বিশুদ্ধ মৌ কেনেদৰে চিনাক্ত কৰিব জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 16, 2022

বিশুদ্ধ মৌ কেনেদৰে চিনাক্ত কৰিব জানি লওক : Assamese Fact

Assamese Fact


মৌ খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। বিশেষকৈ সঘনাই চৰ্দি-কাঁহত ভুগি থকা সকলে মৌ-তুলসী সেৱন কৰিব পাৰে। ( Assamese Fact )


উচ্চ ৰক্তচাপ থকা লোকসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পাছতহে মৌ সেৱন কৰিব লাগে।ইয়াৰ উপৰিও মৌ প্ৰসাধনৰ কামত ব্যৱহাৰ কৰা হয়।যিসকলে পাতল হবলৈ বিচাৰে-তেওঁলোকে পুৱা উঠি নেমু ৰসৰ সৈতে মৌ মিহলাই এগিলাচ গৰম পানী খাব পাৰে।মিশ্ৰিত মৌ বজাৰত পোৱা যায়।কেনেকৈ জানিব যে-মৌ মিশ্ৰিত হয় নে নহয়!


১)বুঢ়া আঙুলিটো মৌত ডুবাই পোনে পোনে ধৰি ৰাখক।যদি আপুনি বুঢ়া আঙুলিটোৰ পৰা গোটেই মৌ সহজে বিয়পি থকা দেখিছে-তেন্তে আপুনি বুজিব মৌ-মিশ্ৰিত।কাৰণ মৌ ইমান পাতল নহয়। ( Assamese Fact )


২)পানীত ভিনেগাৰ মিহলাই তাত মৌ এটুপাল দিলে-মৌত ফেন ওলোৱা দেখিলে মৌ মিশ্ৰিত বুলি বুজিব লাগিব।


৩/কেচাঁ বিশুদ্ধ মৌ বগা ফেন বা বুদবুদৰ দৰে দেখা যাব।এয়া বিশুদ্ধ মৌৰ লক্ষণ।মানে মৌত কোনো ধৰণৰ ৰাসায়নিক পৰ্দাথ যোগ কৰা হোৱা নাই।


৪/বিশুদ্ধ মৌত জুই লগালে জুই জ্বলি উঠিব।যদি জ্বলি নুঠে-তেতিয়া বুজিব যে-ই মিশ্ৰিত মৌ।


৫/১চামুচ মৌ পানীত দিব।পানীত মৌ মিহলি হোৱা দেখিলে-তেতিয়ি বুজিব যে আপোনাৰ মৌত সম্পূৰ্ণ মিশ্ৰিত হৈছে।কাৰণ মৌ কেতিয়াও পানীত সম্পূৰ্ণৰূপে মিশ্ৰিত নহয়।তথাপিও ই সূঁতাৰ দৰে হৈ থাকিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages