আঁঠু আৰু কিলাকুটিৰ ক'লা দাগ আঁতৰ কৰাৰ সহজ উপায় : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 9, 2022

আঁঠু আৰু কিলাকুটিৰ ক'লা দাগ আঁতৰ কৰাৰ সহজ উপায় : Assamese Beauty Tips

Assamese Beauty Tips

প্ৰায় মানুহে তেওঁলোকৰ ছাল আৰু স্বাস্থৰ বিষয়ে অধিক সচেতন হোৱা দেখা যায় এনে পৰিস্থিতিত সকলোৱে ইয়াৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰা দেখা যায়।কিছুমান মানুহৰ আঁঠু আৰু হাতৰ কিলাকুটিত ক'লা দাগ পৰে। যাৰ ফলত এজন মানুহৰ আত্মবিশ্বাসত প্ৰভাৱ পৰে।  ( Assamese Beauty Tips )


কিলাকুটি আৰু আঁঠু ক'লা পৰাৰ বহুতো কাৰণ থাকিব পাৰে।হাতখন টেবুল বা অন্য ঠাইত-অনবৰতে ঘঁহি থকা,হৰমনৰ সমস্যা,ছালৰ ৰোগ,ইত্যাদি।এনে পৰিস্থিতিত কিছুমান উপায় গ্ৰহণ কৰি-এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। 


*আঁঠু আৰু কিলাকুটিৰ ক'লা দাগ আঁতৰ কৰাৰ উপায়=

 

*হাত-ভৰি ঘহনি খোৱাৰ পৰা-সুৰক্ষিত কৰি ৰখা-

মানুহে কোনো সময়ত দীঘলীয়া সময়ৰ বাবে-ভৰি আৰু হাতখন ভাঁজ কৰি ৰাখে।যাৰ ফলত সেইবোৰত ঘঁহনি খাই ছালখন ডাঠ হৈ পৰে।এনে পৰিস্থিতিত মানুহে-নিজৰ,হাত,ভৰি,গাঁঠিবোৰ ঘঁহনিৰ পৰা সুৰক্ষিত কৰি ৰাখিলে যথেষ্ট লাভাম্বিত হব।


*টান কাপোৰ পিন্ধা পৰিহাৰ কৰিব- যদি কোনোবাই টান কাপোৰ পিন্ধে,সেইবোৰ পৰিধান নকৰিব।কিয়নো-ইয়াৰ ফলত মানুহৰ আঁঠু কিলাকুটিত ঘৰ্ষণ হয়।যাৰ ফলত শৰীৰত ছালৰ সমস্যা হয় আৰু ক'লা দাগ পৰে।


*ভিটাভিন এ আৰু ই গ্ৰহণ কৰা- যদি মানুহে দৈনিক ভিটামিন এ আৰু ই সমৃদ্ধ আহাৰ গ্ৰহণ কৰে-তেন্তুে যথেষ্ট লাভালাভ হব।ই ছালৰ উজ্বলতা বৃদ্ধি কৰাত সহায় কৰে।ইয়াৰ বাবে গাজৰ,মিঠাআলু,ৰঙলাও আদি খাব পাৰে।


মুখ মণ্ডল দাগহীন কৰিবলৈ, হালধীৰ সৈতে কি কি মিলাব লাগে!   ( Assamese Beauty Tips )


সকলোৱে বিছাৰে যে, তেওঁৰ ছালখন নিখুঁত আৰু সুস্থ হৈ উঠে। ইয়াৰ বাবে বহুত কঠোৰ পৰিশ্ৰম কৰে। ইয়াৰ বাবে সকলোৱে আটাইতকৈ ব্যয়বহুল সামগ্রী ব্যৱহাৰ কৰিবলৈ লয়। কিন্তু এই সামগ্রীবোৰত অধিক ৰাসায়নিক পদার্থ মিহলি হৈ থাকে। সেয়হে কেইদিনমানৰ বাবে মুখ'মণ্ডল সুন্দৰ হৈ উঠাৰ পাছত পুনৰ আগৰ দৰে হৈ পৰে লগতে মুখৰ প্ৰাকৃতিক উজ্জ্বলতাও নাইকিয়া হৈ পৰে। 


আনহাতে যেতিয়া ঘৰুৱা প্ৰতিকাৰৰ কথা আহে, ইয়াৰ ফলাফলৰ বাবে কিছু সময় লাগে। কিন্তু ই আপোনাক চিৰদিনৰ বাবে এক প্ৰাকৃতিক আৰু সুফল প্ৰদান কৰে। 


যদি আপুনি নিখুঁত ছাল বিচাৰে, তেন্তে আপুনি এই এন্টি হেংগিং ফেচপেক ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ মসৃণ ছাল পোৱাত সহায়তা কৰিব আৰু লগতে নিৰস ছালৰ পৰা পৰিত্ৰাণ পাব। এই ফেচপেকটো এনেদৰে তৈয়াৰ কৰিব। 


ফেচপেক তৈয়াৰ কৰা সামগ্রী সমূহ-১_২ চামুচ হালধী। ১চামুচ মৌ। অলপ গাখীৰ। 


এই সকলোবোৰ বস্তু এটা বাটিত ৰাখক, আৰু ভালদৰে মিহলি কৰক। তাৰ পাছত ইয়াত ডিঙি আৰু মুখত প্ৰয়োগ কৰক। আৰু ইয়াক ১০-১৫মিনিটৰ বাবে এৰি দিয়ক। তাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক। 


হালধী-

ঔষধি গুণেৰে সমৃদ্ধ, হালধী ছালৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। ইয়াত বহুতো এন্টি-প্ৰপাটিৰ্জ গুণাগুণ পোৱা যায়। যি ছালৰ বহুতো সমস্যাৰ পৰা সকাহ দিব পাৰে। ইয়াক ব্যৱহাৰ কৰি আপুনি শালমইনা, খহঁটা, দাগ, চাপৰ চিন, আৰু তেলেতীয়া ছালৰ পৰা পৰিত্ৰাণ পাব পাৰে। 


মৌ-

মৌৱে আপোনাৰ ছালক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰে। ইয়াত এন্টিবেক্টেৰিয়েল, এন্টিইনফ্লেমেটাৰী, আদি গুণাগুণ থাকে। যি ছালৰ পি, এইচ স্তৰ বৰ্তাই ৰাখে আৰু লগতে নখৰ দাগবোৰৰ পৰাও সকাহ দিয়ে। ই ছালকো আদ্ৰতা প্ৰদান কৰে। 


গাখীৰ-

কেঁচা গাখীৰত ভিটামিন এ, ডি, বি ৬,বি১২, বায়োটিন, কেলছিয়াম, প্ৰটিন আদি উপাদান থাকে যি ছাল স্বাস্হ্যৱান কৰি ৰখাত সহায়তা কৰে। একে সময়তে মৃত ছাল আঁতৰ কৰে আৰু নিৰস ছালক সতেজ কৰি তোলে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages