সুস্থ স্বাস্থ্যৰ বাবে সুস্থ পাদৰ প্ৰয়োজনীয়তা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 7, 2022

সুস্থ স্বাস্থ্যৰ বাবে সুস্থ পাদৰ প্ৰয়োজনীয়তা : Assamese Health Tips

Assamese Health Tips


পদাটো একো বেয়া কথা নহয় বৰঞ্চ সুস্থ দেহৰ বাবে পাদ অত্যন্ত জৰুৰী। Assamese Health Tips )


পাদ এনেকুৱা এটা বস্তু যাৰ নাম লোৱাটোও অসভ্যালী বুলি বিবেচিত হয়, যদিও কোনেও নিজৰ খুচিমতে পাদিব নোৱাৰে। পাদ নিজে নিজে, যেতিয়াই-তেতিয়াই. য'তে-ত'তে আহে। শিক্ষক-শিক্ষয়িত্ৰীকে আদি কৰি প্ৰধানমন্ত্ৰীলৈকে সকলোৱে পাদে। যেনেদৰে শিক্ষক-শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত শিক্ষাদান কৰি থাকোতেও পাদ আহিব পাৰে, তেনেকৈ প্ৰধানমন্ত্ৰীয়ে কোনো সভাত ভাষণ দি থকা অৱস্থাটো ই আহি যাব পাৰে। গতিকে পাদৰ ওপৰত নিয়ন্ত্ৰণ ৰখা কাৰো বাবেই সম্ভৱপৰ নহয়।


ডাক্তৰী চেকআপৰ সময়ত বহুতো অনুভৱী চিকিৎসকে ৰোগীক পাদ কেনেকুৱা সেইটো প্ৰশ্ন কৰা দেখা যায়। কিয়নো পাদ চেক কৰাৰ কোনো আলট্ৰাচাউণ্ড বা এম আৰ আই জাতীয় যন্ত্ৰ এতিয়ালৈ আৱিষ্কাৰ হোৱা নাই, যাৰ দ্বাৰা এইটো পৰীক্ষা কৰিব পৰা যায় যে আপুনি ঠিকমতে পাদে নে নাই।


পাদ ইমানে দৰ্কাৰী যে, কায়ম-চূৰ্ণ, হজমোলা আদি ব্যৱসায়ৰ গুৰিতে ৰাইজৰ পাদন-প্ৰক্ৰিয়া সঠিক ৰখা।

যদি আপোনাৰ দিনটোত ৪-৫ বাৰ আৰু ৰাতি ১০-১২ বাৰ বেলেগ বেলেগ প্ৰকাৰৰ পাদ নাহে তেন্তে বাহ্যিক সাজি-কাচি একো লাভ নাই। কাৰণ আপোনাৰ আভ্যন্তৰীণ ছিষ্টেমত গণ্ডগোল থাকিলে অৰ্থাৎ লিভাৰ ছিষ্টেম ঠিকে নাথাকিলে আপুনি সঠিক ভাৱে পাদিব নোৱাৰে। আৰু পাদৰ বিসংগতি থকা লোকৰ শৰীৰৰ উজ্জ্বলতা ম্লান হয়, আৰু শৰীৰৰ স্বাভাৱিক উজ্জ্বলতা অবিহনে অকল সাজোন-কাচোনেৰে কোনোৱে আকৰ্ষণীয় কমনীয়তাৰ অধিকাৰী হ'ব নোৱাৰে।

গতিকে নিসংকোচে, প্ৰাণ খুলি পাদক। কিয়নো পদা একো বেয়া কথা নহয়।

পাদৰ বিভিন্ন প্ৰকাৰ আছে যদিও আমি মূলতঃ পাঁচ প্ৰকাৰৰ পাদৰ কথাহে আলচ কৰিম। Assamese Health Tips )


১) ঢঁৎ পাদ ঃ

     এই ধৰণৰ পাদ ঘোষণাত্মক আৰু গুৰু-গম্ভীৰ ধৰণৰ। ইয়াত শব্দৰ ভমকটো বেছি। ঢঁৎকৈ এটা বোমা ফুটাৰ দৰে শব্দ কৰে। শব্দৰ প্ৰাবল্য বেছি যদিও এই পাদত গোন্ধৰ প্ৰকোপ কম। শব্দ যিমানে বেছি হয় গোন্ধ সিমানে কম। ঢঁৎ পাদক পাদৰ ৰজা বুলি ক'ব পাৰি। ইয়াক উত্তম পাদৰ শাৰীত ৰখা হয়।


২) পেঁপা পাদ ঃ

     শ্ৰেণী আৰু আকাৰৰ ভিত্তিত পেঁপা পাদক মধ্যম শ্ৰেণীত ৰাখিব পাৰি। ইয়াৰ শব্দটো সাধাৰণতে পেঁ...পেঁ..পেঁ....পেঁট বা পুঁউউউউউউউউট .... ধৰণৰ হয়। এই পাদত গোন্ধৰ পৰিমাণ প্ৰথম প্ৰকাৰৰ পাদতকৈ বেছি হোৱা দেখা যায়।


৩) পিৰপিৰিয়া পাদ ঃ

    পুৰণি কাগজ মোহাৰিলে বা পাপৰ ভাঙিলে যেনেকুৱা শব্দ হয়, তেনে শব্দ নিৰ্গত হোৱা এবিধ পাদ আছে। এনেকুৱা পাদ ফটকা ফুটাৰ দৰে নহৈ পাট্টা বোমাৰ দৰে। এই পাদটো এবাৰতে ওলাই নাহে। পিৰ.....পিৰ.....পিৰ....পিৰ.... শব্দৰ এটা লানি হিচাপে এই পাদ ওলায়। এই পাদৰ লগত দুৰ্গন্ধ নিৰ্গত হোৱাটো নিশ্চিত। 


৪) ঢোল পাদ ঃ

     ফটকৈ এটা ঢোলত চাপৰ মৰাৰ দৰে এই পাদ অকস্মাৎ ওলাই যায়। এনে পাদৰ ওপৰত নিয়ন্ত্ৰণ ৰখা কঠিন। কিন্তু কিছুমান পাদ কিছু পৰিমাণে চেপি ৰাখিব পাৰি যদিও ঢোল পাদৰ ওপৰত নিয়ন্ত্ৰণ অসম্ভৱ। এই পাদে হাস্যৰসৰ সৃষ্টি কৰাৰ লগতে পাদৰ গৰাকীক অস্বস্তিত পেলায়।


৫) ফুচচচচ .... পাদ ঃ

     এই পাদক শব্দহীন বোমা নাম দিব পাৰি। কিয়নো এই জাতীয় পাদত শব্দৰ নাম-গোন্ধ নাই; কিন্তু ই দুৰ্গন্ধৰ ৰজা। শব্দৰ ফালৰ পৰা একেবাৰে কাষত বহি থকাজনেও গম পোৱা অসম্ভৱ কোনে পাদিছে। কিন্তু গোন্ধে অামোলমোলাই যায়। এই শব্দহীন বোমা বৰ্ষণৰ পিছত আশে-পাশে থকা সকলে নাক কোঁচাই নাকত ৰুমাল দিও ৰক্ষা নাপায়। এই পাদ ওলালে কোনেও মুখেৰে একো নকয়। কাৰণ যিয়ে মুখেৰে মাতে সিয়ে পদা বুলি এটা ধাৰণা সকলোৱে লয়। তথাপি গোন্ধৰ দিশৰ উমান লৈ সকলোৱে কোনে পাদিছে তাৰ ধাৰণা এটা লোৱাৰ চেষ্টা কৰে। কিন্তু কাৰোবাক পদা বুলি ভাবিলেও সেইটো প্ৰকাশ নকৰে। এই পাদ বৰ্ষিত হোৱা স্থানত মুখ খোলা মানে বিপদ নিজৰে।


      এতিয়া এই জ্ঞান লৈ নিজৰ নিজৰ পাদৰ শ্ৰেণী-বিভাজন কৰক আৰু আপোনমনে মুকলিমূৰীয়াকৈ পাদক.........৷

       এই কথাখিনি অকল জমনি বুলি নধৰিব। পাদ স্বাস্থ্য সম্বন্ধীয় প্ৰক্ৰিয়াৰ লগত জড়িত। সুস্থ স্বাস্থ্যৰ বাবে সুস্থ পাদৰ প্ৰয়োজন। পাদ চেপি নাৰাখিব। আশা ৰাখিলোঁ এই কথাখিনিয়ে নিশ্চয় পাদুৰা সকলৰ প্ৰতি থকা আপোনাৰ বেয়া ধাৰণা আঁতৰোৱাত সহায় কৰি আপোনাক সগৌৰৱে পদাত সহায় কৰিব। 


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



1 comment:

  1. সুন্দৰ আৰু প্ৰয়োজনীয় তথ্য

    ReplyDelete

Advertisement

Pages