ৰন্ধা বঢ়া কৰা , খোৱা বস্তু থোৱা , খাদ্য খোৱা বাচনবোৰ কিমান স্বাস্থ্যসন্মত জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 23, 2022

ৰন্ধা বঢ়া কৰা , খোৱা বস্তু থোৱা , খাদ্য খোৱা বাচনবোৰ কিমান স্বাস্থ্যসন্মত জানি লওক : Assamese Fact

Assamese Fact


এসাজ পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত খাদ্য খাবৰ বাবে আমি যে কি কি নকৰো । বজাৰত বিচাৰি বিচাৰি ভাল ভাল শাক-পাচলি ,  ভাল মছলা , ভাল তেল , ভাল চাউল আনো  ।  Assamese Fact )


তাৰ পিছতো পাকঘৰত 2-3 বাৰকৈ ধুই চাফা কৰাৰ পিছতহে  ৰন্ধা হয়  আৰু তাৰ পিছতহে খোৱা হয় ।  মুঠৰ ওপৰত খোৱা খাদ্যৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো । 


কিন্তু এইবোৰৰ উপৰিও আপুনি ভাবি চাইছেনে , যে আপুনি ৰন্ধা বঢ়া কৰা  , খোৱা  বস্তু থোৱা , খাদ্য খোৱা বাচনবোৰ কিমান স্বাস্থ্যসন্মত  ? 


হয়তো এইটো দিশত বহুত কম মানুহেহে গুৰুত্ত্ব দিয়ে ।  কিন্তু এইটো ক্ষেত্ৰতো আন আন খোৱা বস্তুৰ সমানেই গুৰুত্ত্ব দিয়াটো দৰকাৰ । 


অতীতত ৰজা- মহাৰজাসকলে সোণ-ৰূপ আদিৰ বাচনত খাদ্য খাইছিল । প্ৰজাসকলে তাম , পিতাল , কাঁহ আদিৰ বাচনত খাদ্য খাইছিল । এই সকলোবোৰ স্বাস্থ্যসন্মত আছিল । 


কিন্তু আধুনিক যুগত এনে কিছুমান সহজলভ্য বস্তু আহি পৰিছে যে যিবিলাকে আমাৰ কাম অতি সহজতে আৰু কম সময়ৰ ভিতৰত কৰি দিয়ে । যাৰ বাবে আমি  এই সহজলভ্য বস্তুবোৰ গ্ৰহণ কৰিব ধৰিছোঁ । 


বৰ্তমান দিনত ঘৰত আতাইতকৈ  বেছি ব্যৱহাৰ হোৱা বাচন হল এলুমিনিউমৰ  । এইবিধ ধাতু আমাৰ শৰীৰৰ বাবে একেবাৰেই অনুপযোগী । এলুমিনিউমৰ বাচনত ৰন্ধা খাদ্য খালে মানুহৰ শৰীৰত ডাঙৰ ডাঙৰ 40 তাৰো ওপৰত ৰোগ হব পাৰে ।  এইবিধ ধাতু শৰীৰে গ্ৰহণ কৰিব নোৱাৰে , কিডনী ফিল্টাৰ কৰি উলিয়ায় দিব নোৱাৰে । শৰীৰৰ বিভিন্ন ঠাইত টেমুনাৰ সৃষ্টি কৰিব পাৰে , হাওঁফাওঁৰ ৰোগ যেনে টিবি , হাঁপানী , ব্ৰংকাইটিছ  আদি হব পাৰে ।  Type 2 ডায়েবেটিচ , উচ্চ ৰক্তচাপ  আদিও হব পাৰে । Assamese Fact )


আমাৰ সমাজত এলুমিনিউমৰ প্ৰচাৰ কেতিয়াও নাছিল ।   চিপাহী বিদ্ৰোহৰ পিছত  1860 চনত  ব্ৰিটিছ সকল আকৌ ঘূৰি আহি  নতুন নতুন আইন বনাই ভাৰতীয়সকলক জেলত ভৰাই থব ধৰিলে আৰু জেলত এলুমিনিউমৰ বাচনত খাব দিছিল , যাতে কয়দীসকল সোনকালে বেমাৰ হৈ মৃত্যু হয় । তেতিয়াৰ পৰাই জেলত এইবিধ ধাতুৰ বাচন ব্যৱহাৰ হৈ আহিছে । 

আমি একো বুজি নাপাই নিজকে আধুনিক কৰি  সকলোৰে ঘৰে ঘৰে এইবিধ বিষাক্ত ধাতু সোমাই লৈছোঁ । 

তাৰ পিছতে হল Bone In China বা Fine bone China ।


আজিকালি মানুহৰ পাকঘৰত এইবিধ বস্তুৰ  জনপ্ৰিয়তা বহুত বাঢ়ি গৈছে । সহজতে ভাঙি নাযায় আৰু পাতল হোৱা বাবে মানুহে পছন্দ কৰে । কিন্তু ভাবি চাইছেনে এবাৰ , যে এইবোৰ বনায় কিহেৰে ? 

ইংৰাজীত 'Bone ' শব্দৰ অৰ্থ হল হাড় ।   অৰ্থাৎ চীনৰ হাড়ৰ দ্বাৰা বনোৱা বাচন । 

চীনত মানুহে কুকুৰ আটাইতকৈ বেছি খায় , তাৰ পিছত গাহৰি আৰু তাৰ পিছত গৰু । 

কিহৰ হাড়ৰে এইবোৰ বাচন বনায় নিজেই ভাবি লওক । 

তাৰ পিছত হল Non-stick  .   কম তেলত , কম গেছত ৰন্ধা বঢ়া হয় বাবে গৃহিনীসকলে বহুত পছন্দ কৰে এইবিধ বাচন । কিন্তু আপুনি হয়তো নাজানে যে  এইবিধ গৰম কৰিলে নিৰ্গত হোৱা ৰাসায়নিক দ্ৰৱ্যই কেঞ্চাৰৰ কৰক হব পাৰে ।। 

গতিকে সকলো ৰাইজলৈ এটি অনুৰোধ , এইবিলাক  বাদ দি আমাৰ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰক । স্বাস্থ্যও থাকিব , ধনো থাকিব । 

কাঁহ পিতলৰ বাচন হল বৰ্তমান দিনত উত্তম । এটা হোকিন্সৰ 5 লিটাৰ কুকাৰ 1500-2000 টকা লাগে 

। 

কিন্তু ভাত বনাবৰ বাবে কাঁহ বা পিতলৰ দেক্সি এটা 700-800 টকাত পাই যায় । 

অসমৰ টকা অসমতেই থাকিব ।

তাতকৈও ভাল হল মাটিৰ বাচন । যদি মাটিৰ বাচনত খাদ্য বনায় , সেই খাদ্য দেৱতাই খোৱাৰ যোগ্য হয় বুলি কোৱা হয় । 

তাৰোপৰি  আমাৰ কুমাৰ , হীৰা আদি  লোকসকল নিজৰ লৰা ছোৱালীক দুবেলা দুমুঠি ভালকৈ খুৱাব পাৰিব আৰু স্কুল কলেজটো পঠাব পাৰিব ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages