ঘোচ খোৱা চৰকাৰী বিষয়া কৰ্মচাৰীৰ পত্নী সকল : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 9, 2022

ঘোচ খোৱা চৰকাৰী বিষয়া কৰ্মচাৰীৰ পত্নী সকল : Assamese Article

Assamese Article


যেতিয়া কোনোবা বিভাগৰ এজন চৰকাৰী বিষয়া কৰ্মচাৰী ঘোচ লওঁতে হাতেলোতে ধৰা পৰে তেতিয়া আমি সকলোৱে একমাত্ৰ তেওঁকে জগৰীয়া কৰো।  Assamese Article )


এতিয়া কথা হ'ল সেই ঘোচৰ টকা অকল তেওঁৱেই খাইছে নেকি? 


যেতিয়া তেওঁ উপাৰ্জনতকৈ অধিক সা সম্পত্তি আহৰণ কৰিবলৈ ধৰে তেতিয়া তেওঁৰ পৰিয়ালৰ সদস্য বা বিশেষকৈ পত্নীয়ে নাজানে নেকি যে এইবোৰ কিহৰ টকাৰে আহৰণ কৰিছে। নিশ্চয় জানে যে তেওঁৰ স্বামীয়ে বক্ৰ পথেৰে এইবোৰ সা সম্পত্তি আহৰণ কৰিছে। 


যদি পৰিয়ালৰ সদস্য বা পত্নীয়ে তেওঁক প্ৰথমতেই বাধা দিলে হয় যে আপুনি আপোনাৰ দৰমহাৰ টকা কেইটাৰে যিমানখিনি পাৰে সেইখিনি আনক। কাৰোবাৰ পৰা লোৱা ঘোচৰ টকাৰে আমাক অধিক সা সম্পত্তি নালাগে। তেনেকৈ কোৱা পত্নী বা পৰিয়ালৰ আন সদস্য ওলাব নে বাৰু?? যদি ওলাল হয় তেনেহলে এই ঘোচ খোৱা প্ৰথা বোধহয় নাইকিয়া হ'ল হয়। Assamese Article )


কাৰোবাৰ পৰা লোৱা ঘোচৰ টকাৰে ডাঙৰ ডাঙৰ অট্টালিকা, মূল্যবান গাড়ী ক্ৰয় কৰি কি লাভ যদি ধৰা পৰাৰ পাছত জেলতেই থাকিব লাগে। আপুনি বক্ৰ পথেৰে আহৰণ কৰা সা সম্পত্তি কৰি ধৰা পৰি জেললৈ যাব আপোনাৰ পত্নীয়ে বা পৰিয়ালৰ আন সদস্যই সেইবোৰত মজ মস্তি কৰি জীৱন পাৰ কৰিব। 


গতিকে এবাৰ সেই ঘোচ খোৱা বিষয়া  কৰ্মচাৰী সকলে চিন্তা কৰকচোন কিহৰ কাৰণে কাৰ কাৰণে এই অন্যায় পথেৰে ইমানবোৰ সা সম্পত্তি ঘটিছে। যদি ধৰা পৰাৰ পাছত জেলতেই থাকিব লাগে।


গতিকে এজন ঘোচ খোৱা বিষয়া কৰ্মচাৰীক হাতেলোতে ধৰিলে তেওঁৰ পত্নীকো তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ পত্নীয়ে ভালকৈ জানে  তেওঁৰ স্বামীয়ে কৰ পৰা কেনেকৈ ইমানবোৰ সা সম্পত্তি আহৰণ কৰিছে। 


এনেকুৱা আইন বা নিয়ম কৰিলে প্ৰথমে ঘোচ নাখাবলৈ বা নলবলৈ পত্নী সকলেই বাধা দিব সেই বিষয়া কৰ্মচাৰী সকলক। 


ঘোচখোৱা বিষয়া কৰ্মচাৰীক ধৰিবৰ কাৰণে যিমান বিভাগেই নাথাকক। কেতিয়াও এই ঘোচখোৱা নাইকিয়া কৰিব নোৱাৰে। 


 যদি পত্নী সকলে বা পৰিয়ালৰ আন সদস্য সকলে বাধা দিয়ে তেতিয়াহে বোধহয় এই ঘোচ লোৱা পৰম্পৰা সমাজৰ পৰা নাইকিয়া হ'ব।

                       *****


বিঃদ্ৰঃএই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য সুৰেন দাসৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Article )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages