বাস্তু শাস্ত্র হৈছে ভাৰতৰ প্ৰাচীন বিধিবোৰৰ ভিতৰত এটা অন্যতম বিধি যত এজন ব্যক্তিৰ জীৱন সহজ আৰু সুখী কৰাৰ বাবেই গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া হয়। ( Assamese Fact )
বাস্তু শাস্ত্রত কেৱল নিৰ্মাণ সম্পর্কীয় নিয়মবোৰ কেৱল উল্লেখ কৰায় নহয়। আমাৰ নিত্য ব্যবহার্য কৰা সৰু সৰু বস্তু কত কিদৰে ৰাখিব তাৰো পৰামৰ্শ দিয়া হয়।
বাস্তু শাস্ত্র অনুসৰি ঘৰত সঠিক স্হানত বস্তু বাহিনী নাৰাখিলেও আপোনাৰ জীৱনৰ সমস্যাবোৰ বাঢ়িবলে আৰম্ভ কৰে। আমাৰ ঘৰৰ মূল দুৱাৰখন এটা গুৰুত্বপূৰ্ণ স্থান। ঘৰত শক্তি প্ৰৱেশৰ মুখ্য কেন্দ্র হৈছে আমাৰ ঘৰৰ মুখ্যদ্বাৰ। বাস্তু শাস্ত্রৰ মতে যদি মূল গেটৰ সন্মুখত কিছুমান বস্তু থাকিব নালাগে আৰু সেই বস্তু সমূহ যদি আপোনাৰ মূল দুৱাৰৰ সন্মুখত থাকে, তেন্তে ই আপোনাৰ অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। গতিকে ঘৰৰ সন্মুখত এই বস্তু সমূহ ৰাখিব নালাগে।
১/ডাষ্টবিন বা আৱৰ্জনাৰ দম-
ঘৰৰ মূল দুৱাৰৰ সন্মুখত যাতে আৱৰ্জনা বা লেতেৰা পানী নাথাকে, তাৰ বাবে বিশেষ যত্ন লব লাগে। কিছুলোকে ডাষ্টবিনটো মূল দুৱাৰৰ সন্মুখতে ৰাখে। এনে কাৰ্য্য বাস্তু শাস্ত্র বাবে উপযুক্ত নহয়। ঘৰ আৰু দুৱাৰৰ চাৰিওফালে লেতেৰা থাকিলে ই অকল আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰোপ প্ৰভাৱ পেলোৱাই নহয়। লগতে বাস্তু শাস্ত্র মতে আপোনাৰ সন্মান আৰু ধন হেৰুৱাৰো সম্ভাৱনা থাকে। লগতে আপুনি ঋণৰো সন্মুখীন হব লগা হব পাৰে।
২/দুৱাৰমুখৰ কাষৰ ৰাস্তা-
বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ মুখ্য দুৱাৰৰ ৰাস্তাটো উচ্চ হলে শুদ্ধ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰত বাস কৰা লোকসকলৰ জীৱনত উথান পতন হয়। জীৱনত অসুবিধা আহিবলৈ ধৰে। ( Assamese Fact )
৩/বৈদুত্যিক খুটা-
বাস্তু শাস্ত্ৰত বৈদ্যুতিক খুটা ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত থাকিলে ঘৰৰ প্ৰগতিৰ বাবে বাধা বুলি গণ্য কৰা হয়। বাস্তুৰ মতে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত থকা খুটা বা গছৰ ফলত শিশুৰ ৰোগ হব পাৰে। বাস্তু নিয়ম অনুসৰি ঘৰৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত কোনো ধৰণৰ অৱৰোধ কৰিব নালাগে। যাতে ঘৰলৈ ইতিবাচক শক্তি কোনো বাধা অবিহনে প্ৰৱেশ কৰিব পাৰে।
৪/ভঙা ঘৰৰ বা দোকান-
বাস্তু নিয়ম অনুযায়ী, ঘৰৰ মুখ্য গেটৰ সন্মুখত ভঙা ঘৰ বা ভঙা দোকান থকাটো অশুভ বুলি গণ্য কৰা হয়। ই ঘৰলৈ দৰিদ্ৰতা আনি দিয়ে। একে সময়তে মানুহৰ শৰীৰ দুৰ্বল কৰি দিয়ে। উদ্বিগ্নতা আৰু অস্হিৰতাও সৃষ্টি কৰে।
৫) ঘৰৰ বাহিৰত অন্ধকাৰ-
যদি আপোনাৰ ঘৰৰ ওচৰত বা মূল গেটত সদায় আন্ধাৰ হৈ থাকে, তেন্তে ই বাস্তুৰ মতে অতি অশুভ। ই ঘৰলৈ ৰোগ, দৰিদ্ৰতা আৰু নেতিবাচক আনি দিয়ে। সমাজতো তেওঁলোকে বহুবাৰ অপমানিত হব লগা হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment