বাস্তু শাস্ত্রৰ মতে শোৱনি কোঠাত এইকেইপদ বস্তু ৰাখিলে জীৱনটো বিভিন্ন সমস্যাৰে ভৰি পৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 1, 2022

বাস্তু শাস্ত্রৰ মতে শোৱনি কোঠাত এইকেইপদ বস্তু ৰাখিলে জীৱনটো বিভিন্ন সমস্যাৰে ভৰি পৰে : Assamese Fact

Assamese Fact


এখন ঘৰ বা এজন ব্যক্তিৰ সফলতাৰ বাবে বহুতে মানি চলে বাস্তু শাস্ত্রৰ নীতি নিয়ম। এই নিয়ম অনুসৰি এখন ঘৰৰ শোৱনি কোঠাত ৰাখিবলৈ নালাগে কেইপদ মান সামগ্রী। কেতিয়াবা শোৱনি কোঠাত কিছুমান বস্তু ৰাখিলে জীৱনটো বিভিন্ন সমস্যাৰে ভৰি পৰে বুলি ধাৰণা কৰা হয়।  ( Assamese Fact )


শোৱনি কোঠাত থকা কিছুমান অপ্ৰয়োজনীয় বস্তুয়ে স্বামী স্ত্রীৰ সম্পর্কত বিভেদ সৃষ্টি কৰে। ইয়াৰ লগতে এই সামগ্রীবোৰে আনিব পাৰে আৰ্থিক সীমাবদ্ধতাও। 


বাস্তু শাস্ত্রৰ মতে শোৱনি কোঠাত কি কি বস্তু ৰাখিব নালাগে। 


১/ঝাড়ু বা ডাষ্টবিন-

বাস্তু শাস্ত্রৰ মতে শোৱনি কোঠাত ঝাড়ু বা ডাষ্টবিন ৰখাৰ ফলত বাস্তু ক্ৰটি হয়। লগতে এক নেতিবাচক শক্তি বিয়পি পৰে যাৰ ফলত গৃহস্থসকলৰ বাবে ভয়ংকৰ দুখ হয় আৰু ই মানসিক চাপো বৃদ্ধি কৰে। 


২/কাঁইট থকা উদ্ভিদ-

বাস্তু শাস্ত্রৰ মতে শোৱনি কোঠাত কাঁইটিয়া পাত থকা উদ্ভিদ ৰাখিব নালাগে। বাস্তু শাস্ত্রৰ মতে কাঁইটিয়া উদ্ভিদে নেতিবাচক শক্তি আনি দিয়ে। কাঁইটিয়া উদ্ভিদৰ ফলত হোৱা স্থাপত্যৰ ক্ৰটিবোৰে অৰ্থনৈতিক বিকাশে বাধা দিয়ে।  ( Assamese Fact )


৩/বেয়া ইলেকট্রনিক সামগ্রী-

বাস্তু শাস্ত্রৰ মতে, কোনো বেয়া বা অব্যৱহৃত ইলেকট্রনিক সামগ্রী শোৱনি কোঠাত ৰাখিব নালাগে। কিয়নো এনে বস্তুবোৰে শুক্র আৰু ৰাহুৰ ওপৰত বিপদজনক ক্ৰটি সৃষ্টি কৰে। লগতে মানসিক চাপ বৃদ্ধি কৰে। একে সময়ত অনিদ্ৰাৰো সৃষ্টি হয়। 


৪/ক'লা চাদৰ-

বাস্তু শাস্ত্রৰ মতে শোৱনি কোঠাতো শুক্রৰ স্হান।শুক্রই ক'লা ৰংক ঘৃণা কৰে। এনে ক্ষেত্রত শোৱনি কোঠাত ভুলটো ক'লা চাদৰ পাৰিব নালাগে। কিয়নো শুক্র প্ৰভাৱিত হৈ, জীৱনজোৰা আৰ্থিক সীমাবদ্ধতা দেখা দিব পাৰে। 


৫) তাজমহলৰ ফটো-

বাস্তু শাস্ত্রৰ মতে শোৱনি কোঠাত ভুলটো তাজমহলৰ ফটো ৰাখিব নালাগে। লগতে তাজমহলৰ শ্বো-পিচ শোৱনি কোঠাত ৰাখিলে আৰ্থিক সীমাবদ্ধতাই দেখা দিয়ে। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages