শিশুসকলৰ টোপনিৰ বাবে কি কি কৰিব লাগে জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 15, 2022

শিশুসকলৰ টোপনিৰ বাবে কি কি কৰিব লাগে জানি লওক : Assamese Health Tips

Assamese Health Tips


শিশুৰ দৈহিক আৰু মানসিক বিকাশৰ বাবে টোপনিৰ অত্যান্ত প্ৰয়োজন।শিশুসকলৰ শোৱাৰ অভ্যাস তথা শোৱাৰ সময় নিয়মানুবৰ্তিতা কৰাটো অভিভাৱক সকলৰ দায়িত্ব।  ( Assamese Health Tips )


কিন্তু মাক-দেউতাকে শুবলৈ দিলে শিশুসকলে এই কামটো বৰ বিৰক্ত পায়।ফলস্বৰূপে এজন শিশুক দৈহিক আৰু মানসিক বিকাশৰ বাবে যিমানখিনি টোপনিৰ প্ৰয়োজন হয়,সিমানখিনি নহয়।শিশুসকলৰ টোপনিৰ বাবে কি কি কৰিব লাগে?


১)শিশুসকলক মোবাইলৰ পৰা দূৰত ৰাখক।কাৰণ শিশুসকলৰ হাতত মোবাইল দিলে আৰু সেই মোবাইল যদি বেছি সময় ব্যৱহাৰ কৰে,তেনেহলে মোবাইলৰ পৰা ওলোৱা নীলা ৰশ্মিয়ে শিশুৰ চকুত বিৰূপ প্ৰভাৱ পেলায়।ফলত তেওঁলোকৰ টোপনি নহয়।


২/শিশুক শোৱাৰ আগত শৰীৰত তেলেৰে মালিচ কৰিবলাগে।ফলত দেহ মন তথা স্নায়ুসমূহে আৰাম পায়।যাৰ ফলত শিশুৰ ভাল টোপনি আহে।


৩/শিশুক ৰাতি একেবাৰে পাতল খাদ্য দিয়া উচিত।পাতল খাদ্যই হজম প্ৰক্ৰিয়া সুচল কৰি ভাল টোপনি অহাত সহায় কৰে।


৪)মনোবিদৰ মতে-অনেক অভিভাৱকে তেওঁলোকৰ শিশুক টোপনি অহাৰ সুযোগ নিদিয়ে।যেনে-ঘৰত টিভি অন কৰি ৰখা,বা গান শুনা।এনে ক্ষেত্ৰত শিশুৱে টোপনি অহাৰ সুযোগ নাপায়।সেয়ে শিশুৰ টোপনি অহাৰ আগত এইবোৰ বন কৰি ৰাখক।  ( Assamese Health Tips )



৫/শিশুক বাহিৰত খেলা ধূলা কৰিবলৈ দিয়া উচিত।ইয়াৰ ফলত শৰীৰৰ অংগসমূহ মজবুত হয় আৰু ৰাতিলৈ সোনকালে ভাগৰ লাগি ভাল টোপনি আহে।


৬)আপোনাৰ সন্তানক টোপনি আনিবলৈ যেতিয়া শোৱায়,তেতিয়া আপুনি মোবাইল ব্যৱহাৰ কৰে নেকি?তেনেহলে এই অভ্যাস আপুনি সলনি কৰক।কাৰণ এনে ক্ষেত্ৰত আপোনাৰ সন্তানৰ টোপনি নষ্ট হয়।


৭)শিশুক দৈনিক নিদিষ্ট সময়ত শোৱাৰ অভ্যাস কৰোৱা উচিত।একেটা সময়তে শোৱাৰ অভ্যাস কৰিলে দৈনিক ভাল টোপনি আহে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages