সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-কেৱল হাতৰ ৰেখা-চাই মনুষ্যৰ ভাগ্য পঢ়িব পৰা যায়,হাতৰ আঙুলি চায়ো ব্যক্তিৰ লগত জড়িত কথাও গম পোৱা যায়। ( Assamese Fact )
*সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-কোনো ব্যক্তিৰ-গুণ- অবগুণ,ভাল-বেয়া-ব্যক্তিৰ মুখ মণ্ডল,শৰীৰৰ বিভিন্ন অংগৰ আকাৰ চাই জনা যায়।যি দৰে কোনো ব্যক্তিৰ হাতত থকা ৰেখাৰ দ্বাৰা-সেইজনৰ ভাগ্য পঢ়িব পৰা যায়,কিছু তেনেদৰে-ব্যক্তিৰ আঙুলিৰ আকাৰ দেখা পায়-তেওঁৰ লগত জড়িত কথাবোৰ সহজভাৱে জানিব পৰা যায়।
*সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-হাতৰ-বেঁকা-পোন, পাতল-শকত বা দীঘল-সৰু আঙুলিয়ে বহু কথা কয়।
*সামুদ্ৰি শাস্ত্ৰ অনুসাৰে যি লোকৰ আঙুলি কোমল আৰু লাহি হয়,এনে লোক বহুত কোমল হয়।সলনি হোৱা বতৰৰ লগত-প্ৰায়ে-চৰ্দি-কাঁহ দৰে ৰোগৰ লগত চিকাৰ হয়।
*সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-যি লোকৰ আঙুলি কঠোৰ হয়,আৰু বহুত চেষ্টা কৰাৰ পচতো পাচফালে নাযায়-সেইজন প্ৰায় বহুত চিন্তাৰ দ্বাৰা আৱৰি থাকে।এনে লোক মানসিক অশান্তি,অনিদ্ৰা দৰে ৰোগৰ লগত জড়িত হয়।
*সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-যি লোকৰ হাতৰ আঙুলি-বেঁকা-তেৰা,বা বিকৃত আকাৰৰ থাকে-প্ৰায়ে এনে লোকে মনত বেয়া চিন্তা লৈ থাকে।আৰু সদায়ে নিজৰ ভালটো বিচাৰে। ( Assamese Fact )
*সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-যি লোকৰ হাতৰ আঙুলি সৰু হয়-তেনে লোক প্ৰায়ে গৰম মগজুৰ হয়।সৰু আঙুলিৰ ব্যক্তিৰ কথাৰ প্ৰতি খং উঠে।আৰু এনে লোকৰ হাই ব্লাডপ্ৰেচাৰ,আৰু হাৰ্টৰ লগত সম্বন্ধিত ৰোগৰ সম্ভাৱনা থাকে।
*সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-যি লোকৰ হাতৰ আঙুলি দীঘল হয়,তেনেলোক প্ৰায় চতুৰ থাকে।এনেলোক শান্ত আৰু উদাৰ স্বভাৱৰ থাকে।আৰু সংকট আহিলে-নিজৰ কথা নাভাবি সমাজ আৰু আপোন লোকৰ কথা ভাৱে।দীঘল আঙুলিৰ ব্যক্তিয়ে সদায়ে নিজৰ শক্তিতে নিজৰ স্থান বনাই।এনেলোকৰ জীৱনত মিত্ৰ বহুত থাকে।
*সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-যি লোকৰ হাতৰ আঙুলি পাতল হয়-তেনেলোকৰ স্মৰণ শক্তি বহুত ভাল হয়।শকত আঙুলিৰ ব্যক্তিক-প্ৰায় চিন্তিত ৰূপত পোৱা যায়।
*সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে-কোনো ব্যক্তিৰ হাতৰ আঙুলিক দেখা-পায় তেওঁৰ স্বভাৱক সহজতে জানিব পৰা যায়।যেনে-যি লোকৰ হাতৰ আঙুলি পাছফালে ঘূৰি থকা আৰু কোমল হয়-তেনে লোক প্ৰায় কোমল অন্তৰৰ সকলোৰে লগত মিলিজুলি থকা আৰু মৰমৰ প্ৰীতিৰে থাকিব পৰা লোক হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment