মহিলাসকলে পূজাৰ লগত সম্বন্ধিত কাৰ্য্যত কেতিয়াও নাৰিকল ভাঙিব নালাগে।বহু শুভ কায্যত আৰু ধাৰ্মিক সম্বন্ধিত কায্যত নাৰিকলৰ প্ৰয়োগ কৰা হয়।নাৰিকল নোহোৱাকৈ পূজা কৰিলে-পূজা ভাগক অসম্পূৰ্ণ কোৱা হয়। ( Religious Studies )
নাৰিকলৰ দ্বাৰা শাৰীৰিক দুৰ্বলতাও দূৰ হয়।নাৰিকলক শ্ৰীফল নামেৰেও জনা যায়।ভগৱান বিষ্ণু যেতিয়া পৃথিৱীলৈ আহিছিল-তেতিকয়া ভগৱান বিষ্ণুৱে স্বৰ্গৰ পৰা নিজৰ লগত-তিনিটা বস্তু আনিছিল।সেই বস্তু সমূহৰ ভিতৰত প্ৰথমে আছিল-দেৱী লক্ষ্মী।দ্বিতীয়তে তেওঁ কামধেনু গৰু আনিছিল আৰু তৃতীয়তে আৰু শেষ বস্তুটো আনিছিল নাৰিকলৰ বৃক্ষ।
কাৰণ এয়া ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ ফল হয়।এই কাৰণেই-নাৰিকলক শ্ৰীফল নামেৰে জনা যায়।নাৰিকলত ত্ৰীদেৱ-ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰৰ নিবাস হয়।
মহাদেৱ শিৱৰ শ্ৰীফল অৰ্থাৎ নাৰিকল অত্যন্ত প্ৰিয় তথা শ্ৰীফলত স্থিত তিনি নেত্ৰ ভগৱান শিৱৰ ত্ৰিনেত্ৰক প্ৰদশিত কৰে।দেৱী-দেৱতাসকলক শ্ৰী ফল অৰ্পণ কৰিলে ধন সম্বন্ধীয় সমস্যাৰ সমাধান হয়।
হিন্দু সনাতন ধৰ্মৰ সকলো পূজাতে শ্ৰীফল অৰ্থাৎ নাৰিকলৰ মহত্বপূৰ্ণ যোগদান আছে।সেয়া যাতে ধৰ্মৰ লগত সম্বন্ধিত বৈদিক কায্য বা দেৱিক কায্য,যিকোনো কায্যই নাৰিকলৰ বলিদানৰ অবিহনে অসম্পূৰ্ণ মনা হয়। ( Religious Studies )
কিন্তু এয়াও এক তথ্য হৈ যে-মহিলাসকলৰ দ্বাৰা নাৰিকল ফুটুৱা নহয় কাৰণ-শ্ৰীফল অৰ্থাৎ নাৰিকল এক বীজ ফল হয়।যি উৎপাদন বা প্ৰজননৰ কাৰক হয়।শ্ৰীফলক প্ৰজননৰ ক্ষমতাৰ লগত জুৰা হয়।মহিলাসকলে বীজ ৰূপতে-সন্তানৰ জন্ম দিয়ে।এইবাবেই-মহিলাসকলে বীজ ৰূপী নাৰিকলক ফুটাব নালাগে।
এনে কৰাটো শাস্ত্ৰত অশুভ মনা হয়।দেৱী-দেৱতাৰ পূজা আদি সাধনাৰ পাছত-কেৱল পুৰুষৰ দ্বাৰাই নাৰিকল ফুটাব লাগে।
শনিৰ শান্তিৰ সেতুঁৰ বাবে-নাৰিকলৰ জলেৰে মহাদেৱ শিৱৰ ৰুদ্ৰঅভিষেক কৰাৰ শাস্ত্ৰয় প্ৰাবধান আছে।সনাতন ধৰ্ম অনুসাৰে-শ্ৰীফল শুভ,সমৃদ্ধি,শান্তি তথা উন্নতিৰ সুচক মনা হয়।কোনো ব্যক্তিক সন্মান দিবৰ বাবে-শ্ৰীফল দিয়া হয়।
আমাৰ হিন্দু সমাজত এই পৰম্পৰা বহু যুগৰপৰা আজিলৈকে নিয়মিতভাৱে চলি আহিছে যে-কোনো শুভ কায্যত বা ৰীতি নীতিত শ্ৰীফল বিতৰণ কৰা হয়।যেতিয়া বিবাহ ঠিক হয়-তেতিয়াও শ্ৰীফল দিয়া হয়।
কন্যাক বিদায় দিয়া সময়ত-কন্যাৰ দেউতাকৰ দ্বাৰা-নিজৰ পুত্ৰীক ধনৰ লগতে শ্ৰীফল দিয়া হয়।অন্তিম সৎকাৰৰ কায্যটো চিতাৰ লগত নাৰিকল দিয়া হয়।ধাৰ্মিক অনুষ্ঠানৰ কৰ্মকাণ্ডত শুকান নাৰিকলৰ লগত হোম কৰা হয়।
শ্ৰীফল কেলৰি দ্বাৰা ভৰপূৰ হয়।শ্ৰীফলত বহুতো পোষক তত্ব বিদ্যামান হয়।শ্ৰীফলৰ বৃক্ষৰ গাৰ পৰা যি ৰস ওলাই-তাক নীৰা কোৱা হয়।
শুক্ৰবাৰৰ মহালক্ষ্মীৰ পূজাত-মন্দিৰত নাৰিকল ৰাখিব লাগে।তথা ৰাত্ৰিৰ সময়ত সেই নাৰিকলক-নিজৰ ধন ৰখা ঠাইত থব লাগে।পাছদিনা পুৱা সেই নাৰিকলক উলিয়াই-শ্ৰী গণেশৰ মন্দিৰত অৰ্পণ কৰিব লাগে।এনে কৰিলে ব্যক্তিৰ ধনৰ লগত সম্বন্ধিত সকলো সমস্যা সমাধান হয় আৰু মাতা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত থাকিব।
একাক্ষী নাৰিকলৰ সম্বন্ধে কোৱা হয় যে-এই নাৰিকল বহু দুৰ্লভ নাৰিকল হয়।বহু জটা নাৰিকলত দুটা বা তিনিটা চিদ্ৰ দেখা পোৱা যায়।কিন্তু একাক্ষী নাৰিকলত কেৱল মাত্ৰ এটাই চিদ্ৰ থাকে।
একাক্ষী নাৰিকলৰ বিষয়ে কোৱা হয় যে-এই নাৰিকল বহু চমৎকাৰী হয়।এই নাৰিকলক ঘৰত ৰাখিলে মহালক্ষ্মীৰ প্ৰাপ্তি হয় তথা ব্যক্তিয়ে কোনো দিনে ধনৰ লগত সমন্ধিত সমস্যাৰ সন্মুখীন হবলগীয়া নহয়।
নাৰিকল বাহিৰৰ পৰা টান হয় কিন্তু ভিতৰৰ ফালে কোমল হয়।অন্তত:আমি নাৰিকলৰ পৰা এই শিক্ষা লব লাগে যে-নাৰিকলৰ দৰে বাহিৰৰ পৰা কঠোৰ হলেও-ভিতৰৰ ফালৰ পৰা কোমল হব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment