ইউৰীনাৰী ট্ৰেক্ট ইনফেক্সন বা মূত্ৰনলীৰ সংক্ৰমণৰ ঘৰুৱা দিহা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 10, 2022

ইউৰীনাৰী ট্ৰেক্ট ইনফেক্সন বা মূত্ৰনলীৰ সংক্ৰমণৰ ঘৰুৱা দিহা : Assamese Health Tips

Assamese Health Tips


ইউৰীনাৰী ট্ৰেক্ট ইনফেক্সন ( Urinary_tract_infection) বা মূত্ৰনলীৰ সংক্ৰমণ প্ৰায় বোৰ মহিলাৰে হোৱা এটা ৰোগ ।  Assamese Health Tips ) 


বিশেষকৈ গৰম দিনত মহিলা সকলে প্ৰায়ে এই ৰোগত ভোগে। ছোৱালী অৱস্থাত মই এই ৰোগত ভুগি কষ্ট পাইছিলো । কিছুমান ঘৰুৱা দিহা ব্যৱহাৰ কৰি মই আৰোগ্য লাভ কৰিছিলো । E.coli নামৰ এটা বেক্টেৰিয়াৰ বাবে সাধাৰণতে এই ৰোগ হয়। এই ৰোগৰ লক্ষণ সমূহ হল:-

🌸 প্ৰসাৱ কৰোতে বেদনা বা জলাপোৰা হয়, 🌸যিমান বেগেৰে  প্ৰসাৱ লাগে সেই অনুপাতে প্ৰসাৱ কমকৈ আৰু সঘনাই হয় ।

🌼প্ৰসাৱ খোলোচা নহয় ,কেতিয়াবা ককালৰ বিষ বা তলপেটৰ বিষ হব পাৰে। 

🌸প্ৰসাৱ ৰঙা বা ঘোলা ,কাঢ়া আৰু গন্ধযুক্ত হব পাৰে ।

🌸হঠাৎ জিকাৰ মাৰি ঠাণ্ডা লাগিব পাৰে বা জ্বৰ হব পাৰে । 


#দিহা_কেইটা হল=

🌿(১).প্ৰচুৰ পৰিমাণে পানী খাওক। পেচাবৰ বেগ আহিলে ৰখাই নথব। প্ৰসাব কৰি ভালকৈ ধুই লৈ মুচি  শুকুৱাই সম্পূৰ্ণ স্বাস্থ্যসন্মত বিধি পালন কৰক। টান বা চেপা মৰা অন্তৰ্বাস পৰিধান নকৰিব। 

🌿(২). প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা  বস্তু খাওক।যেনে নেমুটেঙা আদি।

🌿(৩). ৰঙা জবা ফুল কেইটামান পিচি নাভিত ভৰণ দি ওপৰমুৱাকৈ শুই থাকক আধা ঘণ্টা । প্ৰচাব খোলোচা হৈ যাব । 

🌿(৪).  চাল কুঁৱৰী বা Aloe vera এক আঙুলি জোখাৰে লৈ ভিতৰৰ সাহ খিনি এগিলাচ পানীত তালমিচিৰি দি এৰাতি তিয়াই ৰাখক। পিছদিনা চেকি লৈ খাওক।


🌿(৫). ডাবৰ পানী, কুহিয়াৰ ৰস, বুটত তালমিচিৰি দি তিয়াই ৰখা পানী আদি  খাওক।


🌿(৬). ৰঙা জবা ফুল কেইটামান পিচি এগিলাচ পানীত তালমিচিৰি দি কেইঘণ্টামান  তিয়াই থওক। চেকি লৈ তাৰ পানী খাওক।


🌿(৭). টেঙেচি পাত অলপ , দুপৰটেঙা বা পাতেগজা পাত তিনিটা অলপ তালমিচিৰি  এগিলাচ পানীত দি চৰবত বনাই খাওক ।  Assamese Health Tips ) 


🌿(৮). থেকেৰাৰ চৰবত খাওক। শুকান কুজি থেকেৰা দুচকল মান এগিলাচ পানীত অকণমান তালমিচিৰি দি কেইঘণ্টামান তিয়াই থওক। চেকি লৈ চৰবত হিচাবে খাওক। স্বভাৱত ই শীতল হোৱাৰ বাবে পেটৰ বাবেও উপকাৰী। আমাৰ ককা আইতাৰ দিনত প্ৰচলিত হোৱা summer ড্ৰিংক বুলিও কব পাৰি। আজিৰ দিনৰ শীতল পানীয় যেনে ক'কা ক'লাতকৈ( coca cola) ই বহুগুণে উন্নত।' অতীতক নাযাবা পাহৰি' কথাষাৰ মনত পেলাব এবাৰ।


🌸উপৰোক্ত দিহাকেইটা ব্যৱহাৰ কৰি চাওক কিছুদিন (অন্ততঃ ১৫ দিন )। সুফল পাব । ডায়েবেটিচ থাকিলে মিচিৰি নিদিব আৰু ব্লাড চুগাৰ কণ্ট্ৰোল কৰাত গুৰুত্ব দিয়ক । ইনফেক্সন বা সমস্যা বেছি জটিল হলে কিন্তু চিকিৎসকৰ পৰামৰ্শ লব লাগিব ☺|

#বি:দ্ৰ:- এই সমস্যাত ভোগা সকলে ৰোগ হৈ থকা অৱস্থাত কচু, বিলাহী, মাংস, সৰু মাছ,জালুক আদি কমাই খাব।



এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages