বেলপাতক ভুলতো এই দিনকেইটাত চিঙিব নালাগে অন্যথা বিপদত পৰিব পাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 8, 2022

বেলপাতক ভুলতো এই দিনকেইটাত চিঙিব নালাগে অন্যথা বিপদত পৰিব পাৰে : Religious Studies

Religious Studies


শিৱ পুৰাণ অনুসাৰে-বেলপাত মহাদেৱৰ প্ৰতীক হয়।বেলগছৰ গুড়িত শিৱলিংগ নিৰ্মিত কৰি ভগৱান শিৱৰ আৰাধনা কৰিলে-পৰিয়ালৰ ওপৰত কোনো সংকট নাহে আৰু সপৰিয়ালে সুখী আৰু সন্তষ্ট হৈ থাকে। ( Religious Studies )


*পায়সৰ ভোগ দিলে-পৰিয়ালত ধনৰ অভাৱ নহয়।


*বেলপাতৰ প্ৰকাৰ-

অখণ্ড বেল পাত,তিনিখিলা পাতৰ বেলপাত,ছয়ৰ পৰা-২১খিলা বেলপাত আৰু ক্ষেত্ৰ বেলপাত।


*বেলাষ্টক-

অখণ্ড বেলপাত,

নন্দকেশ্বৰ সিদ্ধাৰ্থ লক্ষ্মী।এয়া নিজতে লক্ষ্মী সিদ্ধ হয়।একমুখী ৰুদ্ৰাক্ষৰ সমানে বিশেষ মহত্ব আছে।


*বাস্তু দোষৰ নিবাৰক হয় বেলপাত-


*বেলপাতৰ নৃত্য পূজন কৰিলে-ব্যৱসায়ত বিকাশ হয়।


*অমাৱশ্যা,সংক্ৰান্তি সময়ত,চতুৰ্থী,অষ্টমী,নৱমী আৰু চতুদৰ্শী তিথি তথা সোমবাৰৰ দিনা-বেলপাত চিঙিব নালাগে। ( Religious Studies )


*বেলপাত চিঙাৰ মন্ত্ৰ-


*অমৃতদেৱ শ্ৰীবৃক্ষ মহাদেৱ প্ৰিয় সদাঃ


"গৃহামি তব পত্ৰাণি শিৱ পূজাৰ্থমাদৰাত"।


*এই মন্ত্ৰৰ অৰ্থ এয়া যে-অমৃতৰপৰা উৎপন্ন সৌন্দয্য,ঐশ্বয্যপূৰ্ণ বৃক্ষ মহাদেৱৰ সদায়ে প্ৰিয় হয়।মহাদেৱৰ পূজাৰ বাবে-হে বৃক্ষ মই তোমাৰ পাত চিঙিছো।


*বেলপাতক কেতিয়াও ডালৰ সৈতে চিঙিব নালাগে।


*মহাদেৱক অৰ্পণ কৰাৰ সময়ত তিনিখিলা পাতৰ বেলপাতক ডালৰ পৰা চিঙি ভগৱান শিৱক অৰ্পণ কৰিব লাগে।


*বেলপাতক ধুই বহুবাৰ পূজাত প্ৰয়োগ কৰিব পাৰি।বেলপাত বাসী নহয়।বেলপাত অশুদ্ধ নহয়।বেলপাত এবাৰ প্ৰয়োগ কৰাৰ পাছত দ্বিতীয় বাৰ ধুই প্ৰয়োগ কৰাৰ কথা স্কন্ধ পুৰাণত বিধান আছে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

1 comment:

Advertisement

Pages