ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিবলৈ-কৰিব লাগে এওঁৰ নামৰ জপ। শাস্ত্ৰ অনুসাৰে ৰাধা ৰাণীৰ জপ কৰিলে-ভগৱান শ্ৰী কৃষ্ণ অতি শীঘ্ৰে প্ৰসন্ন হয়। ( Religious Studies )
*হিন্দু পৌৰাণিক শাস্ত্ৰ অনুসাৰে ৰাধা ৰাণীৰ নাম জপ কৰিলে ভগৱান শ্ৰী কৃষ্ণ বা বিহাৰী অতি শীঘ্ৰে প্ৰসন্ন হয়।শ্ৰী কৃষ্ণ প্ৰসন্ন হোৱাৰ পাছত-কোনোজন ব্যক্তিৰ বাবে-সুখ-সমৃদ্ধিৰ সকলো দুৱাৰ মুকলি হয় যায়।শ্ৰী কৃষ্ণ আৰু ৰাধা নিজৰ নিস্বাৰ্থ প্ৰেমৰ বাবে-সঁচা প্ৰেমৰ প্ৰতীক মনা হয়।
*এই সম্বন্ধে এটি প্ৰচলিত কথা অনুসাৰে-
*দেৱৰ্ষি নাৰদে ৰাধাৰ মহিমা আৰু খ্যাতি দেখি-তেওঁক ইৰ্ষা কৰিবলৈ ধৰিলে।এই ইৰ্ষাৰ দ্বাৰা-দেৱৰ্ষি নাৰদে-শ্ৰী কৃষ্ণৰ দ্বাৰা-ৰাধাৰ মহত্বক জানিবলৈ তেওঁৰ ওচৰলৈ গল।যেতিয়া দেৱৰ্ষি নাৰদ শ্ৰী কৃষ্ণৰ ওচৰ পালেগৈ-তেতিয়া শ্ৰী কৃষ্ণই দেৱৰ্ষি নাৰদক কলে যে-মোৰ মূৰটো বিষাইছে!
*শ্ৰী কৃষ্ণৰ কথা শুনি দেৱৰ্ষি নাৰদে কলে-প্ৰভূ আপুনিয়ে কওক-মই এতিয়া কি উচিত!যাৰ দ্বাৰা আপোনাৰ মূৰৰ বিষ কমিব!
*শ্ৰী কৃষ্ণই কলে-আপুনি মোৰ কোনো ভক্তৰ চৰণমৃত আনি মোক খুৱাই দিয়ক।সেই চৰণমৃতৰ দ্বাৰা মই শান্তি পাম। ( Religious Studies )
*তেতিয়া দেৱৰ্ষি নাৰদ চিন্তিত হলে যে-প্ৰভূৰ ভক্ত টো মইও হওঁ।কিন্তু মোৰ চৰণৰ জল প্ৰভূ শ্ৰী কৃষ্ণক কি দৰে খুৱাম?এনে কৰাটো মহাপাপ হব।আৰু নিশ্চিত এনে কৰিলে মই নৰকলৈ যাব লাগিব।এই কথা ভাৱি ভালি-দেৱৰ্ষি নাৰদ দেৱী ৰুক্মিণীৰ ওচৰ পালেগৈ। আৰু শ্ৰী কৃষ্ণৰ বেদনাৰ কথা কলে।দেৱী ৰুক্মিণীয়েও দেৱৰ্ষি নাৰদৰ কথাত সমৰ্থন কৰিলে-আৰু কলে যে-প্ৰভূক নিজৰ চৰণৰ জল দিয়াটো মহাপাপ হয়।
*তেতিয়া দেৱৰ্ষি নাৰদে ভাবিলে-ৰাধাও শ্ৰী কৃষ্ণৰ ভক্ত হয়।ৰাধাকে প্ৰভূৰ কষ্ট দূৰ কৰাৰ কথা কব লাগিব।দেৱৰ্ষি নাৰদ ৰাধাৰ কাষ পালেগৈ আৰু ৰাধাক শ্ৰী কৃষ্ণৰ মূৰৰ বিষৰ কথা আৰু সেই বিষ দূৰ কৰিবলৈ তেওঁৰ ভক্তৰ চৰণমৃতৰ কথা বিৱৰি কলে।
*দেৱৰ্ষি নাৰদৰ কথা শুনি-তৎক্ষণাৎ এটা পাত্ৰত জল লৈ-তাতে নিজৰ ভৰি ভৰাই-সেই পাত্ৰ দেৱৰ্ষি নাৰদক দি কলে-মই ভালদৰে জানো-এনে জল শ্ৰী কৃষ্ণক খাবলৈ দিয়াটো বহুত ডাঙৰ পাপ হয়।আৰু ইয়াৰ দ্বাৰা মই অৱশ্যে নৰকৰ যাতনা ভূগিব লাগিব।কিন্তু মোৰ প্ৰিয়তমৰ কষ্ট দূৰ কৰিবলৈ-মই সকলোৱে কৰিব পাৰোঁ।নৰকৰ যাতনা ভূগিবলগীয়া থাকিলে-তেতিয়াও মই আনন্দিত হম।
*ৰাধাৰ কথা শুনি দেৱৰ্ষি নাৰদৰ চকু খুল খালে যে-দেৱী ৰাধা পৰম পূজনীয় হয়।দেৱী ৰাধা প্ৰভূ শ্ৰী কৃষ্ণৰ সকলোতকৈ ডাঙৰ ভক্ত হয়।সেইবাবে ভগৱান শ্ৰী কৃষ্ণ-ৰাধে ৰাধে নামৰ দ্বাৰা শীঘ্ৰে প্ৰসন্ন হয়।তেতিয়া দেৱৰ্ষি নাৰদেও ৰাধে ৰাধে জপ কৰিবলৈ ধৰিলে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment