কৰা পৰিহাৰ কৰিব লাগে। 


২/কিচমিছ-

কিচমিছত প্ৰচুৰ পৰিমাণে গ্লুকোজ পোৱা যায়। যাৰ ফলত শৰীৰত গ্লুকোজৰ পৰিমাণ বৃদ্ধি হয়। সেয়হে মধুমেহ ৰোগীসকলে কিচমিছ গ্ৰহণ কৰিব নালাগে। 

 ( Assamese Health Tips )


৩/পিঠাগুড়িৰ পিঠা-

মধুমেহ ৰোগীসকলে তেওঁলোকৰ খাদ্য আৰু পানীয়ৰ যথেষ্ট যত্ন লব লাগে। মধুমেহ ৰোগীসকলে একেবাৰে পিঠাগুড়িৰ পিঠা খাব নালাগে। 


৪/চিকু ফল-

মধুমেহ ৰোগীসকলে চিকু ফল খাব নালাগে। এই ফল বৰ মিঠা আৰু ইয়াৰ গ্লাইচেমিক সূচকো বহু বেছি। সেয়হে মধুমেহ ৰোগীসকলে চিকু ফল খাব নালাগে। 


৫/আলু-

মধুমেহ ৰোগীসকলে যিমান পাৰে আলু কমকৈ খাব লাগে। নাইবা আলু সিজাই খাব পাৰে। অধিক আলু খোৱাটো মধুমেহ ৰোগীসকলে বাবে ক্ষতিকাৰক হব পাৰে। আলুত উচ্চ পৰিমাণত কাৰ্বোহাইড্ৰেট থাকে আৰু লগতে ইয়াত গ্লাইচেমিক সূচকৰ পৰিমাণো যথেষ্ট বেছি। আলু খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱাটো স্বাভাৱিক। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages