পৌৰাণিক প্ৰচলিত শ্ৰী গণেশৰ কথাৰে-এবাৰ দেৱতাসকল বহু বিবাদৰে আৱৰি আছিল।তেতিয়া দেৱতাসকলে সহায় বিছাৰি ভগৱান শিৱৰ ওচৰলৈ গল। ( Religious Studies )
সেই সময়ত মহাদেৱৰ লগত ভগৱান কাৰ্তিক আৰু ভগৱান শী গণেশ বহি আছিল।দেৱতাসকলৰ কথা শুনি মহাদেৱে কাৰ্তিক আৰু গণেশক সুধিলে যে-তোমালোক দুয়োৰে মাজত কোনে দেৱতাসকলৰ কষ্ট নিবাৰন কৰিব পাৰিবা!তেতিয়া আৰু গণেশ-দুয়োয়ে এই কায্যৰ বাবে নিজকে সক্ষম বুলিলে।
তেতিয়া মহাদেৱে-
কাৰ্তিক আৰু গণেশৰ পৰীক্ষা লোৱা সেতুকে কলে যে-তোমালোক দুয়োৰে মাজত-যিয়ে পৃথিৱীৰ পৰিক্ৰমা কৰি আহিব-তেওঁৱে দেৱতাসকলৰ সহায় কৰিবলৈ যাব।
ভগৱান শিৱৰ পৰা এই কথা শুনিয়েই-কাৰ্তিকে নিজৰ বাহন ময়ূৰত বহি পৃথিৱীৰ পৰিক্ৰমা কৰিবলৈ উলাই গল।কিন্তু গণেশে ভাৱিবলৈ ধৰিলে যে-তেওঁ নিগনিত বহি-সম্পূৰ্ণ পৃথিৱীৰ ভ্ৰমণ কৰিবলৈ গলে-এই কায্যত তেওঁৰ বহু সময় লাগিব। ( Religious Studies )
তেতিয়া ভগৱান গণেশে এটা উপায় বিচাৰি পালে।গণেশে নিজৰ স্থানৰ পৰা উঠিল?আৰু নিজৰ মাতা-পিতাৰ ৭বাৰ পৰিক্ৰমা কৰি-পুনৰ নিজৰ স্থানত বহিল।পৰিক্ৰমা কৰি ঘূৰি অহাৰ পাছত কাৰ্তিকে নিজকে বিজয়ী বুলি ঘোষণা কৰিলে।তেতিয়া মহাদেৱে-গণেশক পৃথিৱীৰ পৰিক্ৰমা নকৰাৰ কাৰণ সুধিলে?
তেতিয়া গণেশে কলে-মাতা পিতাৰ চৰণতে সমস্ত লোক আছে।গণেশৰ এই কথা শুনি মহাদেৱে গণেশক-দেৱতাসকলৰ সংকট দূৰ কৰিবলৈ আজ্ঞা দিলে।এইদৰে ভগৱান শিৱই গণেশক আৰ্শীবাদ দিলে যে-চতুৰ্থী দিনা যিয়ে তোমাৰ পূজা কৰিব-আৰু নিশা চন্দ্ৰমাক অৰ্ঘ দিব,তেওঁৰ তিনিও তাপ-অৰ্থাৎ দৈহিক তাপ,দৈৱিক তাপ তথা ভৌতিক তাপ দূৰ হব।
এই ব্ৰতক কৰিলে ব্ৰতধাৰীৰ সকলো দুখ দূৰ হব আৰু তেওঁ জীৱনত ভৌতিক সুখ প্ৰাপ্ত হব।চাৰিওফালৰ পৰা মনুষ্যৰ সুখ-সমৃদ্ধি বাঢ়িব।পুত্ৰ-পুত্ৰাদি,ধন-ঐশ্বয্যৰ-কম নহব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment