পুৰুষক কেতিয়াও এনে ধৰণৰ ব্যৱহাৰ কৰা উচিত নহয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 18, 2022

পুৰুষক কেতিয়াও এনে ধৰণৰ ব্যৱহাৰ কৰা উচিত নহয় : Assamese Fact

Assamese Fact

 

এই লেখাটোৰ কথাবোৰ ভালদৰে মন কৰিব বন্ধুসকল। আপোনাৰ  অৰ্থাৎ মহিলাৰ মাকৰ ঘৰখন তেওঁ বিয়া হৈ অহালৈকে হে নিজৰ হৈ থাকে। বিয়া হৈ যোৱাৰ পাছত ২/৪ দিনৰ বাবে মাকৰে ঘৰখনলৈ আহিলে সন্মান পোৱা যায়। যদি হিচাপতকৈ বেছি দিন থকা হয় তেন্তে তাত কিছুক্ষেত্ৰত অপমান  পোৱা যায়।  ( Assamese Fact )


এজন বহুত বিদ্বান ব্যক্তি আছিল  তেওঁৰ এগৰাকী পত্নী আছিল আৰু বহুত সুখী আছিল তেওঁ। তেওঁ ইমানেই বিদ্বান আছিল যে সকলোৱে তেওঁৰ প্ৰশংসা কৰিছিল। কিন্তু তেওঁৰ দেউতাকে তেওঁৰ বিষয়ে অলপ বেলেগ মনোভাব ৰাখিছিল। দেউতাকে কয় যে তেওঁ এতিয়া বহুত সৰু হৈ আছে আৰু তেতিয়া তেওঁৰ মনত বেয়া লাগিছিল কিয়নো সকলোৱে তেওঁক বিদ্বান বুলি কয় আৰু দেউতাকে তেওঁক এতিয়াও সৰু বুলিয়েই ভাবে। তেওঁ ভাবে যে গোটেই সংসাৰ খনৰ মানুহে তেওঁৰ প্ৰশংসা কৰে কিন্তু দেউতাকে নকৰে আৰু এই কথাত তেওঁৰ খং উঠে। তেওঁ এদিন খঙত ভাবিলে যে দেউতাকক কোঠাৰেৰে মাৰি পেলাব।


মানুহজনে দেউতাকৰ প্ৰতি মনত ইমানেই খং উঠিল যে ৰাতি ১২ বজাত কোঠাৰ খন লৈ দেউতাকক মাৰিবলৈ গল। তেওঁ ভাবে যে মই ইমান বিদ্বান হোৱাৰ পাছতো মোৰ দেউতাই কিয় মোৰ প্ৰসংশা নকৰে?  তেওঁ যেতিয়াই দেউতাকক কোঠাৰ খন লৈ মাৰিব ললে তেতিয়া তেওঁৰ মাকৰ টোপনি ভাগি গল আৰু তেওঁৰ মাক সাৰ পালে। তেতিয়া মাকে দেউতাকক জগাই কলে যে আমাৰ লৰা ইমান বিদ্বান হৈ গল যে সকলোৱে তাৰ প্ৰশংসা কৰে কিন্তু আপুনি কিয় তাৰ কোনোদিন প্ৰশংসা নকৰে? তেতিয়া দেউতাকে কলে যে সি বহুত যোগ্য হয় , বহুত বুদ্ধিমান হয়, বহুত বিদ্বান হয় আৰু তাৰ নিচিনা দ্বিতীয়জন পৃথিৱীত জন্ম হোৱা নাই। যদি তাক মই নিজে কৈ দিওঁ যে তাৰ সমান বিদ্বান আৰু কোনো নাই কিজানি তাৰ অহংকাৰ বাঢ়ি যাব? সেইবাবে মই তাৰ সন্মুখত তাৰ প্ৰশংসা নকৰো কিন্তু তাৰ পিছত ৰৈ তাৰ বহুত প্ৰসংশা কৰোঁ সি গম নোপোৱাকৈ। 


সেইবাবে মাক দেউতাকে সন্তানৰ সন্মুখত জোখতকৈ বেছি প্ৰশংসা কৰিব নালাগে। তেতিয়া দেউতাকৰ কথা শুনি ব্যক্তিজনে কোঠাৰ এৰি  দেউতাকৰ চৰণত ধৰি ক্ষমা  বিচাৰিলে।  তেওঁ কলে যে দেউতা আপুনি ইমান ভাল আৰু মই আপোনাক ভুল বুজি আছিলোঁ। মই বহুত ডাঙৰ অপৰাধ কৰিলোঁ নিজৰ দেউতাক মৰাৰ কথা চিন্তা কৰি। তেওঁ দেউতাকক দণ্ড দিবলৈ কলে এই অপৰাধৰ বাবে। দেউতাকে কলে কোনো দণ্ড নাই যোৱা তোমাক ক্ষমা কৰিলোঁ। কিন্তু পুত্ৰই নামানিলে।


 তেতিয়া দেউতাকে কলে যদি তুমি সচাই দণ্ড বিচাৰিচা তেন্তে কোৱা তোমাৰ সন্মান আটাইতকৈ বেছি কোনে কৰে?  তেতিয়া তেওঁ কলে যে মোৰ শহুৰৰ ঘৰখনত মোক বেছিকৈ সন্মান কৰে। তেতিয়া দেউতাকে কলে ,'তেন্তে তুমি ৬ মাহলৈকে তোমাৰ শহুৰৰ ঘৰত থাকিব লাগিব আৰু এইটোৱেই হব তোমাৰ দণ্ড'। তাৰ পাছত দুয়ো পতি পত্নী শহুৰৰ ঘৰত থাকিবলৈ গল। যেতিয়া তেওঁলোক গৈ পালে সকলোৱে তেওঁক বহুত আদৰ সাদৰ কৰিলে। শহুৰ দেউতাক আহিও তেওঁক ভালদৰে মাত দিলে। ইফালৰ পৰা শাহুয়েকে মাত লগালে জোঁৱাইৰ কাৰণে ভালদৰে খোৱাৰ যোগাৰ কৰা। প্ৰথম দিনা তেওঁক লুচী ভাজি খুৱালে। দ্বিতীয়দিনাও ভালদৰে তেওঁক আপ্যায়ন কৰিলে। তৃতীয় দিনা খুলখালি গৰাকীয়ে কলে ভিনদেউ যোৱাকালিৰ ৰুটি আছে আপুনি কয় যদি তাকেই দি দিওঁ আপোনাক। পঞ্চম দিনা তেওঁৰ খুলখালিয়ে কলে ভিনদেউ পাছ দিন হল আপুনি ঘৰত থাকি নো কি কৰিব ? বল'ক গৰু চৰাবলৈ যাওঁ। তেওঁ উপায় নাপায় যাব লগাত পৰিল। 


কিছুদিন পাছত আকৌ খুলখালি গৰাকীয়ে কলে ভিনি আজি ঘৰত কোনো নাই আমি অলপ কামত বাহিৰলৈ গৈছো গোহালিত বহুত গোবৰ পৰি আছে তাকেই চাফা কৰি দিব। প্ৰথমে তেওঁক বহুত সন্মান কৰা হল । কিন্তু মনত ৰাখিব যেতিয়া কম দিনৰ বাবে আহিব তেতিয়াহে সন্মান থাকিব। যদি বেছিদিন পৰি থাকা তেন্তে আৰু গোবৰ উঠাব লাগিব। ( Assamese Fact )


কিন্তু দেউতাকে ৬ মাহ থাকিবলৈ কৈছে । অৱশ্যে ১০ দিনতেই তেওঁ শিক্ষা পালে পত্নীয়ে বাৰে বাৰে কৈছে যে ঘৰত নো কিহৰ অভাৱ আছে যে ইয়াত গোবৰ পেলাবলৈ পৰি আছে? পত্নীয়ে গম পোৱা নাছিল তেওঁ কিয় শহুৰৰ ঘৰত থাকিবলৈ আহিছে। পত্নীয়ে সদায় লগ ধৰে ঘৰলৈ কিন্তু তেওঁ আহিব নিবিচাৰে। এমাহৰ পাছত শহুৰৰ ঘৰৰ মানুহে সুধিলে ভিনদেউ ঘৰলৈ কেতিয়া যাব?  তেওঁ কলে যে আৰু পাছ মাহলৈ নাযাওঁ ইয়াতেই থাকিম  । এইবাৰ ঘৰত কাজিয়া হল যে তেওঁ কিয় ইমান দিন যোৱা নাই?  তাৰ মাজতে এজনে কলে যে তেওঁক থাকিবলৈ বেলেগ কোঠা এটা দি দিয়া। তেতিয়া খুলখালিয়ে কলে আমাৰ ঘৰটো বহুত সৰু আমি আমাৰ কোঠা এৰি দিব নোৱাৰো।  তেতিয়া কলে যে তেওঁৰ বস্তুবোৰ চোতালত থৈ দিয়া। তেতিয়া পত্নীৰ বেয়া লাগিল কিয়নো গোটেই দিনটো শহুৰৰ ঘৰৰ মানুহে তেওঁৰ বিষয়ে বেয়াকৈ কৈ থাকিল। কিন্তু সেই ব্যক্তিজনে শুনি থাকিল কিয়নো দেউতাকে তেওঁক ৬ মাহ থাকিবলৈ কৈছে। যত তেওঁ সন্মান পাব বুলি ভাবিছিল তাতেই তেওঁ অপমান পালে। দূৰৰ পৰা দেখিবলৈ সকলো ভাল যেনেই লাগে কিন্তু ওচৰলৈ গলেহে গম পোৱা যায় আচলতে কি শুদ্ধ হয়? তাত যেতিয়া তেওঁ অপমানিত হল পত্নীৰ চিন্তা হব ধৰিলে যে তেওঁৰ স্বামীৰ কি হৈছে যাৰ বাবে তেওঁ ইমান অপমান পোৱাৰ পাছতো এনেদৰে ঘৰ জোঁৱাই হৈ আছে।


তেওঁ ইমানেই বিদ্বান যে এদিন তেওঁ শ্লোক লিখি আছিল। পত্নীয়ে সুধিলে কি কৰি আছে? তেওঁ কলে যে শ্লোক লিখি আছোঁ। পত্নীয়ে তেতিয়া কলে যে লিখাৰ কোনো দৰকাৰ নাই এই শ্লোকৰ কোনো অৰ্থ নাই। তেওঁ কলে যে দেৱী এনেকৈ নকবা মোৰ এটা শ্লোক ১ লাখ টকাৰ হয়। পত্নীক তেওঁ শ্লোকটো বিক্ৰী কৰিবলৈ পঠিয়ালে। বজাৰত লৈ যোৱাৰ পাছত সকলোৱে তেওঁক সুধিলে যে এইয়া কি হয়?পত্নীয়ে কলে এইয়া শ্লোক হয়। দাম সোধাত পত্নীয়ে ১ লাখ বুলি কলে। বজাৰৰ সকলো বস্তু বিক্ৰী হল কিন্তু শ্লোক কিনিবলৈ কোনো গ্ৰাহক নাহিল। তেনেকুৱাতে ৰজা আহিল। ৰজাৰ এটা নিয়ম আছিল যে যিটো বস্তু বজাৰত বিক্ৰী নহয় সেইটো তেওঁ কিনি লয়।  ৰজাই সুধিলে, দেৱী এইয়া কি হয়?আৰু দাম কিমান? পত্নীয়ে কলে এইয়া শ্লোক হয় আৰু মোৰ স্বামীয়ে লিখিছে ,ইয়াৰ দাম ১ লাখ টকা। ৰজাই শুনি আচৰিত হল কিন্তু ৰজা বচনবদ্ধ আছিল যে যিটো বস্তু বিক্ৰী নহয় সেইটো তেওঁ ক্ৰয় কৰি লয়। যদি তেওঁ ক্ৰয় নকৰে তেন্তে সমাজে তেওঁক নিন্দা কৰিব। ৰজাই কিনি ললে। ৰজাই শ্লোক তো কিনি নিজৰ সিংহাসনৰ ওপৰত লগাই দিলে আৰু সকলোকে ইয়াৰ দাম কলে।


ইফালে পত্নী গৰাকীয়ে ১ লাখ স্বৰ্ণ মুদ্ৰা লগত লৈ ঘৰলৈ উভতিল। তেতিয়া পতিয়ে কলে মই কোৱা দাম পালা নে? পত্নীয়ে পালোঁ বুলি উত্তৰ দিলে। যেতিয়া শহুৰৰ ঘৰৰ মানুহে তেওঁৰ হাতত ১লাখ টকা দেখিলে পুনৰ সেই আগৰ দৰেই তেওঁক আপ্যায়ন কৰিব ধৰিলে। খুলখালিয়ে কলে এতিয়াৰ পৰা ভিনীয়ে গৰু চৰাব নালাগে আৰু গোবৰো পেলাব নালাগে সকলো মই কৰিম। 


আজিৰ এই যুগটো টকাৰ সংগী হয়। তেওঁৰ হাতত টকা আছে বাবে তেওঁক আকৌ ভালদৰে সেৱা কৰা হৈছে। যিজন ৰজাই সেই ১ লাখ টকাৰ শ্লোক কিনিছিল তেওঁৰ পুত্ৰই ভাবিলে মোৰ দেউতাইটো মোক ৰাজ্য এৰি নিদিয়ে তেওঁক মাৰি পেলোৱাই ঠিক হব। তেতিয়াই ৰজাৰ পুত্ৰৰ চকু পৰিল এই শ্লোকটোৰ ওপৰত। সেই শ্লোকটোত লিখা আছিল," নিজৰ ধৈৰ্য্য, নিজৰ সাহস , নিজৰ পৰাক্ৰম কেতিয়াও এৰিব নালাগে। নিজৰ নিষ্ঠা, নিজৰ সৰলতা  কেতিয়াও এৰিব নাপায়।" নিজৰ সত্যত সদায় অটল হৈ থাকিব লাগে। যেতিয়া লৰাজনে দেখিলে যে নিজৰ সত্য, নিজৰ ধৰ্ম কেতিয়াও এৰি দিব নাপায় তেতিয়া তেওঁ নিজেই উপলব্ধি কৰিলে যে মই মোৰ পিতৃৰ হত্যা কৰিব লৈছিলোঁ এইটো বহুত ডাঙৰ পাপ হয়। তেওঁ নিজৰ তৰোৱাল  পাত তৎক্ষণাত নমাই দিলে আৰু তেতিয়াই ৰজাৰ টোপনি ভাঙিল। ৰজাই সুধিলে,'ইমান ৰাতি এই তৰুৱাল পাত লৈ কিয় থিয় হৈ আছা?'

তেতিয়া পুত্ৰই উত্তৰ দিলে,'সঁচা কথা কবলৈ হলে মই আজি আপোনাৰ হত্যা কৰিব উলাইছিলোঁ কিন্তু মোৰ চকু এই শ্লোকটোৰ ওপৰত পৰিল। এই শ্লোকটোত যি জ্ঞান আছে সেইয়া মই বুজিলোঁ আৰু মোৰ হৃদয় পৰিৱৰ্তন হল।' তেতিয়া ৰজাই বুজিলে যে ১ লাখ টকাত মই শ্লোকটো ক্ৰয়  কৰিছিলোঁ আৰু ই আজি মোৰ প্ৰাণ ৰক্ষা কৰিলে। পিছদিনা ৰজাই শ্লোক লিখা ব্যক্তিজনক মাতি পঠিয়ালে আৰু তেওঁৰ সন্মান কৰিলে , বহুত ধন সম্পত্তি দিলে আৰু ৰজাই নিজ পুত্ৰৰ ৰাজ তিলক কৰিলে।


 তাৰ পাছত সেই ব্যক্তিজন ৬ মাহৰ পাছত শহুৰৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ গুচি গল। 


এই সম্পূৰ্ণ কাহিনীটোৰ তাৎপৰ্য এইয়াই যে আপুনি এটা ভুলবুজাবুজিৰ মাজত জীয়াই আছে। আপুনি ভাবিছে যে আপোনাক সন্মুখৰ ব্যক্তিজনে বহুত সন্মান কৰিছে। যিসকল লোকে আপোনাক সন্মান কৰে বুলি ভাবে তেওঁৰ ওচৰত ২/৪ ঘণ্টা সময় বহি চাবচোন। 


ৰাষ্ট্ৰপতিয়ে যদি সোণৰ মেডেল দি আমাক সন্মান দিছে আৰু যদি আমি তেওঁৰ ওচৰতেই বহি থাকোঁ আৰু তেওঁ যতেই যায় আমিও যদি পিছে পিছে যাওঁ তেতিয়া তেওঁৰ দেহৰক্ষীয়ে আপোনাক উঠাই পেলাই দিব। 


কোনেও কাৰো সন্মান নকৰে। এইয়াইটো সংসাৰৰ লোক সকলৰ ভ্ৰম। কোনেও কাৰো অপমান নকৰে। গোটেই জীৱন মানুহে ভ্ৰমত জীয়াই থাকে। সকলোতে কেৱল ভ্ৰম। এই পৃথিৱীত নাইতো আপুনি সন্মান পাবলৈ আহিছে নাই অপমান পাবলৈ। একমাত্ৰ পৰমাত্মাক চিন্তা কৰিব সদায়। সদায় ভগৱানৰ ভক্তি কৰি যাওক। মিৰা বাইয়ে যেতিয়া কৃষ্ণৰ ভক্তি কৰিছিল তেতিয়া তেওঁ কিমান অপমানিত হৈছিল। সকলোৱে তেওঁক চৰিত্ৰহীন বুলি কলে । মিৰাই সন্মান কৰাজনৰ প্ৰতি আৰু অপমান কৰাজনৰ প্ৰতি ধ্যান নিদিলে। তেওঁ মাত্ৰ কৃষ্ণৰ ভক্তি কৰিলে আৰু শেষত ভগৱানক বিচাৰি পালে। আমিও নিজৰ লক্ষ্য লৈ আগবাঢ়ি যাওঁ কিন্তু বেলেগৰ কথা শুনি ৰৈ দিওঁ। গতিকে কোনে কি কৈছে আপোনাৰ বিষয়ে , কি কব সেই বিষয়ত গুৰুত্ব নিদিব সদায় নিজৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )

3 comments:

Advertisement

Pages