আমাৰ প্রিয় ৰঙা চাহ বা লাল চাহৰ গুণাগুণ আৰু উপকাৰিতা সম্পৰ্কে অলপ জানি থওঁ আহক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 10, 2022

আমাৰ প্রিয় ৰঙা চাহ বা লাল চাহৰ গুণাগুণ আৰু উপকাৰিতা সম্পৰ্কে অলপ জানি থওঁ আহক : Assamese Health Tips

Assamese Health Tips


পুৱাৰ চাহকাপ কাৰ কাৰ প্রিয় বাৰু? ৰাতিপুৱা শুই উঠি চাহকাপত সোহা এটা মাৰিলে দিনটোলৈ দেহ মন সজীৱ হৈ পৰে।  Assamese Health Tips ) 


ৰঙা চাহ বা গাখীৰ চাহেই হওক, চাহ কাপ নাখালে যেন দিনটো কিবা এটা খালী খালী লাগি থাকে ! আলহী অতিথি আহিলেও চাহকাপ যাচিলেহে গৃহস্থৰ মনটো ভাল লাগে। মুঠতে চাহত চহকী অসম দেশৰ বাসিন্দা সকলৰ চাহৰ লগত এক আত্মিক সম্বন্ধ আছে। আচলতে ব্ৰিটিছৰ দিনৰ পৰাই হয়তো চাহৰ লগত আমাৰ এক ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিল। পুৱা, গধূলি চাহ খোৱাটো আমাৰ দৈনন্দিন জীৱনত এক এৰাব নোৱাৰা অভ্যাসত পৰিণত হল। আমি ৰঙা চাহ, গাখীৰ দিয়া চাহ, মচলা দিয়া চাহ আদি বিভিন্ন ধৰণৰ চাহৰ সোৱাদ লওঁ , যিহেতু সকলোৰে পছন্দ অপছন্দ বেলেগ বেলেগ। কিন্তু আগৰ দিনত প্ৰায়বোৰ মানুহে ৰঙা চাহকাপৰ সোৱাদহে বেছিকৈ লৈছিল। কাঁহৰ বাতিত ৰঙা চাহ এবাতি আৰু এচপৰা গুৰ লৈ খোৱাতো গাঁৱৰ এখন চিনাকি ছবি আছিল। এতিয়াও অৱশ্যে বহুলোকে সেই অভ্যাস এৰি দিয়া নাই। এই অভ্যাসটো নিঃসন্দেহে স্বাস্থ্যসন্মত। কাৰণ গুৰ আৰু ৰঙা চাহ দুয়োটাই স্বাস্থ্যৰ বাবে উপকাৰী। 


আজিকালিহে বহু মানুহৰ এই অভ্যাস সলনি হৈছে। ৰঙা চাহ বা লাল চাহৰ ঠাইত গাখীৰ, চেনি দিয়া চাহকাপ খোৱাটো অভিজাত্যৰ ধং যেন হৈ পৰিছে। ইয়াৰ উপৰিও বহু স্বাস্থ্যসচেতন লোকে আজিকালি গ্ৰীণ টি, হোৱাইট টি আদি বিভিন্ন ধৰণৰ চাহৰ জুতি লোৱা দেখা যায়।  কিন্তু এইবোৰ দামী চাহৰ তুলনাত অতি সহজে প্ৰস্তুত কৰিব পৰা কম খৰচী ৰঙা চাহ কাপৰ গুণাগুণ জানিলে নিশ্চয় সকলো আচৰিত হ'ব। ইয়াৰ গুণাগুণৰ বাবেই হয়তো পৃথিৱীৰ বহু দেশত ৰঙা চাহ ( বা ব্লেক টি) জনপ্ৰিয়। মাত্ৰ ইয়াক বিভিন্ন ধৰণেৰে তৈয়াৰ কৰি জুতি লোৱা হয়। যেনে ইয়াত বৰফ দি বনোৱা কোল্ড আইচ টি এনেধৰণৰ এক চাহ। ঠিক তেনেকৈ অন্য কিছুমান দেশত ইয়াৰ লগত বিভিন্ন উপকৰণ যোগ দি বিভিন্ন পানীয় হিচাবে খোৱা হয়। আমাৰ ইয়াতো বিভিন্ন ধৰণেৰে ৰঙা চাহৰ জুতি লোৱা হয়। ৰঙা চাহৰ লগত অকণমান নেমুৰ ৰস দিলে ইয়াৰ ৰঙটো বৰ ধুনীয়া হৈ পৰে আৰু খাবলৈও সোৱাদ হয়। আদা বা তেজপাত দি বনোৱা ৰঙা চাহকাপৰ সুন্দৰ গোন্ধে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে। ঠিক তেনেকৈ বতৰ পৰিবৰ্তনৰ সময়ত জ্বৰ, কাহ, চৰ্দি আদি হ'লে ৰঙা চাহকাপত আদা, জালুক বা তুলসী আদি দি ৰোগীক সেৱন কৰিবলৈ দিয়া হয়। এইদৰে বনোৱা ৰঙা চাহকাপে ঔষধিৰ দৰে কাম কৰে।  তেজপাত, লং, ইলাচী, ডালচিনি আদি দি বনোৱা চাহকাপ ঔষধি গুণেৰে ভৰপূৰ, বহু ৰোগত উপকাৰী । হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত ৰাতি টোপনি ক্ষতি কৰি পঢ়িব লগীয়া হ'লে কাঢ়াকৈ ৰঙা চাহ বনাই খায় নাইবা কফি খায়। কাৰণ কাঢ়াকৈ বনোৱা ৰঙা চাহত কেফেইনৰ পৰিমাণ অলপ বেছি থাকে যিয়ে আমাৰ টোপনি কম কৰাত সহায় কৰে। কিন্তু কফিৰ তুলনাত চাহত কেফেইনৰ পৰিমাণ কম থাকে। 


দিন হাজিৰা কৰি খোৱা শ্ৰমিকে কাম কৰি থাকোতে অকণমান নিমখ দি বনোৱা ৰঙা চাহ সেৱন কৰে। এইকণ চাহে তেওঁলোকৰ বাবে প্ৰাকৃতিক ORS হিচাবে কাম কৰে, দিহাইড্ৰেচন হোৱাত বাধা দিয়ে। কেৱল সেয়াই নহয় সৌন্দৰ্য্য চর্চাতো ৰঙা চাহৰ প্ৰয়োগ হয়। চেনিবিহীন ৰঙা চাহ বা চাহৰ লিকাৰ চুলিৰ উৎকৃষ্ট প্ৰাকৃতিক কণ্ডিচনাৰ । বহুতে চুলিৰ ৰং গাঢ় কৰিবলৈ হেনাৰ লগত ৰঙা চাহৰ লিকাৰ দি লয়। মুঠৰ ওপৰত ক'বলৈ গ'লে ৰঙা চাহৰ গুণাগুণ আৰু ব্যৱহাৰৰ কথা কৈও শেষ কৰিব নোৱাৰি। বিভিন্ন গৱেষণামূলক অধ্যয়নৰ পৰা ইয়াৰ বিভিন্ন উপকাৰিতা সম্পৰ্কে বহু কথা জনা গৈছে। সেয়েহে আজিকালি বহু লোকে ৰঙা চাহ সেৱন কৰিবলৈ লৈছে, পুৰণি অভ্যাস আকৌ ঘূৰি আহিছে। তেনেহ'লে  আমাৰ প্রিয় ৰঙা চাহ বা লাল চাহৰ গুণাগুণ আৰু উপকাৰিতা সম্পৰ্কে অলপ জানি থওঁ আহক:-

🍀 ৰঙা চাহত বিভিন্ন উপকাৰী এন্টিঅক্সিডেণ্ট পোৱা যায় যিয়ে আমাৰ শৰীৰক ফ্ৰি ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

🍀ৰঙা চাহত থকা বিভিন্ন এন্টিঅক্সিডেণ্টৰ বাবে ইয়াক সেৱন কৰিলে আমি অধিক কৰ্মক্ষম হৈ পৰো, এলাহ ভাগৰ পলকতে নাইকিয়া হয়।

☘️ ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। ইয়াৰ বাবে ৰঙা চাহত ডালচিনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়।

☘️ নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়। অৰ্থাৎ ই ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে।

☘️ নিয়মিত ভাৱে ৰঙা চাহ সেৱন কৰি থাকিলে ই বয়স বৃদ্ধিৰ সময়ত হাড়ৰ ঘনত্ব কমি যোৱা কাৰ্য্যত বাধা দিয়ে। যাৰ ফলত হাড় ঠুনুকা নহয় আৰু ই অষ্টিঅ'পৰচিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। সেয়েহে এই চাহ মহিলা সকলৰ বাবে বিশেষভাৱে উপকাৰী। Assamese Health Tips ) 

☘️ ৰঙা চাহে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে, অন্ত্ৰত হোৱা বিভিন্ন বীজাণুৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে।

☘️ নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়।

☘️ৰঙা চাহত পোৱা পলিফেনল ( polyphenols) নামৰ এন্টিঅক্সিডেণ্টে মহিলাৰ ডিম্বাশয়ৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত  সহায় কৰে বুলি জনা যায়। যিসকল মহিলাই নিয়মিত ভাৱে ৰঙা চাহ সেৱন কৰে তেওঁলোকৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।

☘️ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে। দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাবেও কাম কৰে।

☘️নিয়মীয়াকৈ ৰঙা চাহ সেৱন কৰিলে ই ষ্ট্ৰেছৰ সমস্যা কম কৰাত সহায় কৰে। কাৰণ ইয়াত থকা বিভিন্ন এন্টিঅক্সিডেণ্টে ষ্ট্ৰেছ হৰমন কৰ্টিজল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

☘️☘️ স্বাস্থ্য ৰক্ষাৰ উপৰিও সৌন্দৰ্য্য চর্চাতো ৰঙা চাহ উপকাৰী। সৌন্দৰ্য্য চৰ্চাত ইয়াক ব্যৱহাৰ কৰা দুটামান দিহা হৈছে- 

☘️ডাঠকৈ বা কাঢ়াকৈ ৰঙা চাহ বনাই ঠাণ্ডা কৰি লৈ শ্বেম্পু কৰাৰ পাছত চুলিত কণ্ডিচনাৰ হিচাবে ব্যৱহাৰ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়, চুলি ফটা সমস্যা দূৰ হয়।

☘️ হেনাৰ লগত ৰঙা চাহ মিহলাই চুলিত লগালে ই চুলিৰ কণ্ডিচনাৰ হিচাবে কাম কৰে আৰু চুলিৰ ৰং উজ্জল কৰে। 

☘️চকুৰ গুৰি ক'লা পৰা সমস্যাত টি বেগ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

☘️ ☘️☘️ ৰঙা চাহৰ ইমান বোৰ উপকাৰীতাৰ বিষয়ে জনাৰ পিছত নিশ্চয় সকলোৱে ইয়াক সেৱন কৰিব বিচাৰিব। পিছে মাত্ৰাধিক পৰিমাণে ৰঙা চাহ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰকো হ'ব পাৰে। কাৰণ ইয়াত কেফেইন থাকে, যিটো মাত্ৰাধিক হলে ই আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী হ'ব পাৰে। দৈনিক দুই তিনিকাপ চাহ খালে একো নহয়। কিন্তু দৈনিক পাঁচ কাপতকৈ বেছি ৰঙা চাহ সেৱন কৰিলে আমাৰ স্বাস্থ্যৰ কি কি অপকাৰ হ'ব পাৰে তলত উল্লেখ কৰা হৈছে:-

☘️মাত্ৰাধিক পৰিমাণে ৰঙা চাহ সেৱন কৰিলে গেছ বা এচিডিটিৰ সমস্যা হব পাৰে নাইবা পেটৰ অসুখ হব পাৰে , ভোক কমি যাব পাৰে। সেয়েহে খালি পেটত বহু বাৰ ৰঙা চাহ নোখোৱাই ভাল। যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকেও ৰঙা চাহ কমকৈ খাব লাগে।

☘️ বেছিকৈ ৰঙা চাহ সেৱন কৰিলে নিদ্ৰাহীনতাত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়। কাৰণ ইয়াত থকা কেফেইনে টোপনিত ব্যাঘাত জন্মাব পাৰে। বয়সস্থ লোকসকল এইক্ষেত্ৰত সাৱধান হোৱা উচিত।

☘️ ৰঙা চাহ বেছিকৈ সেৱন কৰা কোনো কোনো লোকৰ ক্ষেত্ৰত মূৰৰ বিষ, অনিয়মিত হৃদস্পন্দন হ'ব পাৰে।


#ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

ফোন- 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages