অমিতা পাতৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 3, 2022

অমিতা পাতৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips


অমিতা শৰীৰৰ বাবে-কিমান উপকাৰী সেয়া সকলোৱে জানে।পেটেই হওক বা-ছাল-চুলিয়েই হওক,শৰীৰ আৰু সোন্দয্য দুয়োবিধতে অতি উপকাৰী অমিতা। ( Assamese Health Tips )


অমিতা পাতৰ পৰা ৰস উলিয়াই বা পাতেৰে চাহ প্ৰস্তুত কৰি অথবা পাচলি হিচাপে খাব পাৰে।


অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকায়লড আৰু ফেনলইডসমূহৰ আছে ভাবিব নোঁৱাৰা শৰীৰৰ বাবে উপকাৰী গুণ।এলকায়লড আৰু ফেনলইড সমূহে মানুহৰ শৰীৰত এন্টি-স্পাষ্মদিক,এন্টি-ইনফ্লেমেটৰী, এনালজেছিক,এন্টি-বেক্টেৰিয়েল আৰুএন্টি-অক্সিডেন্ট হিচাপে কাম কৰিব পাৰে


অমিতা গছৰ পাতত প্ৰচুৰ পৰিমাণে,কেলচিয়াম,পটাচিয়াম,চডিয়াম, মেগনেছিয়াম-আইৰণ আৰু মেগনেছিয়াম আদি খনিজ লৱন থাকে।যিবোৰ দেহৰ বাবে প্ৰয়োজনীয়।


তাৰোপৰি অমিতা গছৰ পাতত তেজৰ প্লেটলেট বৃদ্ধি কৰিবৰ পৰা গুণ আছে।যি ডেংগু-জ্বৰ হোৱা লোকৰ অতি প্ৰয়োজনীয়।অমিতা গছৰ পাতত কেঞ্চাৰ আৰু মেলেৰিয়া জ্বৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।


অমিতা আৰু ইয়াৰ গছৰ পাতৰ সক্ৰিয় জৈৱিক মিশ্ৰণ পেপেইন, কাইম'পেপেইন, এচৰ্বিক এচিড,চাইনজেনিক গ্লুকচাইড,চিচ্টেনিন,গ্লুকচিনলেট আদি পোৱা যায় ইয়াৰে পেপেইন আৰু কাইম'পেপেইনে আমি খোৱা খাদ্যৰ প্ৰটিন খিনি সহজতে সজম কৰাল লগতে পেটৰ বদহজম দূৰ কৰে। ( Assamese Health Tips )


অমিতাৰ পাতত মানৱ দেহৰ ইনচুলিন হৰমন সক্ৰিয় কৰি ৰখাৰ ক্ষমতা আছে।সেয়ে অমিতা পাতৰ ৰস সময়ে সময়ে খালে ডায়েবেটিছ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

অমিতাৰ পাতৰ ৰসাল এন্টি-অক্সিডেন্ট সমূহে দেহৰ  অক্সিডেটিভ ষ্ট্ৰেচ দূৰ কৰিব পাৰে।


অমিতা পাতৰ ৰসেৰে লিভাৰ সংশোধন কৰিব পৰা গুণ আছে।


অমিতাৰ পাতৰ ৰস সেৱন কৰিলে জণ্ডিছ ৰোগ আৰু চিৰহছিচ লিভাৰ আৰু ফেঁটি লিভাৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।


আহাৰ খোৱাৰ পাছত অমিতাৰ পাতৰ ৰস-১-২চামুচ প্ৰতিদিনে খাব পাৰে।কিন্তু ২চামুচকৈ অধিক নাখাব।


কিয়নো-অমিতা পাতৰ ৰস সোৱাদত তিতা।আৰু একেৰাহে-৬/৭দিনৰ বাবেহে খাব।বেছি দিন একেৰাহে নাখাব।এনে কৰিলে আপোনাৰ উপকাৰৰ পৰিৱৰ্তে অপকাৰহে হব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages