যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ সেউজীয়া চালাদে কাম কৰে। আমাৰ মাজৰেই বেছিভাগ লোকেই খাদ্যৰ সৈতে চালাদ খাবলৈ ভাল পায়। ( Assamese Health Tips )
সেউজীয়া চালাদক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। বিশেষ কৰি ওজন হ্ৰাসৰ বাবে। দৰাচলতে সেউজীয়া চালাদত বিভিন্ন ধৰণৰ বস্তু যেনে, বিলাহী, পিয়াঁজ, বন্ধাকবি, ব্ৰোকলি, ফল আদি অন্তর্ভুক্ত থাকে। যত কেলৰি কম আৰু ফাইবাৰ অধিক থাকে। কম পৰিমাণৰ কেলৰিয়ে ওজন হ্রাস কপাত সহায় কৰে। ওজন হ্রাস কৰিবলৈ ব্যায়ম আৰু স্বাস্থ্যকৰ আহাৰ প্ৰয়োজন। কিন্তু সঠিক আহাৰ অনুসৰণ কৰি মেদবহুলতা সহজে হ্রাস কৰিব পাৰি।
*সেউজীয়া চালাদ খোৱাৰ লাভালাভ-
১/ওজন হ্রাস-
যদি আপুনি বৃদ্ধি হোৱা ওজন হ্রাস কৰিব বিচাৰে, তেন্তে আপোনাৰ আহাৰত সেউজীয়া শাক পাচলি অন্তর্ভুক্ত কৰক। চালাদত যথেষ্ট কম কেলৰি থাকে। যিয়ে ওজন হ্রাস কৰাত সহায় কৰে। ( Assamese Health Tips )
২) হজম শক্তি
সেউজীয়া চালাদত মিনাৰেলছ, ভিটামিন, ফাইবাৰ, অধিক মাত্ৰাত থাকে, যিয়ে শৰীৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে আৰু লগতে হজম শক্তি উন্নত কৰে।
৩) কলেষ্টৰেল-
কলেষ্টৰেলৰ স্তৰ নিয়ন্ত্রণ কৰিবলৈ আপুনি আহাৰত সেউজীয়া চালাদ অন্তর্ভুক্ত কৰিব পাৰে। সেউজীয়া চালাদত পোৱা পুষ্টিয়ে কলেষ্টৰেল নিয়ন্ত্রণ কৰাত সহায় কৰে।
৪/ছাল-
সেউজীয়া চালাদ ছালৰ বাবে উপকাৰী। সেউজীয়া চালাদত থকা এন্টি অক্সিডেন্টবোৰে মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষা দিয়াত আৰু ছাল স্বাস্থ্যৱান ৰখাত সহায় কৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment