কুন্দুলীৰ লাভালাভ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 6, 2022

কুন্দুলীৰ লাভালাভ : Assamese Health Tips

Assamese Health Tips


কুন্দুলী এবিধ লতাজাতীয় উদ্ভিদ।কুন্দুলী সাধাৰণতে জেওৰা বা গছত বগাই যায়।পাচলি হিচাপে কুন্দুলী খোৱা হয়।ইয়াৰ ফুলৰ ৰং বগা। ( Assamese Health Tips )


পাত আৰু গা-গছত মিহি নোম আছে।ফল ডিম্বাকাৰ।কেচাঁ অৱস্থাত ফলৰ ৰং সেউজীয়া।পকিলে উজ্বল হালধীয়া ৰঙা ৰংৰ হয়।কুন্দুলীৰ গাটো অতি নিমজ।ফলৰ গাঁত সৰু সৰু আঁচ থকাৰ নিচিনা।ফলৰ ভিতৰত অসংখ্য গুটি থাকে।কিছুমান ফলৰ ভিতৰখন বগা আৰু কিছুমান পাতল গুলপীয়া।কুন্দুলী খাবলৈ অলপমান টেঙেচীয়া।


কুন্দুলীৰ ঔষধি গুণসমূহ হৈছে-


*কুন্দুলীৰ কেঁচা ফলৰ ৰসে জিভাৰ ঘাঁ শুকোৱাত সহায় কৰে।


*গৰু-ছাগলীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলীৰ পাতৰ ৰস লগালে ৰোগ নিৰাময় হয়।


*কুন্দুলীৰ গা-গছ খুন্দি-তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।


*শৰীৰত হোৱা খজুৱতিত কুন্দুলীৰ কেঁচাপাত থেতেলিয়াই মিহি কৰি লগালে খজুৱতি কমে। ( Assamese Health Tips )


*কুন্দুলী সঞ্চিত পেট চলা ৰোগত উপকাৰী।


*বহুমূত্ৰ ৰোগীয়ে কুন্দুলীৰ পাত থেতেলিয়াই ৰস উলিয়াই খালে ভাল ফল পায়।


*গনোৰিয়া ৰোগত কুন্দুলীৰ পাতৰ ৰস উপকাৰী।


*কুন্দুলীৰ পাতৰ ৰস যিকোনো জন্তুৱে কামোৰা অংশত লগালে সোনকালে আৰাম পায়।


*ছালৰ যিকোনো ৰোগত কুন্দুলীৰ পাতৰ ৰস লগালে উপকাৰ পোৱা যায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages