এটা শিশুৰ বাবে গৰ্ভসংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 16, 2022

এটা শিশুৰ বাবে গৰ্ভসংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে জানি লওক : Assamese Health Tips

Assamese Health Tips


আধুনিক চিকিৎসা বিজ্ঞানে যথেষ্ট উন্নতি কৰিছে । এটা সন্তান মাতৃৰ গৰ্ভত থাকোঁতেই সন্তানটিৰ শৰীৰৰ গঠন সম্পৰ্কে প্ৰতি মাহে আমাক আভাস দিব পাৰে ।  ( Assamese Health Tips )


শিশুৰ শাৰীৰিক বিকাশ , হাত - ভৰিৰ গঠন , শিশুৰ বিভিন্ন অংগৰ বিকাশ , শিশুৰ হৃদ-যন্ত্ৰৰ ক্ৰিয়া আদি সকলো আমাক কব পাৰে । কিন্তু ইমানখিনি উন্নতি হোৱাৰ পিছতো মাতৃ গৰ্ভৰ ভিতৰত থকা শিশু এটাৰ মনৰ বিকাশ বা মনত কি চলি আছে এই বিষয়ে কব পৰা হোৱা নাই । এই সম্পৰ্কে বহুতো অধ্যয়ন সময়ে সময়ে চলি থাকে । বিভিন্ন সংস্থা , বিভিন্ন অনুসন্ধান কেন্দ্ৰই ইয়াৰ ওপৰত গৱেষণা কৰি আছে । 


শিশু এটাৰ জন্মৰ লগে লগে আমি দেখা পোৱা কিছুমান লক্ষণৰ পৰা আমি বুজিব পাৰোঁ যে শিশু এটাই মাতৃ গৰ্ভৰ ভিতৰতে বহুতো কথা শিকি আহে । যিদৰে অভিমন্যুই মাতৃ গৰ্ভৰ ভিতৰত থাকোঁতেই চক্ৰবেহু কিদৰে ভাঙিব লাগে শিকি আহিছিল , ঠিক সেইদৰেই এটা শিশুই মাতৃ গৰ্ভত থাকোঁতেই বহুত কথা শিকি আহে । যেনে ধৰি লওক শিশু এটাই জন্মৰ লগে লগে মাতৃৰ বুকুৰ গোন্ধ পায় আৰু গাখীৰ খাব বিচাৰে , জন্মৰ লগে লগে ভোক লগা , গাখীৰ কেনেকৈ খাব লাগে শিকোৱাৰ দৰকাৰ নাথাকে  ।  টোপনি লগা , ভোক লগা , কাপোৰ তিতিলে কান্দি দিয়া , ভাল গোন্ধ ,বেয়া গোন্ধ আদিৰ বিষয়ে বুজি পোৱা ,  বেছি পোহৰ দেখিলে চকুত হাত থোৱা , নাক - মুখ আদি খজুৱাবলৈ চেষ্টা কৰা আদি বহুতো কথা শিশুই মাকৰ গৰ্ভতে শিকি আহে । 

যিগৰাকী মাতৃ বেছি পোহৰ বেয়া পায় , তেনেকুৱা মাতৃৰ পৰা জন্ম পোৱা শিশু এটাই জন্মৰ লগে লগেই বাহিৰত ওলাই পোহৰ দেখিলে চকুত হাত দিব বিচাৰে । 

আয়ুৰ্বেদ শাস্ত্ৰৰ গহীন অধ্যয়ন কৰা ঋষি সকলে আগৰ দিনত এগৰাকী মাতৃৰ গৰ্ভ বাহিৰৰ পৰাই প্ৰত্যক্ষ কৰি  গৰ্ভত থকা শিশু কেনেকুৱা চৰিত্ৰৰ হব সেইটো কৈ দিব পাৰিছিল । জন্ম পাব লগা শিশু অসুৰ হব নে সাধু হব সেইটো মাতৃ গৰাকীক দেখাৰ লগে লগেই কৈ দিব পাৰিছিল । 

গৰ্ভত থিতাপি লোৱা শিশুৰ শৰীৰৰ আটাইকৈ সোনকালে বিকশিত হোৱা অংগটো হল মগজু ।  ৬ মাহত শিশুৰ মগজুৰ বিকাশ ইমানখিনি হয় যে মাতৃ গৰাকীৰ কথা বতৰাৰ reaction দিব পৰা হৈ যায় । মাতৃ গৰাকীয়ে কি খাইছে , কি কথা পাতিছে , কেনেকুৱা গান শুনি ভাল পায় , কেনেকুৱা আলোচনা কৰে , পিতৃ গৰাকীৰ মাত বা নিকট আত্মীয়ৰ মাত পৰ্যন্ত্য  চিনি পোৱা হৈ যায়।  ঘৰত যদি সুগন্ধি খাদ্য বনায় , সেইটোৰ প্ৰতিক্ৰিয়া পর্যন্ত্য দিব পৰা হৈ যায় । 


এই বিষয়ে যঠেষ্ট অনুসন্ধান চলি আছে যদিও University Of Belfast ৰ এটা গৱেষণাই সকলোৰে চকু কপালত উঠাই দিব।  মূৰ্গীৰ ওপৰত এই University খনে যথেষ্ট গৱেষণা কৰিছে । মুৰ্গীৰ স্বভাৱৰ ওপৰত কৰা গৱেষণা এটাত এটা আচৰিত কথা ধৰা পৰিছিল । 

সাধাৰণতে farm ৰ ভিতৰত বান্ধি বাকচত ভৰাই থোৱা মূৰ্গী আৰু খোলা থকা মুৰ্গীৰ ওপৰত গৱেষণা হৈছিলে। 

৪০০০০ মুৰ্গীৰ ওপৰত গৱেষণা কৰি  তাত পাইছিল যে যিবোৰ মুৰ্গী গঢ়ালত ভৰাই ৰখা হয় , সময়ে সময়ে দানা - পানী দি থাকিলেও সেইবোৰৰ পোৱালিবোৰ খুব বেছি  aggressive হয় , নিজৰ নিজৰ মাজতে খুব বেছি কাজিয়া লাগে । ইয়াৰ পিছত যিবোৰ মূর্গী খোলাকৈ এৰি দিছিল , সেইবোৰৰ পোৱালিবোৰ সাধাৰণতে শান্ত হয় । ( Assamese Health Tips )


আন এটা গৱেষণাত ৫০০০০ মূর্গীৰ কণী লৈ উমণিত দিছিল ।ইয়াৰে কিছুমান অলপ বেলেগকৈ ৰাখি সেইবোৰৰ strawberry 🍓 ৰ সুগন্ধি ছটিয়াই দিয়া হৈছিল । পাছত জন্ম হোৱাৰ পাছত সকলোবোৰ একেলগে এৰি দি চাইছিল । পোৱালিবোৰ খাবলৈ পৃথকে পৃথকে পানী ৰখা হৈছিল । ইফালে strawberry 🍓 ৰ সুগন্ধি যুক্ত পানী আৰু আনফালে সাধাৰণ পানী ।  আচৰিত কথাটো আছিল যে যিবোৰ কণীৰ ওপৰত আগতে strawberry 🍓 ৰ সুগন্ধি ছটিয়াই দিছিল , সেইবোৰৰ পৰা ওলোৱা পোৱালিবোৰে পানী খাবলৈও সেই সুগন্ধীযুক্ত পানীৰ পাত্ৰটোৰ ফালে গৈছিল ।


ইয়াৰ পৰা বুজা যায় যে এটা সাধাৰণ মূৰ্গীৰ কণী এটাৰ যদি ইমান মনত ৰাখিব পৰা বা শিকিব পৰা শক্তি আছে , তেন্তে মানুহৰ সন্তানৰ কিমান থাকিব পাৰে । ইয়াৰ উপৰিও প্ৰথমটো গৱেষণাত সংস্কাৰ বা পৰিবেশৰ কথা আমি বুজিব পাৰোঁ । যদি শিশু গৰ্ভত থাকোঁতেই আমি তাক উচিত সংস্কাৰ দিব পাৰোঁ , তেন্তে সেই সংস্কাৰ ধাৰণ কৰি জন্ম লৈ সেই সংস্কাৰেই কঢ়িয়াব ।


এই বাবেই বেদত সংস্কাৰৰ কথা কোৱা হৈছে । বিশেষকৈ 'গৰ্ভসংস্কাৰ ' আটাইতকৈ দৰকাৰী সংস্কাৰ এটা শিশুৰ বাবে । ইয়াৰ দ্বাৰা জন্ম পাবলগা শিশুৰ বিভিন্ন Genetic বা গোত্ৰৰ দোষ নাইকীয়া কৰিব পাৰি । শিশুক মাতৃ গৰ্ভতেই স্বভাৱ - চৰিত্ৰৰ গঠন দিব পাৰি । বহুতো সময়ত দেখা যায় যে পিতৃ - মাতৃ বহুত শান্ত শিষ্ট হলেও সন্তান বহুত উৎপতিয়া হোৱা দেখা যায় । ইয়াৰ কাৰণে দুটা হব পাৰে , এটা Genetic বা গোত্ৰ আৰু আনটো গৰ্ভ সংস্কাৰ । Genetic বা গোত্ৰৰ দোষ থাকিলেও সন্তানৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে । সনাতন ধৰ্ম অনুসৰি স্ব-গোত্ৰত বিবাহ নিষিদ্ধ কৰা আছে । ইয়াৰ ফলত গোত্ৰ দোষ উৎপন্ন হয় হবলগীয়া সন্তানৰ গাত । গোত্ৰ দোষত উৎপন্ন হোৱা শিশু মানসিক বিকাৰগ্ৰষ্ট, অপৰাধী , শাৰীৰিক ভাৱে অক্ষম আদি হব পাৰে । 


এইবোৰ কাৰণতেই সনাতন ধৰ্মত 'গৰ্ভ-সংস্কাৰ ' খুব দৰকাৰী সংস্কাৰ।  

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages