খাদ্যৰ তালিকাত এতিয়াই অন্তভুক্ত কৰক চাটনি : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 8, 2022

খাদ্যৰ তালিকাত এতিয়াই অন্তভুক্ত কৰক চাটনি : Assamese Health Tips

Assamese Health Tips


খাদ্যৰ তালিকাত অন্তভুক্ত কৰক চাটনি। ই কেৱল সোৱাদেই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী।  Assamese Health Tips )


আহাৰৰ সৈতে আপুনি চাটনি খাবলৈ পচন্দ নকৰে নি! তেন্তে আপুনি ভুলটো তেনে নকৰিব। সেউজীয়া পাচলি আৰু শাকেৰে তৈয়াৰী চাটনিয়ে কেৱল আহাৰৰ কাঁহীখনৰেই সৌন্দর্য্য বৃদ্ধি নকৰে, ই আপোনাৰ স্বাস্থ্যৰ যতন লয়। বেছিভাগ লোকেই দৈনিক আহাৰৰ তালিকাত চাটনি অন্তর্ভুক্ত কৰে। চাটনিয়ে খাদ্যৰ ৰুচি সলনি কৰাৰ লগতে মুখৰ পৰিতৃপ্তিও প্ৰদান কৰে। ই খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে বহু ৰোগ নিৰাময়ৰ ক্ষেত্রটো বিশেষ ভূমিকা পালন কৰে।


ৰক্তহীনতা দূৰ কৰাত সহায় কৰে-

 সেউজীয়া চাটনিৰ সেৱনে ৰক্তহীনতা আঁতৰ কৰাত সহায় কৰে। দৰাচলতে সেউজীয়া চাটনিৰ বাবে ব্যৱহৃত ধনীয়া আৰু পদিনা আইৰনৰ, অভাৱ হয় তেতিয়া এজন ব্যক্তিয়ে ৰক্তহীনতাত ভূগিব লগা হয়। দৈনিক সেউজীয়া চাটনিৰ সেৱনে, শৰীৰত আইৰনৰ মাত্রা নিয়ন্ত্রণ ৰাখে আৰু শৰীৰত ৰক্তহীনতা উপশম কৰাত সহায় কৰে। 


পাচন তন্ত্ৰ সঠিক ৰখাত সহায় কৰে

 সেউজীয়া চাটনিৰ সেৱনে, পাচন তন্ত্ৰ সঠিক ৰখাত সহায় কৰে। ইয়াৰ কাৰণ হৈছে, ধনীয়া বা পদিনাৰ সেউজীয়া চাটনি তৈয়াৰ কৰোঁতে, আদা, নহৰু, কলা, নিমখ, জিৰা গুটি, নেমু আৰু জলকীয়া আদি ব্যৱহাৰ কৰা হয়। যিয়ে পাচন তন্ত্ৰ স্বাস্থ্যবান আৰু হজম শক্তি ভাল কৰি ৰাখে।  Assamese Health Tips )


আপোনাৰ ভোক নালাগিলে বা খাবলৈ মন নগলে, খাদ্যৰ প্লেট সেউজীয়া চাটনি দেখিলে, স্বয়ংক্রিয়ভাবে ভোক অনুভৱ কৰে। খাদ্যৰ সোৱাদ বৃদ্ধি কৰা চাটনিৰ সৈতে এজন ব্যক্তিয়ে প্ৰায়ে ভোক লাগি থকাতকৈ অধিক খাদ্য খায়। 


ডায়েবেটিচ নিয়ন্ত্রণ কৰাত সহায় কৰে

 দৈনিক সেউজীয়া চাটনি সেৱনে ডায়েবেটিচ নিয়ন্ত্রণ কৰাত সহায় কৰে। দৰাচলতে চাটনিত ব্যৱহৃত সেউজীয়া ধনীয়াই শৰীৰত ইনচুলিচৰ স্তৰ বজাই ৰাখে। যাৰ ফলত ডায়েবেটিচ নিয়ন্ত্রণ কৰাত সহায় কৰে। 


প্ৰদাহ বা ফুলা অংশ হ্ৰাস কৰাত সহায় কৰে

 সেউজীয়া চাটনিয়ে শৰীৰৰ প্ৰদাহ বা ফুলি থকা কোনো অংশ হ্ৰাস কৰাত সহায় কৰে। সেউজীয়া ধনীয়াত থকা প্ৰদাহ প্ৰতিৰোধী গুণাগুণবোৰে এইক্ষেত্ৰত সহায় কৰে। কেৱল সেয়াই নহয় ধনীয়া আৰু পদিনা চাটনি খালে মুখৰ আলচাৰ সোনকালেই ভাল হয়।।


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages