শৰীৰৰ এই ১৩ টা বেগক ৰখাবলৈ চেষ্টা নকৰিব অন্যথা ভয়ংকৰ ৰোগ হ'ব পাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 9, 2022

শৰীৰৰ এই ১৩ টা বেগক ৰখাবলৈ চেষ্টা নকৰিব অন্যথা ভয়ংকৰ ৰোগ হ'ব পাৰে : Assamese Health Tips

Assamese Health Tips


শৰীৰত মুঠ ১৩টা বেগ আছে।যাক ৰখাবলৈ চেষ্টা কৰিলে ভয়ংকৰ ৰোগ হব পাৰে। তাৰে কেইটামান- ( Assamese Health Tips )


*প্ৰস্ৰাৱৰ বেগ ৰখাবলৈ চেষ্টা কৰিলে-কিডনী আৰু মূত্ৰনলীৰ সমস্যা হব। 


*শৌচ ৰখাবলৈ চেষ্টা কৰিলে-পেটৰ বিভিন্ন সমস্যা হোৱাৰ লগতে-গাৰ দুৰ্গন্ধ আৰু মুখৰ দুৰ্গন্ধ হব।


*ঘাম ৰখাবলৈ গলে-ছালৰ ৰোগ হোৱাৰ লগতে তেজ দূষিত হব।


*চকুপানী ৰখালে চকুৰ ৰোগ হব।লগতে সঘনাই মূৰৰ বিষ হব।


*হাঁচি ৰখালে এলাৰ্জি বাঢ়ি যাব।

কাঁহ ৰখালে হাওঁফাওঁৰ ৰোগ বাঢ়ি যাব।


*পাদ ৰখালে শৰীৰত গেছ বাঢ়িব আৰু শকত হৈ যাব।


*কান্দোন ৰখালে মগজুৱে কষ্ট পাব আৰু পগলা হব পাৰে।


*উগাৰ ৰখালে পেটত গেছ বাঢ়িব।


নিম আৰু হালধি একেলগে ব্যৱহাৰ কৰাৰ বিশেষ লাভ সমূহ- ( Assamese Health Tips )


হালধি আৰু নিমপাতৰ যথেষ্ট লাভালাভ আছে।নিম আৰু হালধি দুয়োটাই আয়ুৰ্বেদিক ঔষধি গুণেৰে পৰিপূৰ্ণ বুলি গণ্য কৰা হয়। কোৱা হয় যে, যদি কোনোবাই হালধিৰ সৈতে নিমৰ ৰস মিহলি কৰি খায়, তেন্তে শৰীৰে বহুতো লাভালাভ পাব পাৰে। নিম আৰু হালধি এন্টি অক্সিডেন্ট আৰু এন্টি বেক্টেৰিয়া গুণেৰে সমৃদ্ধ। এনে পৰিস্থিতিত ইয়াৰ পৰা বহু প্ৰকাৰৰ লাভালাভ প্ৰাপ্ত কৰিব পাৰি? অৰ্থাৎ যদি কোনোবাই এই দুয়োটা একেলগে ব্যৱহাৰ কৰে, তেন্তে তেওঁ বিভিন্ন প্ৰকাৰৰ সমস্যা দূৰ কৰিব পাৰে। 


*নিম আৰু হালধিৰ গুণাগুণ-


হালধিত কেলছিয়াম, আইৰন, ছডিয়াম, শৰ্কৰা, প্ৰটিন, ভিটামিন ই, ভিটামিন চি, আৰু আঁহ থাকে। ইয়াৰ লগতে নিমত এন্টি-চেপ্তিক, এন্টি বেক্টেৰিয়া আৰু এন্টি ডায়বেটিচৰ দৰে গুণ আছে। একেলগে নিম আৰু হালধি সেৱন কৰি শৰীৰক সুৰক্ষিত কৰি ৰাখিব পাৰি। ইয়াৰ বাহিৰেও এই দুয়োটা একেলগে ব্যৱহাৰ কৰি বহু প্ৰকাৰৰ সমস্যা দূৰ কৰিব পাৰি। 


*নিম আৰু হালধিৰ লাভালাভ-

ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰিবলৈ নিম আৰু হালধিৰ ব্যৱহাৰ কৰিব পাৰি। নিম আৰু হালধিৰ ফলত শৰীৰৰ বেক্টেৰিয়া প্ৰতিৰোধী আৰু এন্টি অক্সিডেন্ট গুণাগুণৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা শক্তিশালী হয়। নিম আৰু হালধি শীতকালটো খাব পাৰি। শীতকালীন নিশ্চিত ভাৱে ইয়াৰ পৰা লাভাম্বিত হব। 


ইয়াৰ উপৰিও ছালক স্বাস্থ্যৱান কৰি ৰাখিবলৈ নিম আৰু হালধি ব্যৱহাৰ কৰিব পাৰে। ই ছালৰ মৃত কোষ আৰু মুখৰ শালমইনা আঁতৰ কৰাত সহায় কৰে। 


যদি নিমৰ পাতৰ পানীৰে গা ধূৱা হয়, তেন্তে ইয়াৰ পৰা যিকোনো প্ৰকাৰৰ ছাল সম্পর্কীয় সমস্যা কম সময়ৰ ভিতৰত আঁতৰ কৰিব পাৰি।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages