শাস্ত্ৰ অনুসৰি যি সকলে ৰাতিপুৱা এই কাম কৰে তেওঁলোকৰ কেতিয়াও অকাল মৃত্যু নহয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 20, 2022

শাস্ত্ৰ অনুসৰি যি সকলে ৰাতিপুৱা এই কাম কৰে তেওঁলোকৰ কেতিয়াও অকাল মৃত্যু নহয় : Assamese Fact

Assamese Fact


হঠাৎ কাৰোবাৰ দূৰ্ঘটনা হৈ মৃত্যু হোৱা আপোনালোকে চাগে নশ্চয় দেখিছে বা শুনিছে । তেতিয়া ঘৰৰ মানুহে বা আন কিছু লোকেও কয়, তালৈ নোযোৱা হ'লে এনেকুৱা নহ'ল হয়। ( Assamese Fact )


কোনোবা ব্যক্তি যদি পানীত ডুবি মৰি যায়। তেতিয়া মানুহে কয় যে গা ধুবলৈ সেই নৈ বা পুখুৰীটোলৈ নোযোৱা হ'লে তেওঁৰ মৃত্যু নহ'ল হেঁতেন চাগে।এই বেয়া সময়খিনি পাৰ হৈ গ'ল হেঁতেন।এই বেয়া সময়খিনি পাৰ হৈ গ'ল হেঁতেন আৰু হয়তো তাৰ মৃত্যুৰ প্ৰক্ৰিয়া ৰৈ গ'ল হয়। প্ৰিয় পাঠকসকল,দৰাচলতে এনেকুৱা একো কথা নাই যিটো নিশ্চিত হৈ আছে সেইটো আমাৰ লগত হ'বয়ে।


ৰামচৰিত্ৰ মানসৰ বালকাণ্ডত এই বিষয়ে লিখা আছে। উদাহৰণ হ'ল- এজন প্ৰতাপ ভানু নামৰ ৰজা আছিল। এবাৰ তেওঁৰ ঘৰলৈ বহুত ব্ৰাহ্মণ আৰু ঋষি আহিল আৰু সেই ৰজাজনে তেওঁলোকক ভোজন খাবলৈ দিলে। কিন্তু  ৰজাজনৰ ঘৰত যিয়ে ভোজন ৰান্ধিছিল সেইয়া এটা মায়াবী ৰাক্ষস আছিল। সেই মায়াবী ৰাক্ষসকটোৱে ব্ৰাহ্মণ আৰু ঋষি কেইজনৰ থালিত মাছ দি দিলে। 


তাৰ পিছত যেতিয়া ব্ৰাহ্মণ আৰু ঋষি কেইজনে থালিত মাছ দেখিলে তেতিয়া তেওঁলোকে খঙতে ৰজাক শাও দিলে যে তেওঁ এজন ৰাক্ষস হৈ যাওঁক। তাৰ পাছত ৰজা প্ৰতাপ ভানুৱে মনতে ভাবিলে যে মই যদি আজি ব্ৰাহ্মণ আৰু ঋষি কেইজনক ভোজন নোখোৱালো হেঁতেন এনেকুৱা একো নহ'ল হেঁতেন আৰু মই আজি শাও পাব লগা নহ'ল হেঁতেন আৰু হয়তো মোৰ এই বিপদৰ সময়খিনি পাৰ হৈ গ'ল হেঁতেন। আৰু সেইজন ৰজাই পাছলৈ গৈ ৰাক্ষসৰাজ ৰাৱণ হ'ল।  ( Assamese Fact )


প্ৰিয় পাঠকসকল ৰামচৰিত্ৰ মানসত লিখা আছে যে যি হ'ব লগা আছে সেইয়া আপোনালোকৰ বা আমাৰ লগত হ'বয়ে।সেইটো যি হ'লেও নোহোৱাকৈ নাথাকে আৰু যি হ'ব লগা নাথাকে সেইটো কেতিয়াও নহয়।যাৰ মৃত্যু য'ত লিখা আছে যেনেকৈ লিখা আছে যি সময়ত লিখা  আছে তেনেকৈয়ে  হ'ব। ঘৰত বিচনাত হওঁক বা ৰাস্তাত দূৰ্ঘটনাতে হওঁক বা পানীত ডুবিয়ে হওঁক। মহাভাৰতত ভীষ্ম পিতামহৰ মৃত্যু যেনেকৈ লিখা আছিল কাড়ৰ শৰশয্যাত তেনেকৈয়ে হৈছিল। সেই কাৰণে যাৰ মৃত্যু যেনেকৈ হ'ব লগা আছে হৈ আহিছে বা হৈ আছে আৰু এইবোৰ প্ৰথমৰ পৰাই নিশ্চত কৰা আছে বা নিশ্চত হৈ আছে। সেই কাৰণে আমি ইয়াত দুখ কৰিব লগা একো নাই।ইয়াক লৈ আমি চিন্তিত হ'ব নালাগে। 


মানুহে তাৰ পাছত কয় যে অকাল মৃত্যু হ'ল।আচলতে এইয়া অকাল মৃত্যু নহয়।এইটো নিশ্চিত ভাবে মানি লওঁক যে এইটো আমাৰ লগত হ'ব লগা আছিল। প্ৰিয় পাঠকসকল শাস্ত্ৰৰ অনুসৰি যি সকলে ৰাতিপুৱা চালিগ্ৰাম ভগৱানৰ নহলেবা লাড্ডু গোপালক গা ধুওঁৱা যিখিনি পানী বাচি যায় যাক চৰণ অমৃত বুলি কোৱা হয়।যিয়ে ভগৱানক পূজা কৰি তেওঁক প্ৰণাম কৰি ভগৱানৰ চৰণৰ অমৃত খাই ঘৰৰ পৰা বাহিৰলৈ যায়। তেওঁলোকৰ কেতিয়াও অকাল মৃত্যু নহয়। 


অকাল মৃত্যুৰ অৰ্থ এইটো যে কাৰোবাৰ পানীত ডুবি বা দূৰ্ঘটনা আদিত মৃত্যু হোৱা। এইবোৰকে মানুহে অকাল মৃত্যু বুলি কয়। কিন্তু শাস্ত্ৰৰ অনুসৰি এইটো নিশ্চিত যদি অকাল মৃত্যু হয় এইটো কথা সঁচা যে যদি সময়ৰ আগত অনায়াসে মৃত্যু হয় আমাৰ গুৰুৱে কয় যে ৮০ বছৰৰ আগত যদি কোনোবা ব্যক্তিৰ মৃত্যু হয় তাক অকাল মৃত্যু বুলিয়ে কোৱা হয়।


 কাৰোবাক যদি কোনোবাই মাৰি পেলাই অৰ্থাৎ স্বামীক যদি পত্নীয়ে ডিঙি চেপি মাৰি পেলায় তেতিয়া তেওঁ কি হয় প্ৰেত আত্মা হয় ।যিবোৰ পুণ্য আত্মাৰ ব্যক্তি মৰে তেওঁলোকৰ কি হয়। আপোনালোকে স্বামী বিবেকানন্দক চিনি পায় চাগে। তেওঁৰ মৃত্যু ৪০ বছৰতে হৈছিল।যিজন ব্যক্তিয়ে সদায় সঁচা পথত গৈ আছিল আৰু নিজৰ জীৱনত সদায় পুণ্য কৰি আছিল।যদি তেওঁ ২০ বছৰীয়া হৈ মৰি যায়। 


তেওঁ নিশ্চিত ভাবে ভগৱানৰ ধামলৈ যাব। কিন্তু যিসকল পাপী ব্যক্তি আৰু সদায় নিজৰ জীৱনত বেয়া কাম কৰে আৰু ভগৱানক নামানে,আনক অত্যাচাৰ কৰে বা মাক-দেউতাকক অপমান কৰে আৰু কিবা কাৰণত যদি সেই পাপী ব্যক্তিজনৰ  মৃত্যু হয় তেতিয়া নিশ্চিত ভাবে মানি লওঁক যে তেওঁ বাকী জীৱন আত্মা হৈ ঘূৰি ফুৰিব। যেতিয়ালৈকে তেওঁলোকৰ কাম সম্পূৰ্ণ নহয়।


সেই কাৰণে তেওঁলোকৰ নামত আপোনালোকে যি পুণ্য কৰিব পাৰে।যেনে- পিণ্ড দান, তৰ্পণ,গেয়াজী ,ভাগৱত গীতাৰ পাঠ আদি যিবোৰ আপোনালোকে তেওঁলোকৰ বা তেওঁৰ বাবে কৰিব পাৰে সেইবোৰ আপোনালোকে কৰক । এনেকুৱা কৰা ফলত তেওঁৰ আত্মাই অলপ হ'লেও শান্তি পাব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages