নিশা মৃতদেহ কিয় দাহ কৰা নহয় জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 4, 2022

নিশা মৃতদেহ কিয় দাহ কৰা নহয় জানি লওক : Assamese Fact

Assamese Fact


মৃত্যুৰ পাছত মৃতদেহটো কিয় অকলে এৰি দিয়া নহয় বা নিশা মৃতদেহ কিয় দাহ কৰা নহয়! ( Assamese Fact )


পৃথিৱীত জন্ম লোৱা যিকোনো জীৱৰ মৃত্যু চিৰন্তৰ সত্য।প্ৰত্যেক মানুহেই এদিন নহয় এদিন নিদিষ্ট সময়ত মৰিবই লাগিব।সেয়হে শৱদাহ হিন্দু ধৰ্মত অন্যতম প্ৰধান ৰীতি-নীতিৰ মাজেৰে সম্পন্ন কৰা হয়।


হিন্দু ধৰ্মত শৱদাহ পৰম্পৰা আছে-অৰ্থাৎ মৃত্যুৰ পাছত মৃতদেহটো জলাই দিয়া হয়।ইয়াৰ লগতে অন্তোষ্টিক্ৰিয়া সম্পৰ্কেও নিয়ম আছে।যিবোৰ মানি চলাটো অতি প্ৰয়োজনীয়।গৰুড়পুৰাণত এনে কিছুমান নীতি নীয়মৰ কথা উল্লেখ কৰা হৈছে-যত কোৱা হৈছে সূৰ্যাস্তৰৰ পাছত শৱদাহ কৰা নহয়।কিন্তু কিয়?লগতে মৃতদেহটো অকলে এৰি দিয়া নহয়।


সূৰ্যাস্তৰ পাছত অন্তোষ্টিক্ৰিয়া কিয় কৰা নহয়!


সূৰ্যাস্তৰ পাছত যদি কোনো ব্যক্তিৰ মৃত্যু হয়-তেন্তে তাৰ পিছদিনা পুৱাহে শৱদাহ কৰা হয়।এই সময়ছোৱাত মৃতদেহটো নিশাটো মাটিত ৰখা হয় আৰু কেইবাজনো লোকে ওৰে নিশাটোৰ লগত বহি থাকে।ইয়াৰ আঁৰৰ কাৰত গৰুড় পুৰাণত উল্লেখ আছে।


প্ৰথমতে সূৰ্যাস্তৰ পাছত যদি  শৱদাহ কৰা হয়-তেন্তে-সেই ব্যক্তিজন অৱনমিত হয় আৰু তেওঁ মুক্তি নাপায় বুলি কয়।ভেম্পায়াৰ বা অসুৰৰ ৰূপত এনে আত্মাৰ পুনৰ জন্ম হয় বুলি জনশ্ৰুতি শুনা যায়।দাহ কৰাৰ বাবে উপযুক্ত সময় বাছি লোৱাটো প্ৰয়োজন বুলি কোৱা হয়। ( Assamese Fact )


পঞ্চকালত যদি কাৰোবাৰ মৃত্যু হয়-তেন্তে-সেই সময় শেষ হোৱাৰ পাছতহে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।এই সময়ত পঞ্চকাল শেষ নোহোৱালৈকে মৃতদেহ দাহ কৰা নহয়।কাৰণ পঞ্চকালত কাৰোবাৰ দাহ কৰিলে-সেই ব্যক্তিজনৰ পৰিয়ালৰ আন পাঁচজন লোকৰ মৃত্যু হব পাৰে।ইয়াৰ বাবে এটা সমাধানো কোৱা হৈছে-যাৰ মতে মৃতদেহৰ সৈতে-৫টা আটা বা শুকান ঘাঁহৰ প্ৰতিমূৰ্তিও সম্পূৰ্ণ নিয়মেৰে দাহ কৰা হয়।


নিশা মৃতদেহৰ লগত কিয় মানুহ থাকিব লাগে!


ওৰে নিশা মৃতদেহটো লৈ মানুহ বহি থকাৰ আঁৰৰ কাৰণটো গৰুড়পুৰাণত উল্লেখ আছে।সেইমতে যদি মৃতদেহ অকলশৰীয়াকৈ ৰখা হয়-তেন্তে-নিশাৰ ভাগত দুষ্ট আত্মাই তাত প্ৰৱেশ কৰিব পাৰে আৰু সেই দেহৰ যোগেদি কিছুমান কু-কৰ্মৰ সৃষ্টি কৰিব পাৰে।এই কাৰণেই নিশা কোনোবাই নিশ্চিতভাৱে মৃতদেহৰ ওচৰত বহি থাকে আৰু সেই ঠাইখন পৰিষ্কাৰ কৰি ৰখা হয়।


ইয়াৰ বাহিৰেও তাত ধূপকাঠি আৰু চাকি জ্বলাই ৰখা হয় যাতে জুইৰ পৱিত্ৰ পোহৰত কোনো দুষ্টআত্মাই মৃতদেহত প্ৰৱেশ কৰিব নোঁৱাৰে।ইয়াৰ বাহিৰেও মৃতদেহটোক যিকোনো ধৰণৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলেও মৃতদেহক অকলশৰীয়াকৈ এৰি দিয়া নহয়।মাটিত ৰখা মৃতদেহক কুকুৰ বা আন যিকোনো জীৱই ক্ষতি কৰিব পাৰে।


হিন্দু ধৰ্মত এটা বিশ্বাস আছে যে-মৃতদেহৰ শেষ ৰীতি-নীতি কেৱল মৃতকৰ পুত্ৰ বা কন্যাহে কৰে।যদি মৃতকৰ অংশবোৰ তেওঁলোকৰ পৰা আঁতৰত থাকে,তেন্তে তেওঁলোকৰ আগমনলৈকে অপেক্ষা কৰা হয়।


এনে অৱস্থাত কেতিয়াবা মৃতদেহটো গোটেই নিশাটো ৰখিবলগীয়া হয়।বিশ্বাস কৰা হয় যে-মৃতকৰ অন্তোষ্টিক্ৰিয়া পুত্ৰৰ হাতেৰে কৰিলে-আত্মাই শান্তি লাভ কৰে।অন্যথা আত্মাই  পূৰ্ণজন্ম বা পৰিত্ৰাণৰ সন্ধানত বিচৰণ কৰি ফুৰে। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

3 comments:

  1. এই পুৰণিকলীয়া অন্ধবিশ্বাসবোৰ এৰক ! মোোৰ ৮০ বছৰীয়া জীৱনকালত অনেক শৱদাহ দেখি আহিছো সুৰ্য্যাস্তৰ পিছত নিশাৰ যি কোনো সময়তে কৰা ! আধুনিক কালৰ বাবে প্ৰয়োজনীয় বিজ্ঞানমনস্কতাৰে মানুহক সজাগ কৰাটোহে এটা টি ভি চেনেলৰ উদ্দেশ্য হোৱা উচিৎ ! অন্ধবিশ্বাসক প্ৰশ্ৰয় দিয়াটো নহয় !

    ReplyDelete
  2. Morar pisot eku nai aru .

    ReplyDelete

Advertisement

Pages