ৰাতিপুৱা ভুলতো নকৰিব এই কেইটা কাম : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 1, 2022

ৰাতিপুৱা ভুলতো নকৰিব এই কেইটা কাম : Assamese Fact

Assamese Fact


বহুসময়ত মানুহে কোৱা শুনা যায় যে, আজিৰ গোটেই দিনটো বেয়া হল অৰ্থাৎ গোটেই দিনটো এটাৰ পাছত এটা সমস্যা সন্মুখীন হয়।  ( Assamese Fact )


আনকি কঠোৰ পৰিশ্ৰমৰ পাছতো কোনো ইতিবাচক ফল পোৱা নাযায়। বাস্তু শাস্ত্রৰ মতে এনে পৰিস্থিতিৰ আঁৰত থাকে আমাৰ বহুতো ভুল। দৈনিক পুৱা নকৰিব এইকেইটা কাম। 


পুৱা সময়খিনি বহু গুৰুত্বপূৰ্ণ হয়। যদি এই সময়খিনি ইতিবাচক ভাৱে আৰম্ভ কৰা হয়, তেন্তে গোটেই দিনটো ভালদৰে পাৰ হয়। একে সময়তে পুৱা কিছুমান যদি ভুল কৰা হয়, যিবোৰ দুৰ্ভাগ্যৰ লক্ষণ। তেনেহলে গোটেই দিনটো বেয়া কৈ পাৰ হৈ যায়। 


গোটেই দিনটো মনটো স্হিৰ নহয় আৰু কামবোৰতো সফলতা নাপায়। সামগ্ৰিক ভাৱে একো ভাল নহয়। আজি আমি এনে ৪টা ভুলৰ কথা কম, যিবোৰ সকলো মানুহে জানি বা অজানিতে প্ৰত্যেক পুৱাই কৰাৰ ফলত এই কামবোৰ দুৰ্ভাগ্যৰ কাৰণ হৈ পৰে। 


প্ৰথম-

আইনাখন চোৱা। বাস্তু শাস্ত্রৰ মতে পুৱা সাৰ পোৱাৰ লগে লগে আইনাত নিজকে চোৱাৰ ভুল নকৰিব। এনে কৰিলে আপোনাৰ জীৱনৰ সমস্যাবোৰ বৃদ্ধি হব পাৰে। একে সময়তে বিবাহিত দম্পতিৰ হোৱা কোঠাত আইনা ৰাখিলে তেওঁলোকৰ সম্পর্ক দুৰ্বল হৈ পৰে।  ( Assamese Fact )



দ্বিতীয়-

ছাঁ-আপুনি পুৱা সাৰ পোৱাৰ লগে লগে কেতিয়াও আপোনাৰ নিজৰ বা আন কাৰোবাৰ ছাঁয়া নাচাব। পুৱাই ছাঁ প্ৰত্যক্ষ কৰিলে উত্তেজনা আৰু বিতৰ্ক বৃদ্ধি পায়। ই জীৱনৰ শান্তি কাঢ়ি লয়। 


তৃতীয়-

আৱৰ্জনা বা লেতেৰা বাচন। বাস্তু শাস্ত্রত ৰাতি পাকঘৰ পৰিষ্কাৰ কৰি ৰখা আৰু শোৱনি কোঠাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। পুৱা সাৰ পোৱাৰ লগে লগে লেতেৰা বাচন বৰ্তন চোৱাটো হৈছে দৰিদ্ৰতাক আহ্বান কৰা। পুৱা পাকঘৰ বা বাচন বৰ্তন লেতেৰাকৈ এৰা মানে মা লক্ষ্মীক ৰুষ্ট কৰা। 


চতুৰ্থ-

হিংসাত্মক জন্তুৰ ফটো ৰখা। 

পুৱা সাৰ পোৱাৰ লগে লগে কেতিয়াও হিংসুক জন্তুৰ ছৱি বা ফটো চাব নালাগে। এনে কৰিলে আপোনাৰ জীৱনলৈ বহুতো সমস্যা আহে আৰু আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পর্কত প্ৰভাৱ বিস্তাৰ কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages