মূৰৰ বিষ হোৱাৰ কেইবাটাও কাৰণ আছে।যেনে-জীনসম্বন্ধীয় কাৰণ, অত্যাধিক ধূমপান, অত্যাধিক মাদক দ্ৰব্যৰ সেৱন,অতিৰিক্ত টোপনি,বিষৰ পিলৰ অতিৰিক্ত ব্যৱহাৰ কৰা আদি।যদি সময় থাকোতে মূৰৰ বিষৰ চিকিৎসা কৰা নহয়-তেনেহলে এই বিষৰ পৰা তীব্ৰ মূৰৰ বিষ হব পাৰে। ( Assamese Health Tips )
যদিওবা মূৰৰ বিষক এটা সামান্য বেমাৰ বুলি ধৰা হয়-কিন্তু দীঘলীয়া সময়লৈকে ই অতি গম্ভীৰ হব পাৰে।বজাৰত বহুত মূৰৰ বিষৰ ঔষধ পোৱা যায়।কিন্তু এই ঔষধৰ বিভিন্ন ক্ষতিকাৰক দিশ থাকে।কিছুমান ঘৰুৱা প্ৰতিকাৰৰ দ্ধাৰা মূৰৰ বিষৰ পৰিত্ৰাণ পাব পাৰি।সেয়া হৈছে-
১/তুলসীৰ পাত-
প্ৰায় মানুহৰ মূৰৰ বিষ হলে-চাহ বা কফি খায়।কিন্তু মূৰৰ বিষত এবাৰ তুলসীৰ পাত পানীত উতলাই খাব লাগে।ই যিকোনো চাহ বা কফিৰ তুলনাত বহু উপযোগী আৰু লাভজনক।তুলসীৰ তেল বা চাহ সামান্য মূৰৰ বিষৰ বাবে-ব্যৱহাৰ কৰিব পাৰে।
২/আদা-
আদাই মূৰৰ ৰক্তবাহী নলীসমূহৰ জ্বলা-পোৰা দূৰ কৰাত সহায় কৰে।আদাৰ ব্যৱহাৰ মূৰৰ বিষৰ চিকিৎসাৰ বাবে কৰা হয়।আদাৰ সেৱনে তীব্ৰ মূৰৰ বিষ দূৰ কৰে। ( Assamese Health Tips )
৩/তেল-
তেলৰ সৈতে-মালিচ-মূৰৰ বিষৰ বাবে এক ভাল উপযোগী ঘৰুৱা চিকিৎসা।তেলৰ সৈতে মালিচ কৰিলে-আপুনি মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে।
৪/আপেলৰ লগত নিমখ-
যদি বহু চেষ্টা কৰাৰ পাছতো আপোনাৰ মূৰৰ বিষ কম হোৱা নাই-তেন্তে-এটা আপেল কাটি লৈ-নিমখ সানি খালে-মূৰৰ বিষ যথেষ্ঠ দূৰ হয়।
৫/পানী-
মূৰৰ বিষ হলে-কিছু সময়ৰ মূৰে মূৰে ১গিলাচ পানী খালেও-মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি।এবাৰ মাত্ৰ আপোনাৰ শৰীৰটো হাইদ্ৰেদ হৈ যোৱাৰ পাছত মূৰৰ বিষ ক্ৰমান্বয়ে কমি আহিব।
৬/আম পাত-বেল পাত-
সূৰুজ কঁপালী মূৰৰ বিষত ভোগা সকলে সাধাৰণ দুবিধ সামগ্ৰী যোগাৰ কৰিয়েই এই বিষৰ পৰা মুক্ত হব পাৰে।ইয়াৰ বাবে এমুঠি আম পাত,এমুঠি বেল পাত লৈ-সেয়া ভালদৰে সিজাব লাগে।পানী খিনি ৰঙচুৱা হোৱাৰ পাছত-ঠাণ্ডা কৰি সেই পানীৰে মূৰ ধুব লাগে।এনেকৰি একেৰাহে তিনিদিন মান-আম পাত,বেলপাত সিজোৱা পানীৰে মূৰ ধুলে সুৰুজ কপাঁলী মূৰৰ বিষৰ অসহ্য যন্ত্ৰণাৰ পৰা-মুক্ত হব পৰা যায়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment