যিসকল ব্যক্তিৰ কিডনীত পাথৰ আছে তেওঁলোকে নিজৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতি সাৱধান হব লাগে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 13, 2022

যিসকল ব্যক্তিৰ কিডনীত পাথৰ আছে তেওঁলোকে নিজৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতি সাৱধান হব লাগে : Assamese Health Tips

Assamese Health Tips


ভাৰতত বৰ্তমান কিডনীত ষ্ট'ন থকা ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে।সমগ্ৰ দেশতে বৃহৎ সংখ্যক এই ৰোগৰ চিকাৰ হৈছে। ( Assamese Health Tips )


বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ।ইয়াৰ মূল কাম হল-তেজ ফিল্টাৰ কৰা।ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট(চডিয়াম-পটাচিয়াম)ইত্যাদিৰ ভাৰসাম্য বজায় ৰাখে।


কেলচিয়াম-ছডিয়াম আৰু বহু ধৰণৰ খনিজ পৰ্দাথৰ কণাবোৰ ইউৰেটাৰৰ জৰিয়তে মূত্ৰাশয়ত উপনীত হয়।য'ত এইবোৰ বস্তুৰ পৰিমাণ বৃদ্ধি হবলৈ আৰম্ভ কৰে আৰু তাৰপাছত জমা হৈ শিলৰ আকৃতি লবলৈ আৰম্ভ কৰে।ইয়াকে কিডনীৰ ষ্ট'ন বুলি কোৱা হয়।যিসকল লোকৰ কিডনীত পাথৰ আছে-তেওঁলোকৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতি সাৱধান হব লাগে।নহলে এই ৰোগৰ আশংকা বৃদ্ধি হব পাৰে।


কিডনীত পাথৰ হলে-এইসমূহ সেৱন নকৰিব।


১/ভিটামিন চি যুক্ত খাদ্য-

পাথৰৰ সমস্যা হলে-যিবোৰ খাদ্য সামগ্ৰীত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়-সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে।এনে খাদ্য খালে-কিডনীৰ শিল অধিক বাঢ়িবলৈ আৰম্ভ কৰে।যেনে-নেমু,পালেং,কমলা, সৰিয়হ শাক,কিৱি,মধুৰী আদি বস্তু আদি। ( Assamese Health Tips )


২/ঠাণ্ডা পানীয় আৰু চাহ কফি-

কিডনীত পাথৰ হোৱা লোকসকলৰ প্ৰায়ে- ডিহাইড্ৰেচনৰ সমস্যা হয়।এনে অৱস্থাত কেফেইন শৰীৰৰ বাবে ক্ষতিকাৰক।গতিকে ঠাণ্ডা পানীয় আৰু চাহ-কফি পাথৰৰ ৰোগীৰ বাবে ক্ষতিকাৰক।


৩/নিমখ-

যিসকল লোকৰ কিডনীত পাথৰ আছে-তেওঁলোকে নিমখ আৰু নিমখযুক্ত বস্তুৰ ব্যৱহাৰ কম কৰিব লাগে- কাৰণ নিমখত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে-যিয়ে কিডনীৰ ক্ষতি কৰে


৪/নন-ভেজ খাদ্য-

মাছ-মাংস আৰু কণী-কিডনীত পাথৰ থকা ৰোগীৰ বাবে-একেবাৰেই উপকাৰী নহয় কাৰণ-ইয়াত প্ৰটিন প্ৰচুৰ পৰিমাণে থাকে।শৰীৰৰ বাবে এই পুষ্টিকৰ খাদ্য যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়-ই কিডনীত বিৰূপ প্ৰভাৱ পেলায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


2 comments:

Advertisement

Pages