পঁইতাচোৰাই অশান্তি কৰিছে যদি প্ৰয়োগ কৰক এই ঘৰুৱা পদ্ধতি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 6, 2022

পঁইতাচোৰাই অশান্তি কৰিছে যদি প্ৰয়োগ কৰক এই ঘৰুৱা পদ্ধতি : Assamese Fact

Assamese Fact


পঁইতাচোৰাই অশান্তি কৰিছে নেকি! এই ঘৰুৱা পদ্ধতি প্ৰয়োগ কৰি খেদাওক পঁইতাচোৰা।  ( Assamese Fact )


*মানুহৰ ঘৰত পঁইতাচোৰাই বৰ অশান্তি কৰে। এইবিধ প্ৰাণীৰ উপদ্ৰৱত কেতিয়াবা ঘৰৰ মানুহ থাকিব নোঁৱাৰা অৱস্থা হয়। পঁইতাচোৰাই ৰোগ বিয়পোৱাৰ লগতে প্ৰয়োজনীয় নথি পত্ৰবোৰ নষ্ট কৰে। পঁইতাচোৰা বৰ বিৰক্তিকৰ প্ৰাণী। 


*তেজপাত-

তেজপাত শুকুৱাব লাগে বা ভালদৰে তিয়াই ৰাখিব লাগে। যদি পাউদাৰটো সপ্তাহত কমেও দুবাৰকৈ ঘৰৰ প্ৰতিটো কোণত ছটিয়াই দিয়া হয়, তেন্তে আপোনাৰ ঘৰত পঁইতাচোৰা নাথাকে। তেজপাতৰ উগ্র গোন্ধ পঁইতাচোৰাই সহ্য কৰিব নোৱাৰা। 


*এমোনিয়া-

পঁইতাচোৰা মৰা দৰৱত বৃহৎ পৰিমাণে এমোনিয়া ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি সেই এমোনিয়া পোনপটীয়াকৈ ঘৰত ব্যৱহাৰ কৰিব পাৰে। ৫লিটাৰ পানীত ২কাপ তৰল এমোনিয়া লওঁক আৰু সপ্তাহত কমেও ৩দিন ঘৰটো মুচি দিয়ক। তেতিয়া দেখিব যে, পঁইতাচোৰা আঁতৰ হৈছে।  ( Assamese Fact )


*বৰিক পাউদাৰ-

বৰিক পাউডাৰে, পঁইতাচোৰা খুব ভালদৰে আঁতৰ কৰে। বৰিক পাউডাৰ ভাতৰ সৈতে মিহলি কৰক আৰু ঘৰৰ চুকে কূণে ৰাখক। এই ভাত খোৱাৰ পাচত পঁইতাচোৰা তৎক্ষণাৎ মৰিব। কেৱল সেয়াই নহয়, আপুনি সোনকালেই উপলব্ধি কৰিব যে, পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা আঁতৰ হৈছে। 


*চেনি আৰু বেকিং চডা-

চেনি আৰু বেকিং চডা'ত মিহলি কৰক আৰু ইয়াক পঁইতাচোৰা অহা যোৱা বাটত ৰাখক। পঁইতাচোৰাই চেনি খায় ভাল পায়। বেকিং চডা মিহলি চেনি খালে পঁইতাচোৰা তৎক্ষণাৎ মৰিব। 


*লং আৰু জালুক-

লং আৰু জালুক একেলগে ভাজক বা প্ৰখৰ ৰদ'ত শুকুৱাওক। এতিয়া এইখিনি গুড়ি কৰি পানীত মিহলাই এটা স্প্ৰে বটলত ভৰাই ঘৰৰ কোণে কোণে স্প্রে কৰক। পঁইতাচোৰা অহা যোৱা কৰা বাটত অধিক স্প্রে কৰক। তেতিয়া আপুনি দেখা পাব যে, পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা পলাব। 


*মনত ৰাখিব-


আপুনি আপোনাৰ ঘৰটো প্ৰতিদিনে পৰিষ্কাৰ কৰিব লাগিব। 


আপুনি কাপোৰত নেপথলিন ৰাখিব পাৰে। ঘৰত বনোৱা খাদ্য ধাকি ৰাখক যাতে পঁইতাচোৰা বা আন কোনো পোক পতংগ খাদ্যতালিকায় নপৰে।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages