ঔষধি গুণেৰে ভৰপূৰ পনৌনোৱা শাকৰ গুণাগুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 10, 2022

ঔষধি গুণেৰে ভৰপূৰ পনৌনোৱা শাকৰ গুণাগুণ : Assamese Health Tips

Assamese Health Tips


বাৰিষা কালত অতি সহজতে হোৱা থলুৱা বনৌষধি হৈছে পনৌনোৱা শাক। ঠাই বিশেষে ইয়াক  অন্য নামেৰেও জনা যায়।  Assamese Health Tips ) 


বৈজ্ঞানিক নাম Peperomia pellucida ইংৰাজীত ইয়াক shiny bush বুলি কোৱা হয় । এইবিধ বনশাকৰ আঞ্জা খাবলৈও ধুনীয়া।

ঔষধি গুণেৰে ভৰপূৰ পনৌনোৱা শাকৰ গুণাগুণ কিছুমান হৈছে-

🍀ইউৰিক এচিড সমস্যাত ই অতি উত্তম। যিসকল ব্যক্তি এই সমস্যাত ভুগি আছে তেওঁলোকে মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খালে উপকৃত হব


🍀কিডনি স্টোন সমস্যাটো ই উপকাৰী। কাৰণ ই কিডনিৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু পেচাবৰ পৰিমাণ বঢ়ায়।

🍀 পেচাবৰ সংক্ৰমণত বা UTI তো পনৌনোৱা উপকাৰী। মহিলাৰ পেচাবৰ সংক্ৰমন বেছিকৈ হয়। গতিকে তেওঁলোকৰ বাবে ই বৰদান স্বৰূপ। শাকৰ আঞ্জা হিচাপে বা এচামুছ বা দুই চামুচ ৰসৰ লগত মিছিৰি দি কেইদিনমান খালে সুফল পাব।


🍀ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। গতিকে হাৰ্টৰ সুৰক্ষা কৰে।


🍀নিদ্ৰাহীনতাৰ সমস্যাতো পনৌনোৱা উপকাৰী। যিসকলৰ টোপনি কমকৈ হয় তেওঁলোকে পনৌনোৱা শাকৰ আঞ্জা খালে নিশ্চয় উপকৃত হব।

🍀চৰ্দি, কাহ, এলাৰ্জি বা অন্যান্য শ্বাস প্ৰশ্বাস জনীত ৰোগতো ই উপকাৰী।

🍀লিভাৰৰ বিভিন্ন সমস্যা যেনে জণ্ডিচ, ফেঁটি লিভাৰ আদিতো ই উপকাৰী।

🍀গাঁঠিৰ বিষ বা আৰথ্ৰাইটিছতো পনৌনোৱা উপকাৰী। কাৰন ইয়াৰ anti inflammatory গুণ আছে

🍀ছালৰ বিভিন্ন সমস্যাতো ই উপকাৰী। কাৰণ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থবা toxins নিষ্কাষণ কৰাত ই সহায় কৰে।  Assamese Health Tips ) 


🍀বগাস্ৰাৱৰ সমস্যাতো পনৌনোৱা উপকাৰী। 

🍀পুৰুষ মহিলা প্ৰজনন তন্ত্ৰকো শক্তিশালী কৰে। গতিকে বাৰিষা আমিও মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খাব লাগে।


🍀🍀🍀এইবিলাক গুণাগুণৰ উপৰিও আমি কিছুমান কথাত সাৱধনতা অৱলম্বন কৰা উচিত-

🍀 মাত্ৰাধিক পৰিমাণে কোনো বস্তু খাব নালাগে। কাৰণ ইয়াৰ পৰা অপকাৰ হব পাৰে। ৰস খাওঁতে সৰহকৈ নাখাব। এচামুছ, দুচামুছ কৈ আৰম্ভ কৰিলে ভাল।


🍀গৰ্ভৱতী আৰু প্ৰসূতি সকলে মাত্ৰাধিক নাখাব অন্যথা অপকাৰ হব পাৰে।

#ডাঃ ৰেইনী দেৱী

আয়ুৰ্বেদিক চিকিৎসক

গুৱাহাটী

7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

2 comments:

  1. Very interesting and informative details of local medicinal herbs. Please do more research on clinical results.

    ReplyDelete
  2. Val...khak mae khae thaki..

    ReplyDelete

Advertisement

Pages