টাইটানিকৰ পৰিচয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 16, 2022

টাইটানিকৰ পৰিচয় : Assamese Fact

Assamese Fact


টাইটানিক পৃথিৱীৰ সবতোকৈ বিলাসবহুল জাহাজ।অন্য অৰ্থত টাইটানিক অতাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ জাহাজ। ( Assamese Fact )


ইয়াক দৃঢ় প্ৰতিশ্ৰুতিৰে প্ৰস্তুত কৰা হৈছিল।টাইটানিক জাহাজখন নিৰ্মাণ কৰা হৈছিল-উত্তৰ আয়াৰলেণ্ডৰ উপকূলীয়া চহৰ বেষ্টকাষ্টত।টাইটানিকৰ মালিক আছিল-'হাটলণ্ড এণ্ড ৱলফ',নামৰ জাহাজ ব্যৱসায় কৰা এটা সংস্থা।এই কোম্পানীৰ ঠিকা লৈ-'হুৱাইট ষ্টাৰ লাইন' প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিয়াইছিল।

টাইটানিক দীঘলে-২৭১ মিটাৰ-অৰ্থাৎ প্ৰায় আঢ়ৈখন ফুটবল খেলপথাৰৰ সমান আৰু উচ্চতা আছিল অতুলনীয়।


টাইটানিকৰ সুবিধা-

টাইটানিক সুবিধাৰ ফালৰ পৰা-জাহাজ বুলি নকৈ এখন অত্যাধুনিক মিনি ৱল্ড বুলি কব পাৰি।কি নাই টাইটানিকত!বিলাসী ব্ৰিটছ আৰু আমেৰিকানবোৰে বিচৰা সকলো সুবিধাৰে ভৰি আছিল।


টাইটানিকৰ অন্তৰভাগত আছিল-এটা লাইব্ৰেৰী, এটা অত্যাধুনিক জিমনাচিয়াম, এখন পাৰ্চিয়ান কাফে, জেকবিয়ান ডাইনিং হল,ফুটবল ফিল্ড,টেনিচ কৰ্ট, ছুইমিং পুল, পাঁচশ ব্যক্তি বহি একেলগে খাব পৰা অত্যাধুনিক ডাইনিং হল আৰু ৰেষ্টুৰেন্ট,অত্যাধুনিক গেৰেজ, টাইটানিকৰ ডাবল ইঞ্জিন, বল-ডেন্স ৰূম,মনোমোহা লন আৰু দহটা আহল-বহল ডেক।


টাইটানিকৰ প্ৰথম শ্ৰেণীৰ যাত্ৰী হবলে আপুনি দিব লাগিলেহেতেঁন-তিনি হাজাৰ এশ ডলাৰ।যাৰ বৰ্তমানৰ মূল্য-১লাখ ২৪হাজাৰ।বিশ্বৰ সকলোতকৈ ধনী ভ্ৰমণবিলাসী,গণমান্য ব্যক্তি সকলক লৈ-'ৰয়েল মেইল ষ্টিমাৰ' হিচাপে টাইটানিক নিৰ্মাণ কৰা হৈছিল। ( Assamese Fact )



টাইটানিকৰ যাত্ৰীসকলে আকৌ কাকতালীয়ভাবে ভ্ৰমণ বিলাসী ব্ৰিটিচ আৰু আমেৰিকান আছিল।টাইটানিকত মুঠ যাত্ৰীৰ সংখ্যা আছিল-২২২৪জন। জাহাজত বিষয়া-কৰ্মচাৰীৰ সংখ্যা আছিল-৯০০জন আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ সংখ্যা আছিল-১০০জন।ইমানবোৰ যাত্ৰীৰ ভিতৰত মাত্ৰ-৭০০যাত্ৰীয়ে পুনৰ মাটিত ভৰি দিবলৈ সুবিধা পাইছিল।


টাইটানিকৰ যাত্ৰা-

টাইটানিক ইংলেণ্ডৰ ছাউদাম্পটন বন্দৰৰ পৰা আমেৰিকাৰ নিউয়ৰ্কলৈ যাত্ৰা কৰিছিল-১৯১২চনৰ ১১এপ্ৰিলত।বিত্তশীল সৌভাগ্যবান আৰু ভ্ৰমণবিলাসী ব্যক্তিকেইজনমানে টাইটিনিকক সাগৰেদি প্ৰমোদ ভ্ৰমণৰ বাবে ৰাজকীয়ভাবে ব্যৱহাৰ কৰিব বিচাৰিছিল।আনকি 'হুৱাইট ষ্টাৰ লাইন'ৰ স্বত্বাধিকাৰী জোছেফ ব্ৰুছ ইচনেও ভাবি পোৱা নাছিল- টাইটানিকৰো যে এদিন সলিল সমাধি ঘটিব পাৰে।কিয়নো সম্পূৰ্ণভাৱে গেৰেন্টি দিয়া হৈছিল যে-টাইটানিক কেতিয়াও কোনো কাৰণত ডুবিব নোঁৱাৰে।কৌৰপতি বিলাসী মানুহবোৰে নিজৰ ভ্ৰমণ চৰিতাৰ্থ কৰিবলৈ আগতীয়াকৈ বুকিং কৰিছিল টাইটানিকৰ টিকট।তেওঁলোকে ধৰি লৈছিল যে-টাইটানিক সীমাহীন আনন্দ আৰু ভ্ৰমণৰ প্ৰতীক।


*টাইটানিকৰ বিপৰ্যয়-


দূৰ্ঘটনাৰ সময়ত টাইটানিক,২২-২৩নট বেগেৰে-আটলান্টিকৰ মাজেৰে তীব্ৰ বেগেৰে গতি কৰিছিল।উত্তৰ আটলান্টিকৰ 'কেপ-ৰচ' নামৰ ঠাইত মাটিৰ পৰা ৪০০০মিটাৰ তলৰ পৰা প্ৰাকৃতিকভাৱে গঢ় লৈ থকা প্ৰকাণ্ড বৰফ এটুকুৰাত(বৰফৰ পাহাৰ) খুন্দিয়াই সম্পূৰ্ণ আঢ়ৈ ঘন্টাৰ মূৰত ১৫এপ্ৰিলৰ দিনা- ১০.৪০ ৰ'পৰা ২.১০বজাত টাইটানিকৰ সলিল সমাধি ঘটিল। 'হুৱাইট ষ্টাৰ লাইনৰ' স্বত্বাধিকাৰী যোচেফ ব্ৰুচ ইচনে টাইটানিকৰ কেপ্টেইন স্মিথ আৰু বহুতো সপোন লৈ ভ্ৰমণ কৰা বিলাসী কোটিপতি ব্যক্তিক তেওঁলোকৰ লৰা-ছোৱালী সম্বন্ধিতে উত্তৰ আটলান্টিকৰ শীমতল 'কেপ-ৰচ' এৰিয়াত পৃথিৱীৰ সবাতোকৈ চিৰস্মৰণীয় আৰু লোমহৰ্ষক সাগৰীয় দুৰ্ঘটনাতো বুৰঞ্জীৰ বুকুত লিপিবদ্ধ কৰালে।

এয়াই 'হাটলণ্ড এণ্ড ৱলফ' কোম্পানীৰ বিশ্ববিখ্যাত টাইটানিক।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages