ভোজনৰ গুণবৰ্তা বনায় ৰাখিবলৈ আৰু উত্তম ভোজনৰ নিৰ্মাণৰ বাবে পাকঘৰৰ স্থান ঘৰত সকলোতকৈ মহত্বপূৰ্ণ মনা হৈছে। ( Assamese Fact )
যদি আমি ভোজন ভালদৰে কৰোঁ,তেতিয়া আমাৰ দিনটো ভালদৰে পাৰ হয়।যদি পাকঘৰৰ নিৰ্মাণ শুদ্ধ দিশত কৰা নাযায়,তেন্তে পৰিয়ালৰ সদস্যৰ ভোজনৰ পৰা পাচন সম্বন্ধীয় বহু ৰোগ হব পাৰে।
পাকঘৰৰ বাবে-সকলোতকৈ উপযুক্ত স্থান আগ্নেয় কোণ অৰ্থাৎ দক্ষিণ-পূৰ্ৱ দিশ হয়।যি অগ্নিৰ স্থান হয়।দক্ষিণ-পূৰ্ৱ দিশৰ পাছত দ্বিতীয় উপযুক্ত স্থান উত্তৰ পশ্চিম দিশ হয়।
ভোজন কৰোঁতে সময়পূৰ্ৱ বা উত্তৰমুখী ফালে বহি ভোজন কৰিব লাগে।ভোজন-ভোজন কক্ষতে কৰিব লাগে।পাকঘৰত ভোজন বনোৱাৰ সময়ত আপোনাৰ মুখ পূৰ্ৱ দিশৰ ফালে হব লাগে।পাকঘৰত আহাৰ বনোৱাৰ সময়ত গৃহিণীৰ মুখ পূৰ্ৱ বা উত্তৰ দিশৰ ফালে হব লাগে।কাঁহী-বাটি,পাকঘৰৰ সামগ্ৰী-ইত্যাদি পশ্চিম দিশৰ ফালে ৰাখিব লাগে।
বিজুলীৰ ব্যৱহাৰ দক্ষিণ-পূৰ্ৱ দিশৰ পৰা হব লাগে।জুথা বাচন বা চৌখাৰ স্লেপ বেলেগ হব লাগে।পাকঘৰত ঔষধ ৰাখিব নালাগে।পাকঘৰত ক'লা ৰংৰ প্ৰয়োগ কৰিব নালাগে।পাকঘৰৰ ৰং- সেউজীয়া,হালধীয়া,ক্ৰীম তথা গুলপীয়া হব লাগে। ( Assamese Fact )
পাকঘৰত খাবলৈ ৰখা পানী-উত্তৰ-পূৰ্ৱ দিশে ৰাখিব লাগে।পাকঘৰত গেছ দক্ষিণ-পূৰ্ৱ দিশে ৰাখিব লাগে।পাকঘৰত ভোজন কৰাৰ সময়ত আপোনাৰ মুখ উত্তৰ-পূৰ্ৱ দিশৰ ফালে হব লাগে।ফ্ৰিজ-পশ্চিম-দক্ষিণ, দক্ষিণ-পূৰ্ৱ বা দক্ষিণ-পশ্চিম দিশে ৰাখিব লাগে।
খাদ্য সামগ্ৰী,বাচন-বৰ্তন ইত্যাদিৰ বাবে স্থান পশ্চিম বা দক্ষিণ দিশৰ ফালে হব লাগে।পাকঘৰত গোসাঁই ঘৰৰ স্থান ৰাখিব নালাগে।খোৱাৰ মেজক পাকঘৰত ৰাখিব নালাগে।যদি ৰাখিবলৈ ঠাই নহলে,উত্তৰ-পশ্চিম দিশৰ ফালে ৰাখিব লাগে।কাৰণ ভোজন কৰাৰ সময়ত মুখ'খন পূৰ্ৱ বা উত্তৰ ফালে হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment