মাটিত বহি খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ কি কি লাভালাভ হয় জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 12, 2022

মাটিত বহি খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ কি কি লাভালাভ হয় জানি লওক : Assamese Health Tips

Assamese Health Tips


আধুনিক জীৱনশৈলীৰ বাবে আজি আমাৰ ডাইনিং টেবুলত বহি খাদ্য খোৱা এক ধাৰাত বা অভ্যাসত পৰিণত হৈছে।   ( Assamese Health Tips )


কিন্তু অতীতত মানুহে মাটিত বহি আহাৰ গ্ৰহণ কৰিছিল। আজিকালি মানুহে মাটিত বহি খাদ্য খোৱাটো পুৰণি বিচাৰধাৰা বুলি গণ্য কৰে। কেৱল সেইটোৱে নহয়, মানুহে মাটিত বহি খাদ্য খোৱাট লাজো অনুভৱ কৰে। কিন্তু আপুনি জনা উচিত যে মাটিত বহি খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ বিভিন্ন লাভ হয়। কাৰণ আমি মাটিত বহোতে যিদৰে এখন ভৰি আনখন ভৰিৰ ওপৰত থৈ বহো, সেয়া হৈছে এটা আপনি ভংগী। এই ভংগীত খাদ্য খোৱাৰ ফলত খাদ্যৰ সম্পূর্ণ লাভ হয় আৰু হজম শক্তিও উন্নত হয়। 


মাটিত বহি খাদ্য খোৱাৰ লাভালাভ সমূহ হৈছে-


১/মাটিত বহি খাদ্য খালে, শৰীৰক শক্তিশালী কৰে। এই ভংগীত বহি খাদ্য খালে তল পিঠি আৰু পেটৰ চাৰিওফালে পেশীবোৰ টান হয়। যাৰ ফলত বিষৰ সমস্যাৰ পৰা আৰাম পোৱা যায়। 


২/মাটিত বহি খোৱাৰ সময়ত আপোনাৰ হজম প্ৰক্ৰিয়া প্ৰাকৃতিক স্হিতিত থাকে। ফলত পাচন ৰসবোৰে ভালদৰে কাম কৰিব পাৰে। 


৩/মাটিত বহি খাদ্য খালে ওজনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। 


৪/যেতিয়া পৰিয়ালৰ সকলো সদস্য একেলগে মাটিত বহি আহাৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকৰ মাজৰ সম্পর্কও শক্তিশালী হৈ পৰে। আৰু এইদৰে গ্ৰহণ কৰা খাদ্যৰ সোৱাদো দুগুণ হৈ পৰে।   ( Assamese Health Tips )


৫/মাটিত বহি খাদ্য খোৱাই, আপোনাৰ গোটেই শৰীৰটো স্বাস্থ্যকৰ কৰি ৰাখে। পাচন প্ৰক্ৰিয়াটো স্বাস্থ্যকৰ কৰি ৰাখে। 


৬/মাটিত বহি খাদ্য খোৱাৰ ফলত তেজৰ সঞ্চালন উন্নত হয়। যিয়ে আমাৰ হৃদযন্ত্রটো স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে৷ যদি আপুনি হৃদৰোগী, তেন্তে আজিৰেপৰা আপুনি মাটিত বহি খাদ্য খোৱাৰ আৰম্ভ কৰিব লাগে। যেতিয়া আপোনাৰ হৃদযন্ত্র শৰীৰ আৰু পেশী স্বাস্থ্যকৰ হৈ থাকে, তেতিয়া আপোনাৰ শৰীৰত তেজৰ সঞ্চালন সুসময়ৰ বাবে সম্পূর্ণ নিশ্চিত হয়। 


৭/মাটিত বহি খাদ্য খালে কেৱল খানা খোৱাই নহয়, এক আসনৰ ভংগীতো থকা যায়। এই আসনৰ ভংগীতোৱে আপোনাক শান্ত কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত মেৰুদণ্ডৰ হাড়দালেও আৰাম পায়। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages